এলাৰ্জি হ’ল কোনো ব্যক্তিৰ কোনো বস্তুৰ প্ৰতি থকা অস্বাভাৱিক সংবেদনশীলতা। কিছুমান ব্যক্তি কেতিয়াবা কিছুমান নিৰ্দিষ্ট বস্তুৰ সংস্পৰ্শলৈ আহিলে ব্যক্তিজনৰ শৰীৰত খজুৱতি হোৱা, ৰঙচুৱা হৈ ফুলি উঠা, নাকেৰে পানী ওলোৱা আদি নানা উপসৰ্গই দেখা দিয়ে। এই বস্তুবোৰ খোৱা বস্তু, ঔষধ, সুগন্ধি দ্ৰব্য, অন্যান্য বিজবিজোৱা বস্তু, ধূলি-বালি, কপাহ, ঘেঁহু, কাগজৰ ধূলি, ফুলৰ ৰেণু, পৰাগ, জন্তুৰ নোম, ভেঁকুৰ, কীট –পতংগ (যেনে-পঁইতাচোৰা), কীট-পতংগৰ বিষ, ঘাঁহ ধোঁৱা আৰু কিছুমান ৰাসায়নিক পদাৰ্থ হ’ব পাৰে।
আকৌ সংস্পৰ্শ প্ৰ্ত্যক্ষ স্পৰ্শ, শ্বাস-প্ৰশ্বাস বা বেজীৰে শৰীৰত সুমুৱাই লোৱা অথবা খাদ্য হিচাপে খাদ্যতন্ত্ৰত সুমুৱাই লোৱা ইত্যাদি যিকোনো ধৰণৰ হ’ব পাৰে। সাধাৰণ অৰ্থত এইবোৰৰ বাবে ওপৰত কোৱা ধৰণে যদি উপসৰ্গ হয়, তেন্তে আমি এলাৰ্জি বুলি কওঁ। দৰাচলতে এলাৰ্জি ইয়াতকৈয়ো বেছি ভয়াবহ হ’ব পাৰে। যদিও সাধাৰণতে দৈনন্দিন ব্যৱহৃত পদাৰ্থৰ সংস্পৰ্শলৈ আহিলে ব্যক্তি এজনৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পৰা ইমুন ব্যৱস্থাই কোনোধৰণৰ সমস্যাৰ সৃষ্টি নকৰে, তথাপি এলাৰ্জি হ’বলৈ হলে কিছুমান ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় যে কিছুমান নিৰ্দিষ্ট বস্তুৰ সংস্পৰ্শলৈ প্ৰথমবাৰৰ বাবে ব্যক্তিজন আহিলে ব্যক্তিজনৰ ইমুন ব্যৱস্থাই তেওঁৰ তেজত থকা B কোষবোৰ সক্ৰিয় কৰে। সক্ৰিয় B কোষবোৰে পদাৰ্থবিধৰ বিৰুদ্ধে নিৰ্দিষ্ট IgE নামৰ এণ্টিব’ডি তৈয়াৰ কৰে। এলাৰ্জি সোঁচৰা ৰোগ নহয়। এলৰ্জিজনিত ৰোগবোৰৰ ভিতৰত মুখ্য হ’ল-একজিমা, এলাৰ্জিক কনজাংটিভাইটিছ, এলাৰ্জিক এজমা, ফুড এলাৰ্জি আৰু এনাফাইলেক্সিছ ইত্যাদি।
লিখকঃ ডা: ধৰ্মকান্ত কুম্ভকাৰ
শেহতীয়া উন্নীতকৰণ: : 7/1/2020