প্ৰাকৃতিক নিয়ম অনুযায়ী নখ স্বাভাৱিকভাৱে বাঢ়ে। কিন্তু এই নখ দীঘল কৰাৰ ইচ্ছা থাকিলেও বহুতৰে আকৌ সেই আশা পূৰ্ণ নহয়। দেখা যায় অধিকাংশ মানুহৰে নখ খুব ঠুনুকা। খুব সহজেই নখ ভাগে। আচলতে এই নখ ভগাটো এটা সাধাৰণ সমস্যা যদিও বহুতেই আকৌ এই সমস্যাক লৈ যথেষ্ট চিন্তিত হৈ পৰে। ৰ’ব চিন্তা নকৰিব। ঘৰতে কিছু যতন লৈ চাওকচোন। নখ ভগাৰ পৰা কিছু সকাহ পাব।
নখৰ সুন্দৰ গঢ়ৰ বাবে সপ্তাহত এবাৰকৈ হাতৰ নখৰ বাবে মেনিকিওৰ আৰু মাহেকত দুবাৰকৈ ভৰিৰ নখৰ বাবে পেডিকিওৰ কৰা একান্ত আৱশ্যক। ইয়াৰ বাহিৰেও সপ্তাহত এবাৰ তিনি চামুচ অলিভ অইল সামান্য গৰম কৰি হাতৰ পাবত আৰু হাত-ভৰিৰ আঙুলিত ভালদৰে ঘঁহি ২০ মিনিট ৰৈ ধুই পেলাব। এনে কৰিলে হাতৰ পাবৰ খৰখৰীয়া ভাব নাইকিয়া হৈ নখ বেছি ধৰণে চকচকীয়া আৰু টান হ’ব। প্ৰতিদিনে ‘হেণ্ড এণ্ড বডি’ লোচন অলিভ অইল, ক্ৰীম বা কিউটিকুল ছফ্নাৰ-এইকেইটাৰ যিকোনো এটি সামান্য পৰিমাণে নখত লগাই কপাহেৰে কিউটিকুল চেপি নখৰ গুৰিত সমানে লগাই দিব। এনে কৰিলে নখ বহুদিন ভালে থাকিব। নিৰ্দিষ্ট আকৃতিৰে নখ কটাৰ কাৰণে ব্লেড ব্যৱহাৰ নকৰাই ভাল। কাৰণ এনে কৰিলে নখ ভগাৰ সম্ভাৱনা থাকে। বহুতৰে আকৌ দাঁতেৰে নখ কামুৰি থকাটো এক অভ্যাস। এই অভ্যাস দূৰ কৰিব। নখ কটাৰ বাবে ‘নেইল কাটাৰ’ ব্যৱহাৰ কৰিব।
নখৰ কাৰণে খুব বেছি গৰম, ঠাণ্ডা, খাৰজাতীয় পদাৰ্থ বা অতিৰিক্ত পানী ক্ষতিকৰ। প্ৰতিদিনে দুবাৰকৈ কোমল গা ধোৱা চাবোন আৰু পানীৰে হাতৰ পৰা আঙুলি পৰ্য্যন্ত আৰু নখসহ ভৰিৰ পতা ধোৱা আৱশ্যক। ধোৱাৰ পিচত হাত আৰু ভৰি শুকান টাৱেল বা গামোচাৰে মচি ভালদৰে শুকাবলৈ দিব লাগে আৰু সামান্য ক্ৰীম বা লোচন অথবা গাত সনা তেল সানিব লাগে।
উৎস: সম্ভাৰ।
শেহতীয়া উন্নীতকৰণ: : 7/3/2020
নখ চাই ৰোগ নিৰ্ণয়
হাত-ভৰিৰ নখ স্বাস্থ্যসন্মত কৰি ৰখাৰ উপায়
নখৰ যতন
আকস্মিক দুৰ্ঘটনা