লোকবিশ্বাস-১: চকুৰ চানি পৰা ৰোগ চকুৰ ওপৰ ভাগতহে হয়।
সত্যতা: চকুৰ চানি পৰা ৰোগ চকুৰ আৱৰণৰ অস্পষ্টতাৰ কাৰণে হয়। এই আৱৰণখন চকুৰ ভিতৰ ভাগত থাকে, উপৰিভাগত নহয়। চকুৰ এই প্ৰাকৃতিক আৱৰণখন পানী আৰু মাংসসাৰ আঁহেৰে এনেদৰে তৈয়াৰ হয় যাতে আৱৰণখন স্বচ্চ হয় আৰু ইয়াৰ মাজেৰে পোহৰ সহজে পাৰ হৈ যাব পাৰে। বয়স বাঢ়ি যোৱাৰ লগে লগে মাংসসাৰৰ আঁহবোৰ এই আৱৰণখনৰ এঠাইত ঠুপ খায় পৰে আৰু এটা সৰু অংশ অস্পষ্ট কৰি পেলায়। সময় যোৱাৰ লগে লগে অস্পষ্টতা বৃদ্ধি পায় আৰু চকুৰে নেদেখা হৈ পৰে।
লোকবিশ্বাস-২: চকুৰ চানি পৰা ৰোগ তীক্ষ্ণ আলোক ৰশ্মিৰ সহায়েৰে আঁতৰ কৰিব পাৰি।
সত্যতা: চকুৰ চানি চকুৰ ওপৰ ভাগত পৰে বুলি ভুল ধাৰণাৰ কাৰণে বহুলোকে ভাৱে যে এই ৰোগ তীক্ষ্ণ আলোক ৰশ্মিৰ সহায়েৰে আঁতৰ কৰিব পাৰি। প্ৰকৃততে এইটো সত্য নহয় কাৰণ ভিতৰ ভাগৰ আৱৰণখনহে অস্পষ্ট হয়। ফেক’ ফ্ৰৱ (Phaco frobe)নামৰ যন্ত্ৰৰ সহায়ত অস্ত্ৰোপচাৰ কৰি চকুৰ এই আৱৰণ ভাঙি আঁতৰ কৰা হয়। প্ৰাকৃতিক আৱৰণ আঁতৰ কৰি তাত কৃত্ৰিম আৱৰণ স্থাপন কৰা হয়, যাক কোৱা হয় আইঅএল(IOL) ।
লোকবিশ্বাস-৩: চকুৰ চানি পৰা পুনৰ হ’ব পাৰে।
সত্যতা: সেইটো সত্য নহয়, কেতিয়াবা চকুৰ চানি পৰা ৰোগীৰ অস্ত্ৰোপচাৰৰ এমাহ বা এবছৰৰ পিছত পৃথক ধৰণৰ গৌণভাৱে চকুৰ চানি পৰা ৰোগ হ’ব পাৰে। সাধাৰণতে নতুন কৃত্ৰিম আৱৰণখন ধৰি ৰখা ছালখন অস্পষ্ট হৈ পৰিলে এনে হয়। এই সমস্যাটো বৃদ্ধি পালে চকুৰ স্পষ্টতা কমি আহে। তীক্ষ্ণ আলোক ৰশ্মিৰ সহায়েৰে সহজতে এই ৰোগ আৰোগ্য কৰিব পাৰি। এই পদ্ধতিত চকু চিকিৎসকে ছালখনত সৰু ফুটা কৰি আৱৰণখনত পোহৰ সোমাব পৰাৰ ব্যৱস্থা কৰি দিয়ে। অতি কম সময়তে কোনো বেদনা নোহোৱাকৈ ১৫ মিনিটতকৈ কম সময়ৰ ভিতৰত চিকিৎসকৰ কোঠাতে এই কাৰ্য্য সম্পন্ন কৰিব পাৰি।
লোকবিশ্বাস-৪: চকুত চানি পৰা পূৰঠ হ’লেহে আঁতৰাব লাগে
সত্যতা: আগৰ দিনত চকুৰ চানি পৰাতো পুৰণি হ’লেহে ইয়াক আঁতৰ কৰা ব্যৱস্থা কৰিছিল। কিন্তু এতিয়া আধুনিক চিকিৎসা পদ্ধতিত চকুৰ চানি পৰা পূৰঠ হোৱালৈ ৰৈ থাকিব নেলাগে। চানি পৰা ৰোগৰ বাবে যেতিয়াই দেখা পোৱাত অসুবিধা হয়, তেতিয়াই অস্ত্ৰোপচাৰ কৰি দৃষ্টিশক্তি স্পষ্ট আৰু জীৱনৰ মানদণ্ড বজাই ৰাখিব পাৰি।
লোকবিশ্বাস-৫: কেৱল বৃদ্ধসকলৰহে চকুৰ চানি পৰা ৰোগ হয়
সত্যতা: চকুৰ চানি পৰা ৰোগ সাধাৰণতে ৬৫ বছৰৰ অধিক বয়সৰ লোকৰ হোৱা দেখা যায়, তথাপিও কম বয়সৰ লোকৰো এই বেমাৰে দেখা দিব পাৰে। বিভিন্ন ৰোগ যেনে মধুমেহ, কিছুমান ঔষধ ব্যৱহাৰ কৰা আৰু আন চকুৰ সমস্যাৰ ফলতো এই ৰোগ হ’ব পাৰে। কিছুক্ষেত্ৰত জন্মৰ সময়তে এই বেমাৰ হ’ব পাৰে, এইবোৰক জন্মগত চকুৰ চানি পৰা বেমাৰ বুলি কোৱা হয়।
লোকবিশ্বাস-৬: কেটেৰেক্ট বা চানি পৰাৰ অস্ত্ৰোপচাৰ ভয়ানক
