ডায়েৰিয়া হ’লে পেটৰ ভিতৰৰ নাড়ীভূৰৰ লৰচৰ বাঢ়ি যায়। শৌচ বেছিকৈ, ঘনাই আৰু পনীয়া হয়।
অৰেল ৰিহাইদ্ৰেছন চলিউচন- ঘৰতে তৈয়াৰ কৰিব পাৰি।
ডায়েৰিয়াৰ পৰা হোৱা ডিহাইদ্ৰেছন ৰোধ কৰিবলৈ অতি কাৰ্য্যকৰী, কম খৰচী আৰু সুবিধাজনক “সহজ দ্ৰৱন” নিজে ঘৰতে প্ৰস্তুত কৰি লব পাৰি। স্বাৱলম্বীতাৰ বাবে উত্সাহজনক।
চেনি আৰু নিমখেৰে ঘৰতে তৈয়াৰ কৰিব পৰা দ্ৰৱণৰ প্ৰস্তুত প্ৰনালী:
এক লিটাৰ অৰেল ৰিহাইদ্ৰেছন চলিউচন- চেনি পানী আৰু নিমখেৰে ঘৰতে প্ৰস্তুত।
উপকৰণ
পানীত চেনী আৰু নিমখ খিনি ঢালি সম্পূৰ্ণ গলি নোযোৱালৈকে লৰাই থাকিব লাগে।
এইবিধ দ্ৰৱন পনীয়া শৌচ হোৱা ডায়েৰিয়াত আক্ৰান্তসকলৰ বাবে অতি উন্নত আৰু কাৰ্য্যকৰী। ই বজাৰত পোৱা লবনৰ পৰিপূৰক।
আটাইখিনি সামগ্ৰী মিহলাই লৈ ডাঠ নোহোৱালৈকে লৰাই থাকিব লাগে। অৱশ্যে গিলিবলৈ অসুবিধা পোৱাৰ দৰে ডাঠ কৰিব নালাগে। এইটো আক্ৰান্ত শিশুটিক ঘনাই বাৰে বাৰে খুৱাই থাকিব লাগে বা শিশুটিয়ে যিমান খাবলৈ বিচাৰে দিব লাগে। শিশুটিয়ে খালে প্ৰতি মিনিটে মিনিটে দিব লাগে। দেহৰ পৰা ওলাই যোৱা পানীৰ পৰিপূৰক হিচাপে সেই পৰিমাণত এই দ্ৰৱণ খুৱাব লাগে-একাপ পৰিমাণৰ ওলালে- একাপ খুৱাব লাগে। যদি শিশুটিয়ে বমিও কৰে তথাপিও প্ৰতি মিনিটে মিনিটে কম পৰিমাণে হ’লেও খুৱাই থাকিব লাগে।
বিভিন্ন লোকে বিভিন্ন ধৰণেৰে চেনী আৰু নিমখৰ পৰিমাণ জোখে।
যেনেদৰেই জোখা নহওঁক কিয়, কিমান পৰিমাণত, কেনেদৰে মিহলাব লাগে আৰু কেনেদৰে খুৱাব লাগে সেইটো জনা অতি আৱশ্যক।
বেছিকৈ নিমখ দিব নালাগে। দ্ৰৱণটো বেছি নিমখীয়া হ’লে শিশুৱে খাই ভাল নাপায় আৰু খাবলৈ নিবিচাৰে। ইয়াৰোপৰি বেছি পৰিমাণৰ নিমখে কেতিয়াবা হাত-ভৰিৰ কঁপনিৰ সৃষ্টি কৰিব পাৰে। অতি কম পৰিমাণৰ নিমখে শৰীৰৰ একো ক্ষতি নকৰে, কিন্তু ডিহাইদ্ৰেছন ৰোধ কৰাত কম সফল হোৱা যায়।
প্ৰত্যেক বাৰ পনীয়া শৌচ কৰাৰ পাছত খুৱাব লাগে। প্ৰাপ্তবয়স্ক আৰু ডাঙৰ ল’ৰা-ছোৱালীয়ে দিনত তিনি পোৱাৰ পৰা একলিটাৰ এই দ্ৰৱণ খোৱা উচিত। অসুখ ভাল নোহোৱালৈকে খায় থাকিব লাগে।
প্ৰতিবাৰত খুৱাব লাগে
ডাঙৰ কাপৰ আধা।
একাপ।
অতি বেছি মাত্ৰাত ডিহাইদ্ৰেছন হ’লে
এনে অৱস্থাত প্ৰতি ৫ মিনিটৰ বিৰতিৰ এধোক এধোককৈ এই দ্ৰৱণ খাই থাকিব লাগে। পেচাব স্বাভাৱিক পৰিমাণৰ নোহোৱালৈকে এনেদৰে খোৱা উচিত। (দিনত ৪-৫ বাৰ পেচাব কৰাটোক স্বাভাৱিক বুলি ধৰিব পৰা যায়।)
শিশুৱে বমি কৰি এইবোৰ উলিয়াই দিলে পুনৰ খুৱাব লাগে। মনত ৰাখিব লাগে যে, এই দ্ৰৱণ কাপত লৈ চামুচেৰে লাহে লাহে খুৱাব লাগে। (বটল যিহেতু পৰিস্কাৰ কৰিবলৈ অসুবিধা- গতিকে ব্যৱহাৰ কৰিব নালাগে)।
যদি শিশুটিয়ে বমি কৰে, তেন্তে বমি কৰাৰ পাছত ১০ মিনিট সময় অপেক্ষা কৰিব লাগে তাৰ পাছত পুনৰ ORS খুৱাব লাগে। সদায় লাহে লাহে কম পৰিমাণত শিশুক এই দ্ৰৱণ খুৱাবলৈ চেষ্টা কৰিব লাগে। বমি কৰি থাকিলেও শৰীৰক প্ৰয়োজনীয় পানী আৰু নিমখ কিছু পৰিমাণে থাকি যায়।
