তৰমুজ
তৰমুজ পিহি মুখত লগাব। যিসকলে মুখখনত খুব গৰম অনুভৱ কৰে, তেওঁলোকৰ বাবে তৰমুজ অতি উত্তম।
ডাব নাৰিকল
গৰমত মুখত ডাব নাৰিকলৰ পানী সানিলে ছালখন সতেজ আৰু মৃসণ হৈ পৰে।
বিলাহী
গৰমৰ দিনত একাংশ লোকৰ মুখত বা হাতত সৰু সৰু ফোঁহাৰ দৰে হয়। তেনে লোকে পকা অমিতাৰ লগত গাখীৰৰ পৰা উলিওৱা ক্ৰীম একেলগে মিহলাই ফোঁহাৰ ওপৰত লগাব। ১০-১৫ মিনিট পিচত ঠাণ্ডা পানীৰে ধুব।
তিয়ঁহ
সূৰ্যৰ ৰশ্মিত দেহৰ ছাল ক’লা পৰিলে তিয়ঁহ এটা কাটি ৰস উলিয়াই, সেই ৰস ফ্ৰিজত থৈ দিব। যেতিয়া ৰ’দৰ পৰা আহিব, সেই ৰস গোটেই মুখ, হাত, যি অংশত ৰ’দে পোৰে, তাত ১৫-২০ মিনিট লগাই ঠাণ্ডা পানীৰে ধুই দিব।
পকা অমিতা
পকা অমিতা ভালদৰে হাতেৰে পিহি মলমৰ দৰে কৰি গোটেই মুখত সানিব। সদায় পাৰিলে ভাল। দেখিব কেনেদৰে মুখৰ ৰং উজ্জ্বল হৈ পৰিছে।
আপেল
একাপ ঘৰত পতা দৈৰ লগত এটা আপেলৰ ৰস মিহলাই তাত পাঁচ টোপাল নেমুৰ ৰস মিহলাই ১৫ লগাব
লেখিকা: বৰ্ণালী ভট্টাচাৰ্য, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 1/15/2019
ঋতু বিশেষ ছালৰ যতন
গ্ৰীষ্মত ছাললৈ লৈ আনক সজীৱতা
কিছুমান সহজলভ্য ঔষধি গুণযুক্ত বনৌষধি
গ্ৰীষ্মকালত ছালৰ যত্ন কেনেকৈ ল’ব?