মাঘত শীতৰ প্ৰকোপ হ্ৰাস হোৱাৰ লগে লগে ফাগুন-চ’তৰ পৰা দিন যাৰ আৰম্ভ হয়। অনবৰতে পচোৱা বতাহজাকে আকাশ ধুঁৱলী-কুঁৱলী কৰি ৰাখে। মাজে সময়ে বতাহ-ধুমুহাৰ স’তে একোজাক বৰষুণ আহি প্ৰকৃতিক জীপাল কৰি তোলাৰ লগে লগে গছ-লতিকাই প্ৰাণ পাই ফুলে-ফলে জাতিষ্কাৰ হয়। সোণাৰু, পলাশ, শিমলু, ৰাধাচূড়া, বাগানভেলীয়াবোৰ ফুলি প্ৰকৃতিৰ পৰিৱেশ অপৰূপ কৰি তোলাৰ মাজতে মানুহৰ মনটো ৰিঙা ৰিঙা কৰি ৰাখে। বায়ুমণ্ডল এনে সময়তে অসংখ্য বেমাৰৰ বীজাণুৱে বিষাক্ত কৰি তোলে বাবে বসন্ত, ক’লেৰা, পানীলগা জ্বৰ, কাহ, হাঁচি, চকু ৰঙা পৰা, ডিঙিৰ বিষ, ব্ৰংকাইটিছ মেলেৰিয়া আদি অনেক ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। বায়ুমণ্ডলৰ পানী, ধূলি আৰু ফুলৰ ৰেণুৰ দ্বাৰাও সংক্ৰামক বেমাৰৰ ভাইৰাচবোৰ বিয়পিব পাৰে। বসন্তও ভাইৰাচৰ পৰা হোৱা এবিধ সংক্ৰামক ৰোগ।
অসমীয়া মানুহে বসন্ত ৰোগক আই ওলোৱা বুলি কয়। মানুহে এই ৰোগৰ মহিমা থকা বুলি ভাবি সভক্তিৰে শুশ্ৰূষা আগবঢ়ায়। এই বসন্ত বা আই তিনিবিধ- সৰু আই বা নুতি (মিজেলছ্), মাজু আই (চিকেন পক্স) আৰু বৰ আই (স্মল্ পক্স)। প্ৰত্যেক মানুহৰ জীৱনত এবাৰতকৈ অধিকবাৰ আই ওলোৱা দেখা যায়। অসমীয়া মানুহে আই দেখা দিলেই আইক সন্তুষ্ট কৰিবলৈ গোপিনীৰ দ্বাৰা আই সকাম পাতে। ৰোগীসকলেও আবতৰীয়া বস্তু খাবলৈ বিচাৰি মানুহক হাবাথুৰি খুৱায়। গৃহস্থই বিচৰা বস্তু আনি ৰোগীক খাবলৈ দিলেহে ৰোগী সন্তুষ্ট হয়। অসমীয়া মানুহে এল’পেথিক চিকিত্সা প্ৰয়োগ কৰিব নিবিচাৰে।
বসন্ত যি বিধেই নহওক, প্ৰত্যেক বিধৰে কিছুমান লক্ষণ থাকে। সৰু আই ওলোৱাৰ আগতে হাঁচি, কাহ, জ্বৰ, পানীলগা আদি হোৱাৰ তিনিদিনমানৰ পৰাই মুখত প্ৰথমে গুটি গুটি হোৱা দেখা যায়। ঘাঁমচিসদৃশ ৰঙা ৰঙা গুটিবোৰ লাহে লাহে গোটেই শৰীৰতে দেখা দিয়ে। গুটিবোৰ খজুৱায় বা চিটচিটনি উঠে। পোৰণি উঠে। শৰীৰ শীতল পৰিবলৈ নাৰিকল তেল বগা পাখিৰে লগাব লাগে। টেলকাম্ পাউডাৰ লগালেও আৰাম পোৱা যায়। এই ৰোগ দুসপ্তাহমান থাকে।