সত্যতা: কেটেৰেক্ট বা চানি পৰা অস্ত্ৰোপচাৰ আটাইতকৈ সহজ, সঠিক আৰু ইয়াৰ সফলতাৰ হাৰ শতকৰা ৯৫ শতাংশ। তথাপিও অস্ত্ৰোপচাৰৰ আশংকাসমূহৰ বিষয়ে আগতেই চিকিৎসকৰ লগত আলোচনা কৰি ল’ব লাগে।
লোকবিশ্বাস-৭: কেটেৰেক্ট বা চানি পৰা অস্ত্ৰোপচাৰৰ পিছত আৰোগ্য হ’বলৈ কেইবা মাহো আৱশ্যক হয়।
সত্যতা: বহুক্ষেত্ৰত অস্ত্ৰোপচাৰৰ পাছত কিছুমান ৰোগীয়ে তাৎক্ষণিকভাৱে দৃষ্টিশক্তিৰ পাৰ্থক্য প্ৰত্যক্ষ কৰে। কিছুমানে ভালকৈ চকুৰে দেখা পাবলৈ কেইমাহমান সময়ৰ আৱশ্যক হয়। ৩ সপ্তাহলৈ তললৈ হাওলা বা বেঁকা হোৱা আৰু ওজন থকা সামগ্ৰী দাঙিব নালাগে আৰু চকু মোহাৰিব বা চকুত হেঁচা দিব নালাগে। এইবিলাকৰ উপৰিও অস্ত্ৰোপচাৰৰ পাছত চকুৰ পটী আঁতৰোৱাৰ লগে লগে সাধাৰণ কাম-কাজ আৰম্ভ কৰিব পাৰি।
লোকবিশ্বাস-৮: কেটেৰেক্ট বা চানি পৰা অস্ত্ৰোপচাৰৰ পাছত চছমাৰ আৱশ্যক নহয়।
সত্যতা: অস্ত্ৰোপচাৰৰ পাছত চছমাৰ আৱশ্যক হ’বনে নহয়, সেইটো চকুত লগোৱা কৃত্ৰিম প্লাষ্টিকৰ আৱৰণৰ ধৰণৰ ওপৰত নিৰ্ভৰ কৰে। এককেন্দ্ৰিক আৱৰণ লগালে বহুৰোগীক ওচৰৰ আৰু একেবাৰে কম দূৰত্বত পঢ়া-শুনা বা কম্পিউটাৰৰ কাম কৰিবৰ বাবে চছমাৰ প্ৰয়োজন হয়। বহুতে বহুকেন্দ্ৰিক (Multifocal) আৱৰণ পচন্দ কৰে কাৰণ এনে আৱৰণ লগালে চছমাৰ প্ৰয়োজন নহয়। কোনো এজন ব্যক্তিবিশেষৰ বাবে বহুকেন্দ্ৰিক আৱৰণ উপযুক্ত হয় নেকি সেই কথা অস্ত্ৰোপচাৰৰ আগতে চিকিৎসকৰ লগত আলোচনা কৰি ল’ব লাগে।
লোকবিশ্বাস-৯: কেটেৰেক্ট বা চানি পৰা ৰোগ এটা চকুৰ পৰা আনটোলৈ বিয়পিব পাৰে।
সত্যতা: কেটেৰেক্ট এটা বা দুয়োটা চকুতে হ'ব পাৰে কিন্তু ই এটা চকুৰ পৰা আনটো চকুলৈ বিয়পি নাযায়।
লোকবিশ্বাস-৯: কেটেৰেক্ট বা চানি পৰা ৰোগ বেছিকৈ পঢ়া বা চিলাই কৰা জাতীয় ওচৰৰ পৰা কৰা কামত ব্যস্ত থাকিলে অধিক অৱনতি হয়।
সত্যতা: বেছিকৈ পঢ়া বা চিলাই কৰা জাতীয় ওচৰৰ পৰা কৰা কামত ব্যস্ত থাকিলে চকুৰ চানি পৰা ৰোগ নহয় বা আগতে থকা ৰোগৰ অধিক অৱনতি নহয়। চকুৰ চানি পৰা ৰোগ চকুজুৰি কেনেকৈ ব্যৱহাৰ কৰিছে তাৰ ওপৰত নিৰ্ভৰ নকৰে। যেতিয়া কেটেৰেক্ট হয় তেতিয়া এনেবোৰ কাম কৰিবলৈ অধিক পোহৰৰ আৱশ্যক হয়। কাৰণ এইটোৱেই চকুত চানি পৰা ৰোগৰ এটা লক্ষণ।
লোকবিশ্বাস-১১: চকুৰ চানি পৰা ৰোগ হ’লে এইবোৰ নোহোৱা কৰি আগৰ অৱস্থালৈ ঘূৰাই অনাৰ পথ আছে।
সত্যতা: বয়স বৃদ্ধি হ’লে চকুত চানি পৰাটো আচলতে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া যিটোৰ পৰা আমি আঁতৰি থাকিব নোৱাৰো। সেয়েহে আমি চকুৰ চানি পৰা ৰোগ হোৱাটো পলম কৰিবলৈ বা ৰোধ কৰিবলৈ হ’লে আমাৰ জীৱন শৈলী সলনি কৰিব লাগিব।
ক’লা চছমা (অতি বেঙুনীয়া ৰশ্মিৰ ক আৰু খ ৰ পৰা ১০০ শতাংশ সুৰক্ষা প্ৰদান কৰা) ব্যৱহাৰ কৰিব লাগে, আৰু সূৰ্য্যৰ উজ্জ্বল ৰশ্মিৰ পৰা আঁতৰত থাকিব লাগে।
শেহতীয়া উন্নীতকৰণ: : 4/24/2020