আজি আমি এটি সঘনাই দেখা পোৱা ৰোগৰ বিষয়ে আলোচনা কৰিম৷ আপোনালোকৰ বহুতৰ হয়তো এই ৰোগৰ অভিজ্ঞতা হৈছে৷চকুৰ অসুখ কনজাংটিভাইটিচে এটা সময়ত অসমত ব্যাপক ৰূপ ধৰিছিল৷ আমাৰ প্ৰদেশত গোটেই বছৰ জুৰি চেগাচোৰোকাকৈ এই ৰোগ ক'ৰবাত নহয় ক'ৰবাত চলি থাকে৷এই ৰোগ বাংলাদেশৰ পৰা সোঁচৰি অসম পাইছিলহি বাবে ৰাইজৰ মাজত এই ৰোগৰ প্ৰচলিত নাম হৈ পৰিছিল-'জয় বাংলা'৷এই নামটো এতিয়াও জনপ্ৰিয় হৈ আছে৷একেদৰে চেন্নাইৰ নাম মাদ্ৰাজ চলি থকা সময়তে সেই অঞ্চলৰ চকুৰ আঞ্চলিক চিকিৎসালয়ৰ অধীক্ষক ডা০ ক্ৰিক পেট্ৰিকে এবিধ ভাইৰাচে (এডিনো ভাইৰাচ) চকুৰ অসুখ কনজাংটিভাইটিচ কৰে বুলি ধৰা পেলাইছিল বাবে এই ৰোগৰ আন এটা নাম 'মাদ্ৰাজ আই' প্ৰচলন হৈছিল৷
(১) চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ
(২) এলাৰ্জিজনিত
(৩) চকুত ৰাসায়নিক দ্ৰব্যৰ প্ৰতিক্ৰিয়াৰ ফলত
(৪) নৱজাতকৰ (জন্মৰ পৰা ২৮দিনলৈ) চকুৰ অসুখ
চকু ৰঙা পৰা, অতিমাত্ৰা চকুৰ পানী ওলোৱা, চকু খচ-খচোৱা,পূৰণি বা বিষ অনুভৱ হোৱা, চকুৰ বগা অংশ আৰু বাদু ফুলি উঠা, চকুৱে পোহৰৰ তীব্ৰতা সহ্য কৰিবলৈ টান পোৱা আদি৷
সাধাৰণতে চকুৰ দৃষ্টিশক্তিত একো প্ৰভাৱ নপৰে৷চকুত ভাইৰাচ নাইবা বেক্টেৰিয়াৰ সংক্ৰমণ হ’লে পোনতে এটা চকুত ৰোগ আৰম্ভ হয় আৰু ৩৷৪দিনত আনটো চকুলৈ বিয়পে৷ভাইৰাচৰ সংক্ৰমণ হ’লে সাধাৰণতে পানীলগা, চৰ্দি,ডিঙি-কাণৰ বিষ নাইবা চাইনাচৰ অসুখ লগত প্ৰায় দেখা যায়৷বেক্টেৰিয়াৰ সংক্ৰমণ হলে চকু ৰঙা পৰাৰ তীব্ৰতা আৰু ফুলি উঠাটো বেচি হয়৷ তদুপৰি বগা-হালধীয়া পূঁজ জাতীয় দ্ৰব্য নিৰ্গত হয়৷চকুৰ ফেচকুৰি বা আঠা জাতীয় দ্ৰব্যই পুৱা চকুৰ পতা দুটা জাপ খোৱাই ৰাখিব পাৰে৷ সাধাৰণতে চকুত ষ্টেফাইলোকক্কাই আৰু ষ্ট্ৰেপ্টকক্কাই বেক্টেৰিয়াৰ সংক্ৰমণ হোৱা দেখা যায়৷আন আন কিছুমান কনজাংটিভাইটিচ কৰা বেক্টেৰিয়া হ'ল- চালমাইডিয়া ট্ৰেকমেটিচ, নাইচেৰিয়া গনকক্কাচ, বিটা-হিমলাইটিক ষ্ট্ৰেপ্টকক্কাচ, কৰ্ণিবেক্টেৰিয়াম ডিপথেৰিয়া আদি৷
