বাচিলোচ এণ্থ্ৰাক্স নামৰ বেক্টেৰিয়াৰ দ্বাৰা এণ্থ্ৰাক্স ৰোগ হয়।
ক্ষতিগ্ৰস্ত হোৱা অংগ
- সাধাৰণতে ছালৰ ক্ষতি হয়।
- কেতিয়াবা শ্বাসতন্ত্ৰ, পাচনতন্ত্ৰ।
সংবহন
- ছাল: ফোহা বা ঘাঁত ছালৰ সংস্পৰ্শ। সাধাৰণতে সংক্ৰমিত জন্তু বা এনে মাংস আৰু কেঁচা ছালৰ সংস্পৰ্শ।
- শ্বাসতন্ত্ৰ: উশাহত বেক্টেৰিয়া থকা বায়ু গ্ৰহণ।
- পাচনতন্ত্ৰ: সংক্ৰমিত জীৱৰ আধা সিঁজা বা কেঁচা মাংস বা গাখীৰৰ পৰা প্ৰস্তুত কৰা খাদ্য।
- ব্যক্তিৰ পৰা ব্যক্তিৰ গালৈ নিশ্বাস আৰু পাছত পাচনতন্ত্ৰলৈ নিবিয়পে।
লক্ষণ
ছাল: প্ৰথমে ছাল কোনো এঠাইত খজুৱায় আৰু ই ঘাঁলৈ পৰিবৰ্তিত হয়। সংক্ৰমণ হোৱাৰ ৭-১০ দিনৰ ভিতৰত ঘাঁবোৰে কোষৰ ৰূপ লয় আৰু ক’লা বৰণৰ ইস্বাৰ তৈয়াৰ হয়।
শ্বাসতন্ত্ৰ: অলপ অলপ জ্বৰ, অবসাদ, ঘাঁমি যোৱা, বুকুৰ অসুবিধা আদিৰ বাহিৰে আন কোনো বিশেষ লক্ষণে দেখা নিদিয়ে (ওপৰৰ শ্বাস নলীৰ লক্ষণে দেখা দিয়াটো বিৰল)।
পৰিপাক তন্ত্ৰ: বমিভাব, বমি হোৱা, আভোক, জ্বৰ আদিৰ পৰা অতিপাত পেটৰ বিষ, হেমাটেমেছিছ আৰু তেজ যোৱা ডায়েৰিয়া।
ছালৰ ওপৰত লক্ষণ
২য় দিন ৪ৰ্থ দিন ৬ষ্ঠ দিন ১০ম দিন
ৰোগ ব্যৱস্থাপনা
- ৰোগৰ লক্ষণ দেখা পোৱাৰ লগে লগেই চিকিত্সকক দেখুৱাব লাগে।
- ভালদৰে নিসিঁজা মাংস আন পশুজাত খাদ্য খাব নালাগে।
- গৰু বা আন ঘৰচীয়া জন্তুৰ লগত কাম-কাজ কৰিব লগা হ’লে নিজকে সুৰক্ষিত কৰি লব লাগে।
উত্স: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 5/27/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.