চৰিঅ’ছিছ কি?
ই অসংক্ৰামক ৰোগ। এই ৰোগ দীৰ্ঘস্থায়ী ছালৰ ৰোগৰ এটা মৃদু অৱস্থা। এই ৰোগৰ ফলত ছাল ৰঙা আৰু চকলা চকল হৈ পৰে। এই ৰোগ দীৰ্ঘস্থায়ী বাবে ইয়াৰ উপসৰ্গবোৰ বহু বছৰলৈ থাকিব পাৰে। এইবোৰ জীৱনকালত মাজে মাজেও দেখা দিব পাৰে। নাৰী পুৰুষ উভয়ৰে এই ৰোগ হব পাৰে।
এই ৰোগৰ হোৱাৰ কাৰণ কি?
এই ৰোগৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
বৰ্তমানলৈকে থকা তথ্যমতে মূলতঃ দুটা কাৰণত এই ৰোগ হব পাৰে-
১) বংশগত কাৰণ।
২) শৰীৰৰ অট’ইমিউন প্ৰতিক্ৰিয়া-যিবোৰ লোকৰ বংশগতভাৱে জিনগত সমস্যা থাকে তেনে লোকৰ শৰীৰত ভুল সংকেতৰ বাবে ছালৰ কোষবিলাকৰ বৃদ্ধি ঘটে। অৱশ্যে বংশত এনে ৰোগ নথকা লোকৰো এই ৰোগ হোৱা দেখা যায়।
ৰঙা চকলা চকল দাগ কিয় হয়?
ছালৰ ওপৰত অধিক পৰিমাণত ছালৰ কোষ গঠন পূৰ্ণতা পোৱাৰ পাছত দেহৰ পৰা আঁতৰি যায়। সাধাৰণতে ছালৰ কোষ আঁতৰিবলৈ ৪ সপ্তাহ সময় লাগে। কিন্তু এই ৰোগ হ’লে কোষবোৰ আঁতৰ হবলৈ প্ৰায় ৩-৪ দিন সময় লাগে। ইয়াৰ ফলতে এই ৰোগৰ ঘাঁৰ সৃষ্টি হয়্।
চৰিঅ’ছিছ হ’লে কেনেদৰে বুজা যায়?
ছালত ৰঙা ৰঙৰ চকলা চকল তৰপ পৰাটো এই ৰোগৰ লক্ষণ। হাত-ভৰিৰ তলুৱা ডাঠ হোৱা, ফটা আৰু খজুৱতিও এই ৰোগৰ লক্ষণ। এই উপসৰ্গবোৰ মৃদুৰ পৰা অতি বেছি হব পাৰে।
চৰিঅ’ছিছ কেই প্ৰকাৰৰ হ’ব পাৰে?
ছালত হোৱা ঘাঁৰ ধৰণ আৰু ৰঙা চকলা চকল শৰীৰত দেখা দিয়া স্থানৰ ভিত্তিত এই ৰোগক কেইবাটাও প্ৰকাৰত ভাগ কৰা হৈছে।
এৰিথডাৰ্মিক চৰিঅ’ছিছে ছালত অতি ৰঙা দাগ আৰু ছাল উখহাই পেলায়।
প্লাক চৰিঅ’ছিছ এটা অতি সাধাৰণ প্ৰকাৰৰ চৰিঅ’ছিছ। ৮০ শতাংশ লোকৰেই এই প্ৰকাৰৰ ৰোগ হয়। ইয়াৰ ফলত শৰীৰৰ ছালৰ ৰঙা তেজৰ কনিকাবোৰৰ ক্ষতি হয়। ৰঙা চকলাবোৰত বগা ৰঙৰ আঁক থাকিব পাৰে। আঠু, কিলাকুটি, কঁপাল, নখ আদিত সাধাৰণতে হোৱা দেখা যায় যদিও শৰীৰৰ আন আন ঠাইতো হব পাৰে।
ইনভাৰ্চ চৰিঅ’ছিছত ছালৰ ভাঁজবোৰত মসৃণ ৰঙা ঘাঁৰ সৃষ্টি হয়।
গুটাটে চৰিঅ’ছিছৰ ফলত ছালত পানীৰ টোপালৰ দৰে ফোহাৰ সৃষ্টি হয়।
পুষ্টুলাৰ চৰিঅ’ছিছৰ ফলত পুজৰ দৰে বগা ডাঠ পদাৰ্থৰে ফোহাৰ সৃষ্টি হয়।
ছেৰিয়েটিক আৰ্থাইটিছৰ ফলত গাঠিৰ ৰোগৰ দৰে হয়। ৰিউমেটয়েড আৰ্থাইটিছ আৰু চৰিঅ’ছিছ- এই দুয়োটা লক্ষণ দেখা যায়।
কি কি কাৰণত এই ৰোগ অতি বেছি হব পাৰে?
এই ৰোগ থকা কিছু লোকৰ কিছুমান কাৰণত ঘাঁবোৰ বেছি বাঢ়ি যাব পাৰে। ইয়াৰ ভিতৰত ছালৰ ক্ষতি (ৰাসায়ন, সংক্ৰমণ, আচোঁৰ খোৱা, সূৰ্য্যৰ তাপত দগ্ধ), মাদক দ্ৰব্যপান, হ’ৰমনৰ পৰিবৰ্তন, ধুমপান, বেটা-ব্লকাৰ আৰু নন ষ্টেৰয়েট এন্টি ইনফ্ৰেমেটৰী জাতীয় ঔষধ আৰু চাপ উল্লেখযোগ্য।
এই ৰোগৰ দীৰ্ঘম্যাদী প্ৰভাৱ কেনে ধৰণৰ?
এই ৰোগে মানুহৰ ওপৰত আবেগিক আৰু শাৰিৰীকভাৱে প্ৰভাৱিত কৰে। গাঠিৰ বিষ থকা ব্যক্তিৰ এই ৰোগ হয় আৰু গাঠিৰ প্ৰদাহৰ ফলত অতিপাত বিষ আৰু কাম-কাজ কৰিবলৈ অক্ষম হৈ পৰে।
এই ৰোগ সোঁচৰে নেকি?
এই ৰোগ নোসোঁচৰে। এই ৰোগ এজনৰ গাৰ পৰা আন এজনৰ গালৈ সংক্ৰমিত নহয়।
এই ৰোগ নিয়ন্ত্ৰণত ৰাখিবলৈ কি কৰিব লাগে?
খাদ্যত কি জৰুৰী?
ব্যক্তি বিশেষে ভাল খাদ্যৰে ভাল ফল পায়। ভাল খাদ্যাভাষ আৰু স্বাস্থ্যসন্মত জীৱনশৈলীয়ে এই ৰোগত ভাল ফল দিয়ে, আন যিকোনো ব্যক্তিৰ দৰেই। বহুলোকৰ খাদ্য বিশেষে এইৰোগ বঢ়োৱা বা কমাই ৰখাৰ কথা শুনিবলৈ পোৱা যায়। যদিও কোনো বিশেষ খাদ্যভাষ মানি চলাৰ প্ৰয়োজন নাই। তথাপিও বহুলোকে বিভিন্ন খাদ্যৰ কথা উল্লেখ কৰা দেখা যায়।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 12/31/2018
ইয়াত বিভিন্ন ছালৰ ৰোগৰ বিষয়ে ইয়াত আলোচনা কৰা হৈছে।...