এলাৰ্জিজনিত কনজাংটিভাইটিচ সোঁচৰা নহয়৷লক্ষণ অনুসৰি চিকিৎসা কৰিলে সোণকালে আৰোগ্য হয়৷সাধাৰণতে ৰোগীক এন্টিএলাৰ্জিক আৰু নন-ষ্টেৰই'ডেল এনালজেচিক ঔষধ খাবলৈ দিয়া হয়৷
কনজাংটিভাইটিচ কৰা ৰাসায়নিক দ্ৰব্যসমূহৰ ভিতৰত চকুত এলকেলি বা এচিড পৰাটো বিপদজনক৷
লিটমাচ পেপাৰ এখনৰ সহায়ত অনায়াসে এলকেলি আৰু এচিডক চিনাক্ত কৰিব পাৰি৷এলকেলি বেচি অপকাৰী, ই স্কাৰ কৰিব পাৰে আৰু চকুৰ ভিতৰৰো ক্ষতি সাধিব পাৰে৷গতিকে ইয়াৰ তৎকালিন উপযুক্ত চিৎকিসা কৰাটো জৰুৰী৷
কনজাংটিভাইটিচ কৰা আন ৰাসায়নিক পদাৰ্থসমূহ হ'ল- শ্বেম্পু,হেয়াৰ ডাই, চাবন, পানীত থকা ক্লৰিন, ৰাস্তা-কল-কাৰখানাৰ ধূলি-ধোঁৱা আদি৷
মাতৃৰ গন'ৰিয়া বা আন যৌনব্যাধি থাকিলে সন্তান সহজে কনজাংটিভাইটিচত আক্ৰান্ত হয়৷উপযুক্ত এন্টিবায়টিকৰ সহায়ত চিকিৎসা কৰি নৱজাতকক আৰোগ্য কৰাৰ অতীৱ প্ৰয়োজন,অন্যথা দৃষ্টিশক্তিৰ ক্ষতিসাধন হ’ব পাৰে৷আকৌ কেতিয়াবা নৱজাতকৰ চকুৰ পানী নাকলৈ বৈ যোৱা নলীডাল (লেক্ৰিমেল ডাক্ট ) সাময়িকভাবে বন্ধ হৈ থাকিলেও কনজাংটিভাইটিচ হ’ব পাৰে৷
ৰোগ চিনাক্তকৰণ জটিল নহয়৷কেতিয়াবা চকুৰ পানী বা দ্ৰব্যৰ কালচাৰ কৰি জীৱানু চিনাক্ত কৰা হয়৷
ভাইৰাচৰ সংক্ৰমণত এচাইক্লভিৰ বা আনএন্টিভাইৰেল ঔষধ প্ৰয়োগ কৰা হয়৷ বেক্টেৰিয়াৰ সংক্ৰমণত উপযুক্ত এন্টিবায়টিক ব্যৱহৃত হয়৷গনোৰিয়াই কৰা কনজাংটিভাইটিচত চেফট্ৰিয়াস্কন এন্টিবায়টিক বেজীৰে সাধাৰণতে চিকিৎসা আৰম্ভ কৰা হয়৷বেক্টেৰিয়াই কৰা কনজাংটিভাইটিচৰ চকুত দিবলৈ সচৰাচৰ ব্যৱহাৰ কৰা এন্টিবাটিক মলম আৰু ড্ৰপ কিছুমানৰ নাম হ'ল - অ'ফ্লস্কেচিন,চিপ্ৰফ্লস্কেচিন,নৰফ্লস্কেচিন, টেৰামাইচিন, ক্লোৰেমফেনিকল,জেন্টামাইচিন, টব্ৰামাইচিন,নিয়োমাইচিন আদি৷
লিখকৰ পৰিচয়
ডা০ ভূপেন শইকীয়া
বৰ্তমান কাটাৰৰ স্বাস্থ্য বিভাগত 'মেডিচিনৰ বিশেষজ্ঞ' হিচাপে ৰাজধানী চহৰ ডোহাত কৰ্মৰত৷
শেহতীয়া উন্নীতকৰণ: : 6/25/2020