ছোৱাইন ফ্লু’ক এইচ ১ এন ১ টাইপ এ ইনফ্লুৱেঞ্জা বুলিও জন যায়। আৰম্ভণিতে গাহৰিৰপৰা মানুহলৈ এই ৰোগৰ সংক্ৰমণ হৈছিল বাবে ‘ছোৱাইন ফ্লু’ বুলি কোৱা হৈছে। বহুতে পিগ ইনফ্লুৱেঞ্জা, হেগ ফ্লু, পিগ ফ্লু বুলিও কয়। বৰ্তমান সময়ত এই ৰোগ গাহৰিৰপৰা নহয়, মানুহৰপৰা মানুহলৈ সংক্ৰমণ হয় বুলি কোৱা হৈছে।
ছোৱাইন ফ্লু ছোৱাইন ইনফ্লুৱেঞ্জা ভাইৰাছৰ জৰিয়তে বিয়পে। এইচ ১ এন ১ ছোৱাইন ইনফ্লুৱেঞ্জা ছাব টাইপ ভাইৰাছ হৈছে মূল কাৰক। অন্য ফ্লু ভাইৰাছৰ দৰে এই ভাইৰাছো এজনৰপৰা আনজনলৈ বিয়পে। ই অতি সোঁচৰা। লেলাউটি, নাক, ডিঙি আদিৰপৰা ওলোৱা বিজলুৱা পদাৰ্থৰ জৰিয়তে ই বিয়পে। এটা হাঁচিয়ে বতাহত সহস্ৰ ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছ মেলি দিয়ে। বতাহত বিয়পা এই ভাইৰাছে পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে নথকা লোকক সহজতে আক্ৰমণ কৰে। ভিৰ এলেকাত ইয়াৰ সংক্ৰমণ অধিক হয়।
কাহ, জ্বৰ, চেকচেকাই থকা ডিঙি, বন্ধ নাক, গাৰ বিষ, মূৰৰ বিষ, অত্যধিক ঠাণ্ডা অনুভৱ কৰা, ভাগৰুৱা হৈ পৰা, বমি, ডায়েৰীয়া, খোৱা-বোৱাত ৰুচি নোহোৱা ইত্যাদি। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ছোৱাইন ফ্লুৰ লক্ষণসমূহ সাধাৰণ জ্বৰৰ দৰেই। ফলত বহু সময়ত খুব পলমকৈহে ই ধৰা পৰে। জটিলতা অনুভৱ কৰিলেই চিকিৎসা সেৱা গ্ৰহণ কৰা উচিত। ৰোগ নিৰ্ণয়ৰ বাবে লেব’ৰেটৰী পৰীক্ষাৰ বিকল্প নাই
উৎসঃ wikimedia
শেহতীয়া উন্নীতকৰণ: : 6/29/2020