মাজু আই প্ৰথমে মুখমণ্ডলত ওলায়। পানীজোলাবোৰ শৰীৰৰ বিভিন্ন অংশতো পাতলকৈ দেখা দিয়ে। পানীজোলাবোৰ পকিবলৈ ধৰাৰ কেইদিনমানৰ পাছতে শুকাবলৈও আৰম্ভ কৰে। জোলাবোৰ ছালৰ ওপৰতে থকা বাবে ছালৰ দাগবোৰ স্থায়ী নহয়। এল’পেথিক চিকিত্সাত ‘এচিভাৰ’ নামৰ এবিধ টেবলেট খাবলৈ দিয়ে। ৰোগীয়ে খালে সোনকালে আৰোগ্য হোৱাৰ লগে লগে নিৰোগীসকলেও প্ৰতিষেধক হিচাপে খাব পাৰিলে বসন্তই দেখা দিব নোৱাৰে বুলি বিশ্বাস। মাজু আই তিনিসপ্তাহমান থাকে।
বৰ আই আকাৰত ডাঙৰ আৰু ইয়াৰ প্ৰভাৱ ছালৰ গভীৰতালৈকে পৰে। ডেৰ মাহলৈকে ৰোগীয়ে কলপাতত শুব লগা হয় বুলি অতীতত কোৱা শুনিছিলোঁ। বসন্তৰ দাগো গোটেই জীৱন থাকি যায়। বৰ্তমান বৰ আই নোলায় বুলি কয়।
ৰোগীক আই দেখা দিয়াৰ পৰা আছুতীয়াকৈ মুকলি বতাহ চলাচল কৰা ৰুমত ৰাখিব লাগে। ৰোগীক বগা বিচনা চাদৰ, চাফ-চিকুণকৈ খোৱা-বোৱাকে আদি কৰি ভালকৈ এগৰাকী মহিলাই মুখত কাপোৰ বান্ধিহে আলপৈচান ধৰিব লাগে। ৰোগীৰ ৰুমত নিৰোগী মানুহৰ আহ-যাহ বন্ধ থকাৰ প্ৰয়োজন। আঁঠুৱা থকাও দৰকাৰ, যাতে মাখিয়ে আমনি কৰিব নোৱাৰে। কাপোৰ-কানি সদায় ধুই চাফা কৰি ব্যৱহাৰ কৰিব লাগে। ৰোগীক নিৰামিষ খাদ্য খাবলৈ দিব লাগে। সোনকালে আৰোগ্য হোৱাত সহায় হয়। ৰোগীয়ে খাব বিচৰা বস্তুহে দিব লাগে। ৰোগীক আৰাম পাবলৈ নাৰিকল তেল বা টেলকম্ পাউডাৰ দিব লাগে। নিমপাতৰ ৰসেৰে গা ধুৱা উচিত নহয়। সুস্থ পৰিৱেশত ত্ৰুটিহীন শুশ্ৰূষা কৰিলে, চাফ-চিকুণকৈ খোৱা-বোৱা কৰিলে ৰোগীৰ বাবে আই সকাম নাপাতিলেও ৰোগী আৰোগ্য হ’ব। শ্বাস-প্ৰশ্বাসৰ দ্বাৰা প্ৰসাৰিত হোৱা বসন্ত ৰোগৰ পৰা হাত সাৰিবলৈ চোকৰা এৰাৰ পিছতো সাৱধান হোৱা প্ৰয়োজন। ৰোগীয়ে ব্যৱহাৰ কৰা কাপোৰ ডেট’ল পানী মিহলি কৰি গৰম পানীৰে ধুব লাগে। পাৰিলে কাপোৰবোৰ পেলাই দিব লাগে। কিয়নো বসন্ত ৰোগৰ ভাইৰাচবোৰ বহুদিনলৈকে সুপ্ত হৈ থাকে।
লেখিকাঃ কবিতা ফুকন, আমাৰ অসম।
শেহতীয়া উন্নীতকৰণ: : 4/26/2020