চকুৰ মণিৰ কনজাংটিভা নামৰ চিলচিলয়া আৱৰণিখনৰ তলত চকুৰ বগা মণিটোত কেতিয়াবা এচমকাকৈ তেজ ওলোৱা দেখা যায়। কনজাংটিভাত থকা ৰক্তবাহী নলিকা ফাটি এনেধৰণে চকুৰ মণিত তেজ জমা হয়। এইটো এটা দেখিবলৈ ভয় লগা কিন্তু নিমাখিত অসুখ। ইয়াৰ ফলত চকুটো ৰঙা দেখাৰ বাহিৰে দৃষ্টিশক্তিৰ অসুবিধা তথা বিষ, খচখচনি, পানী বা ফেচকুৰি ওলোৱা ইত্যাদি একো নহয়। কনজাংটিভাত থকা ৰক্তবাহী নলীবোৰ অতিশয় পাতল। সহজতে এইবোৰ ফাটি যাব পাৰে। চকুত সামান্য আঘাত লাগিলে, হাঁচিয়ালে, জোৰকৈ কাহিলে এই ৰক্তপাত হ’ব পাৰে। কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ এনেকৈ তেজ জমা হ’ব পাৰে। হোপিং কাহ নামৰ এবিধ অসুখত শিশুটোৱে লেথাৰি নিছিগাকৈ কাহি থকা দেখা যায়। এনেকৈ কাহি থাকিলে এনেধৰণৰ তেজ জমা হোৱা অসুখ দেখা পোৱা যায়। কিছুমান মানুহৰ তেজ গোট মৰা প্ৰণালীটো ক্ৰুটীপূৰ্ণ হয় কাৰণে এনে ৰক্তপাত সঘনাই হ’ব পাৰে। কেতিয়াবা ভাইৰাছৰ পৰা হোৱা কনজাংটিভাইটিছতো Sub Conjunctiva Haemorrhage হোৱা দেখা যায়। এই ক্ষেত্ৰত অৱশ্যে চকু খচখচেৱা, পানী ফেচকুৰি ওলোৱা ঘটনা ঘটে।
এনেধৰণৰ চকু ৰঙা পৰা কোনোধৰণৰ চিকিৎসাৰ প্ৰয়োজন নহয়। দুই তিনি সপ্তাহৰ পাছত নিজে নিজেই ভাল হৈ যায়। কেতিয়াবা ৰোগীজনে আইনাত নিজৰ মুখখন নাচালে বা কোনোবাই কৈ নিদিলে এনেদৰে চকু ৰঙা পৰা হোৱাটো গমেই নাপায়।
লিখক: ডাঃ নাৰায়ণ বৰদলৈ
শেহতীয়া উন্নীতকৰণ: : 4/22/2020