বছৰৰ প্ৰতিটো ঋতুতে কিছু ভাল কিছু বেয়া দিন থাকেই। কিন্তু এই জাৰৰ দিনকেইটাত ভৰিহালক লৈয়ে বেছি সমস্যা।
ছাল শুকান-নিৰস হৈ পৰা ভৰিহালৰ প্ৰধান সমস্যা। এই সময়ত সেয়ে মুখ মণ্ডলত মইশ্বাৰাইজাৰ, কলডক্ৰীম লগোৱাৰ দৰে ভৰিহাল দিনটোত দুবাৰকৈ কুহুমীয়া পানীৰে ধুই-মচি ভৰিত, গোৰোহা আৰু ভৰিৰ পতাত উইন্টাৰ কেয়াৰ লোচন, ভেচলিন আদি সানিব লাগে।
ভৰিৰ গোৰোহা ফটা
এনে সমস্যা আৰম্ভ হ’লেই প্ৰথমতে ভৰিহাল পৰিষ্কাৰকৈ ধুই, মচি সমান পৰিমাণৰ গ্লিচাৰিণ আৰু নেমুৰ ৰস লৈ ৰাতি শোৱাৰ সময়ত লগাব। তদুপৰি, কেষ্টৰ অয়ল অলপ গৰম কৰি ভৰিহালত মালিচ দিব।
ভৰিত ক’লা দাগ পৰা
অনবৰতে চেণ্ডেল পিন্ধি ঘূৰি ফুৰা ব্যক্তিৰ ভৰিতহে এনে অস্বাভাৱিক দাগ পৰা দেখা যায়। অতি বেছি ঠাণ্ডা আৰু শুকন বতাহ লাগি ভৰিহালৰ অনাবৃত অংশ টান, খহটা হৈ পৰাৰ পিছত ক’লা বৰণ ধৰে। চেঁচা দৈ আৰু বেচন মিহলাই ভৰিহালত মৃদু গতিৰে ঘঁহি পিছত ধুই পেলাব। প্ৰতি সপ্তাহত বা পোন্ধৰ দিনৰ মূৰে মূৰে ক্ৰীম ব্ৰিছ কৰাৰ অভ্যাস কৰিব।
পানী জোলা বন্ধা
জোতা পিন্ধাসকলৰ বহুতৰে এই সমস্যাটো প্ৰায়েই হয়। অতি বেছি টান আৰু বেছি ঢিলা জোতা পিন্ধিলে পানীজোলা বান্ধে। গতিকে সমস্যাটোৱে দেখা দিয়া মাত্ৰকে কিছুদিনলৈ জোতা পিন্ধা বন্ধ কৰক, নহ’লে ঘঁহনি খাই সমস্যাটো বাঢ়িব।
যিমান পাৰে সেই ঠাইডোখৰত বতাহ লাগিবলৈ দিব আৰু সহজে শুকাবলৈ চিকিৎসকৰ পৰামৰ্শ লৈ পাউদাৰ সানি থ’ব। পানীজোলাবোৰ নিজে ফাটিবলৈ দিব। সমস্যাটো দূৰ নোহোৱা পৰ্য্যন্ত চেণ্ডেল পিন্ধিব। মোজা নিপিন্ধাই ভাল।
আঙুলিৰ মাজত খজুৱতি আৰু ছাল এৰাই যোৱা সমস্যা
ৰ’দ বতাহ নপৰা আৰু অতি বেছি পানীৰ স’তে সম্পৰ্কত ভৰিত এই ধৰণৰ সমস্যা হয়। ছালবোৰ জীৱহীন কোমল হৈ পৰি এৰাই যায় আৰু ঘনাই খজুৱাই থাকে। তেনে ঠাইত ৰ’দ-বতাহ পৰিবলৈ দি ভৰিহাল যিমান পাৰে শুকান অৱস্থাত ৰাখিব। দিনত আজৰি পোৱা মুহুৰ্তবোৰত আৰু নিশাৰ ভাগত ভালদৰে ভৰিহাল ধুই পৰিষ্কাৰ কৰি ইউ দি কলোন আৰু এন্টি ছেপটিক পাউদাৰ লগাব।
