জীৱাণুৰ সংক্ৰমণ অবিহনে ছালত হোৱা এক প্ৰকাৰ প্ৰদাহ। ফলত ঘূৰণীয়া আকৃতিৰ চকলা-চকল ক্ষত দেখা দিয়ে। এইবোৰ এক প্ৰকাৰ চিক্মিকাই থকা ৰুপালী ছালৰে আবৰি থাকে। সাধাৰণতে মূৰৰ ছাল, পিঠি আৰু কান্ধৰ ফালেই বেছি হয়, অৱশ্যে শৰীৰৰ যিকোনো স্থানতেই হ’ব পাৰে। বহু ক্ষেত্ৰত বংশগত প্ৰৱণতা দেখিবলৈ পোৱা যায়। যেনে – জীৱাণুৰ সংক্ৰামণ, ছালত আঘাত বা ক্ষত, অত্যধিক সূৰ্যৰশ্মি, মানসিক দুঃচিন্তা।
আলকাতৰাৰ পৰা তৈয়াৰী ঔষধৰ মলম, ডাই থ্ৰানল (Dithranol) মলম, ষ্টেৰয়ড মলম আদি প্ৰয়োগ কৰা হয়। মুখেৰে খোৱা ঔষধৰ ভিতৰত চোৰালিন ৰেটিনয়েড আৰু মেথট্ৰেক্ৰেট ব্যৱহাৰ কৰা হয়।
আয়ুৰ্বেদিক চিকিৎসাত এই ৰোগটোক এক কুষ্ঠ (Ekakustha) কোৱা হয়।
পঞ্চতিক্ত ঘৃত গুগুল দুচামুচ মাত্ৰাত কুহুমীয়া গৰম পানী বা কুহুমীয়া গৰম গাখীৰৰ লগত দিনত দুবাৰকৈ খাবলৈ দিব লোআগে। এইবিধ ঘিয়ে হজম শক্তি বৃদ্ধি কৰে আৰু লিভাৰ সুস্থ ৰাখে। ইয়াৰ উপৰিও তেজ পৰিষ্কাৰ কৰি ৰাখে। মঞ্জিষ্ঠাদি ক্কাথ (Rubia Corifolia) ১ আউঞ্চ পৰিমাণত লৈ সম পৰিমাণ পানী মিহলাই খালে বহুত উপকাৰ পোৱা যায়। এইবিধ ক্কাথৰ লগত ৰক্তমানিক্য ২০০ এম. জি. এচ. (200 mgs.) দিনত দুবাৰকৈ মৌৰ লগত মিহলাই খাবলৈ দিব লাগে।
চোৰিয়াচিচ হোৱা স্থানবোৰত কষ্ঠ ৰাক্ষস তেল লগাব লাগে। এই তেল লগোৱাৰ পাছত কুহুমীয়া গৰম পানীৰে গা-ধুলে শৰীৰত লাগি থকা তেল আঁতৰি যায়। গ্ৰীণ গ্ৰাম পাউডাৰ (Green Gram Powder) চাবোনৰ সলনি ব্যৱহাৰ কৰিব।
চিকিৎসাৰ কাৰণে এবিধ বহুত লাভজনক ঔষধ আছে, তাৰ নাম হ’ল চন্দঁমাৰুত। এইবিধ ঔষধ ৬৫ মিলিগ্ৰাম পৰিমাণত দিনত দুবাৰকৈ খালী পেটত, শহদৰ লগত মিহলাই সেৱন কৰাবলৈ লাগিব। এই বিধ ঔষধিত বহুত ধৰণৰ বিষাক্ত দ্ৰব্য মিহলি হৈ থাকে, গতিকে ইয়াৰ সেৱন বহুত সাৱধানেৰে কৰা উচিত।
উৎস: স্বাস্থ্য চৰ্চা
শেহতীয়া উন্নীতকৰণ: : 10/7/2018