ডায়েৰিয়া বন্ধ নোহোৱালৈকে এই দ্ৰৱণ খুৱাই থাকিব লাগে। সাধাৰণতে ৩ৰ পৰা পাঁচদিনৰ ভিতৰত ডায়েৰিয়া ঠিক হৈ যায়।
এই দ্ৰৱণ ঠাণ্ডা ঠাইত থব লাগে। বৰফৰ মাজত থব পাৰিলে ভাল। ২৪ ঘণ্টাৰ পাছতো যদি শিশুক এই দ্ৰৱণৰ প্ৰয়োজন হয় তেন্তে নতুনকৈ প্ৰস্তুত কৰি লব লাগে।
১) দ্ৰৱণ প্ৰস্তুত কৰাৰ আগতে হাত ভালদৰে চাবোনেৰে ধুই লব লাগে।
২) এটা পৰিস্কাৰ বাচনত মিহলাব লাগে-
বা
৩) শিশুটিৰ লগতে নিজৰ হাত দুখনো চাবোনেৰে ভালদৰে ধুই লোৱাৰ পাছত পাছত এই দ্ৰৱণ খুৱাব লাগে।
৪) আক্ৰান্ত শিশুটিক কম কম পৰিমাণত ঘনাই এই দ্ৰৱণ খুৱাই থাকিব লাগে।
৫) ইয়াৰ লগে লগে শিশুটিক মাকৰ গাখীৰ আৰু ফলৰ ৰস আদিও খুৱাই থাকিব লাগে।
৬) শিশুটিৰ বয়স যদি ৪ মাহৰ বেছি হয় তেন্তে আন গোটা আহাৰো খুৱাব লাগে।
৭) ২৪ ঘণ্টাৰ পাছতো শিশুটিক ORSৰ প্ৰয়োজন হ’লে নতুনকৈ প্ৰস্তুত কৰি লব লাগে।
৮) ORS এ ডায়েৰিয়া বন্ধ নকৰে। ই শৰীৰটোৰ পৰা কমি যোৱা পানী যোগান ধৰি শৰীৰটো শুকাই যোৱাৰ পৰা ৰক্ষা কৰে। ডায়েৰিয়া নিজে নিজে বন্ধ হৈ যাব।
৯) যদি শিশুটিয়ে বমি কৰে তেন্তে, দহ মিনিট সময় অপেক্ষা কৰাৰ পাছত পুনৰ ORS দিব লাগে।
১০) যদি ডায়েৰিয়া বাঢ়ি গৈ থাকে বা বমিও নকমে তেনেহ’লে শিশুটিক স্বাস্থ্য কেন্দ্ৰলৈ নিব লাগে।
ডায়েৰিয়াৰ ফলত শিশুৰ দেহত কমি যোৱা পানী আৰু লবন ভাগ ঘৰত সহজে পোৱা সাধাৰণ সামগ্ৰীৰেই প্ৰস্তুত কৰি লোৱা দ্ৰৱণেৰে কাৰ্য্যকৰী ভাৱে পূৰাব পাৰি। প্ৰতিবাৰ পনীয়া শৌচ কৰাৰ পাছত এনে দ্ৰৱণ দি থাকিব লাগে।
এনে দ্ৰৱণত সাধাৰণতে এই বোৰ দ্ৰব্য থাকিব লাগে (উতলাব পৰা সামগ্ৰী):
পৰম্পৰাগত ভাৱে খুৱাই থকা এনে ৰিহাইদ্ৰেছনত ব্যৱহূত পানীয়বোৰ অতি কাৰ্য্যকৰী ভাৱে প্ৰমাণিত। ডায়েৰিয়া হোৱাৰ ফলত শিশুৱে হেৰুৱা জল ভাব পূৰণৰ বাবে উপযুক্ত:
যদি চেনী আৰু নিমখ হাতত পোৱাকৈ থাকে তেন্তে ঘৰতে অতি সহজে এই কাৰ্য্যকৰী ৰিহাইদ্ৰেছনত দ্ৰব্য প্ৰস্তুত কৰি লব পাৰি।
এই দ্ৰৱণৰ সোৱাদ আৰু পটাছিয়াম পাবলৈ আধা কাপ কমলা ৰস বা পিটিকা লোৱা পকা কল মিহলি কৰি দিব পৰা যায়।
গুৰ বা ৰঙচুৱা চেনী ব্যৱহাৰ কৰিলে বগা চেনীতকৈ অধিক পটাছিয়াম পোৱা যায়।
যদি ইয়াৰ এটাও দ্ৰৱণ প্ৰস্তুত কৰিবলৈ পৰা নাযায় তেন্তে এনেদৰেও এই দ্ৰৱণ ব্যৱহাৰ কৰিব পাৰি:
যদি এইবোৰো পোৱা নাযায়, তেন্তে বিশুদ্ধ পানী যথেষ্ট পৰিমাণে খাবলৈ দিব লাগে। পৰাপক্ষত পানী উতলাই চেঁচা কৰি খাবলৈ দিব লাগে।
টোকা: বহুতে ঘৰত তৈয়াৰ কৰা এনে দ্ৰব্য খুৱাবলৈ বেয়া পায়। এনেকৈ ভবা অনুচিত কাৰণ প্ৰাণৰক্ষাৰ বাবে ঘৰতে থকা উপযুক্ত দ্ৰব্যবোৰ ব্যৱহাৰ কৰা উচিত।
উত্স: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/14/2020