এই ৰোগত এবিধ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ ফলত ডিঙি আৰু নাকত প্ৰভাৱ পেলায়। ২ বছৰতকৈ কম বয়সৰ শিশুৰ শ্বাসনলীত আক্ৰমণ কৰে। এই ৰোগৰ নাম এই কাৰণেই হুপিং ৰখা হ’ল যে, আক্ৰান্ত ব্যক্তিয়ে উশাহ লওঁতে হুপ হুপ শব্দ কৰে।
কাৰণ
বৰ্ডেটেলা পাৰটুছিছ নামৰ বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। এই ৰোগ আক্ৰান্ত ব্যক্তিৰ কাঁহ আৰু হাঁচিৰ ফলত উত্পন্ন হোৱা ৰেম্পিৰেটৰী ড্ৰপলেটৰ দ্বাৰা আন লোকলৈ সংক্ৰমিত হয়। এই বেক্টেৰিয়া আক্ৰান্ত ব্যক্তিৰ শৰীৰৰ পৰা নিঃসৰিত পদাৰ্থ যেনে নাকৰ পানীৰ স্পৰ্শৰ দ্বাৰাও বিয়পিব পাৰে।
উপসৰ্গ
স্তৰ ১: উপসৰ্গবোৰৰ ভিতৰত থাকে-হাঁচিওৱা, চকু চলচলীয়া হোৱা, নাকেৰে পানী বৈ থকা, আভোক, শক্তিহীনতা, আৰু নিশা কাঁহ হোৱা।
স্তৰ ২: একেলেঠাৰিয়ে কাঁহ হোৱা আৰু কাঁহৰ পাছত উশাহ লব বিচাৰিলে হুপ শব্দ হোৱা।
স্তৰ ৩: আৰোগ্যৰ স্তৰ। লাহে লাহে কাঁহ কমি আহে। প্ৰায় ৪ সপ্তাহৰ পাছত এই স্তৰ আৰম্ভ হয়।
প্ৰতিৰোধ
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
টাইফয়েড ৰোগ চালম’নেলা টাইফি নামৰ বেক্টেৰিয়াৰ দ্ব...
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ২৫.৮৭ কোটিৰো অধি...