ভৰিৰ তলুৱা যদি বেছি ঘামে
এই সমস্যাটো থকাসকলৰ জোতা-মোজাৰ পৰা একে ধৰণৰ উৎকট গোন্ধ ওলায়। ফলত বহু সময়ত তেওঁলোকে লজ্জিত হ’ব লগাও হয়।
সমস্যাটোৰ উপশমৰ কাৰণে এই ধৰণে যতন ল’ব পাৰে-
চাবোন আৰু পানীৰে ভৰিহাল ধুই শুকানকৈ মচি ‘চেলিচিলিক’ পাউদাৰ ভৰিৰ পতা আৰু গোৰোহাত ভালদৰে সানি থ’ব। পাচ মিনিটমান পাছত গৰম পানীত ফিটকিৰি মিহলাই ভৰি দুখন অলপ সময় ডুবাই ধুই পেলাব।
অনবৰতে জোতা-মোজা পিন্ধি নাথাকি মাজে মাজে ভৰিহালত বতাহ লাগিবলৈ দিব। কপাহয় এষ্ট্ৰিনজেন্ট লগাই ভৰি আৰু ভৰিৰ তলুৱাত সানিব। সদায় জোতা পিন্ধাৰ আগেয়ে ভৰিহাল ঠাণ্ডা পানীৰে ধুই মচি অলপমান টেলকম পাউদাৰ ছটিয়াই ল’ব। কপাহী মোজাহে ব্যৱহাৰ কৰিব।
ভৰিহালক বিশ্ৰাম দিয়াৰ বাবে দিনৰ ভাগত ব্যস্ততাৰ কাৰণে সময় নহ’বও পাৰে। নিশাৰ ভাগত মাটিত পাৰ্টি পাৰি শুই ভৰি দুখন ওখত ৰাখিবৰ বাবে বিছনাৰ ওপৰত তোলক। বিশ মিনিটমান সময় এনেদৰে বিশ্ৰাম লোৱাৰ পাছত ভাগৰ গুচি পুনৰ দেহটোলৈ নতুন উদ্যম আহিব।
ভৰিহালৰ এনেবোৰ পৰিচৰ্য্যাৰ লগতে নখকেইটাৰ প্ৰতিও সমানে গুৰুত্ব দিব। পৰিচৰ্য্যা কৰাৰ আগমুহুৰ্তত পুৰণা নেইল পলিচখিনি উঠাই লৈ নখকেইটা পোনভাৱে কাটিব। হাতৰ নখৰ দৰে ঘূৰণীয়াকৈ নহয়। নখ কাটোতে সদায় নখৰ তলত থকা কোমল ছালৰ পৰা এক মিলিমিটাৰ দূৰত্ব ৰাখিহে কাটিব। অতি বেছি দীঘল বা বেছি চুটিকৈ নখ নকটাই ভাল। নখবোৰ কাটি উঠাৰ পিছত অলিভ অয়লে নখ কেইটাত মালিচ এটা দি অতিৰিক্ত তেলখিনি মচি পেলাব আৰু নিজৰ পছন্দ অনুসাৰে নেইল, পলিচ, মেহেণ্ডি অথবা জেতুকাৰে নখবোৰ বোলাই পেলাব।
সদায় মনত ৰাখিব-ভৰিহাল হৈছে ব্যক্তিৰ জীৱনৰ চালিকা শক্তি। সুস্থ ব্যক্তিৰ কৰ্মজীৱনৰ অমূল্য সম্পদ। সেয়েহে দেহাংশৰ পৰিচৰ্য্যাৰ সময়ত ভৰিহালক কেতিয়াও অৱহেলা নকৰিব।
লেখিকা: ৰীণা দেৱী।
শেহতীয়া উন্নীতকৰণ: : 10/6/2018
নৰসিংহৰ বিশেষ গুণাগুণৰ বিষয়ে
অসমৰ কেইটামান বিশেষ উদ্যোগ-প্ৰতিষ্ঠান আৰু ঠাই
ৰোগ নিৰাময়ৰ বাবে বিশেষ আহাৰ
লোক-বিশ্বাসত তামোল-পাণ