চুৱাইন ফ্লু গাহৰিৰ শ্বাসতন্ত্ৰত হোৱা এবিধ ৰোগ। এই ৰোগ ভাইৰাছৰ পৰা হয়। গাহৰিৰ মাজত এই ৰোগ প্ৰায়েই হৈ থাকে। সাধাৰণতে মানুহৰ মাজত এই ৰোগ নহয় যদিও মানুহো এই ভাইৰাছৰদ্বাৰা সংক্ৰমিত হব পাৰে আৰু হয়। চুৱাইন ফ্লুৰ ভাইৰাছ মানুহৰদ্বাৰা বিয়পি পৰাৰ বাতৰি পোৱা গৈছে- কিন্তু অতীতত এনে সংক্ৰমণ তিনিজন ব্যক্তিৰ মাজতে সীমাবদ্ধ আছিল।
২০০৯ চনৰ মাৰ্চৰ শেষ আৰু এপ্ৰিলৰ প্ৰথম ভাগত মানুহৰ মাজত চুৱাইন ফ্লুৰ ভাইৰাছ (H1N1) সংক্ৰমণৰ প্ৰথম খবৰ পোৱা গৈছিল। এই ঘটনা ঘটিছিল দক্ষিণ কেলিফৰ্নিয়া আৰু চান এন্টনিঅৰ কাষৰ টেক্সচত। আমেৰিকা আৰু বিশ্বৰ আন আন দেশৰ পৰাও চুৱাইন ফ্লুৰ সংক্ৰমণ মানুহৰ দেহত পোৱাৰ খবৰ আহিছিল।
চুৱাইন ফ্লুৰ চিকিত্সাৰ বাবে চৰকাৰে কৰ্তিত্ব প্ৰদান কৰা চিকিত্সালয়
উপসৰ্গ দেখা দিয়াৰ এদিন আগৰে পৰা অসুস্থ হোৱাৰ ৭ দিন বা তাতোকৈ বেছিদিন পিছলৈ আক্ৰান্ত ব্যক্তিৰ দ্বাৰা আন ব্যক্তিৰ গালৈ সংক্ৰমণ ঘটাব পাৰে। অৰ্থাত্ আক্ৰান্ত ব্যক্তিয়ে ৰোগ হৈছে বুলি নিজে জনাৰ আগতেই আনৰ গালৈও এই ৰোগ বিয়পাব পাৰে।
প্ৰথম আৰু অতি প্ৰয়োজনীয় কথা হ’ল, হাত ভালদৰে ধুৱা। সাধাৰণ সুস্বাস্থ্য বজাই ৰাখিব লাগে। ভালদৰে বেছি সময় শুব লাগে। শাৰিৰীকভাৱে সক্ৰিয় হৈ থাকিব লাগে। মানসিক হেঁচাৰ পৰা আঁতৰি থাকিব লাগে। যথেষ্ট পৰিমাণে পনীয়া আহাৰ আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে। ফ্লুৰ ভাইৰাছ থকা বুলি সন্দেহ হোৱা কোনো বস্তু স্পৰ্শ কৰিব নালাগে। ৰুগীয়া লোকৰ লগত ওচৰ সম্পৰ্ক ৰক্ষা কৰি চলিব নালাগে।
চুৱাইন ফ্লুৰ প্ৰতিৰোধ কৰিবলৈ বৰ্তমানলৈ কোনো ধৰণৰ ভেকচিন আবিস্কাৰ হোৱা নাই। দৈনন্দিন কিছুমান অভ্যাস পালন কৰি শ্বাসতন্ত্ৰজনিত ইনফ্লুয়েঞ্জাৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়। নিজৰ স্বাস্থ্য সুৰক্ষিত ৰাখিবলৈ প্ৰতিদিনে তলত উল্লেখ কৰা পদক্ষেপ লব পৰা যায়:
যদি কোনো ব্যক্তি ফ্লুৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে, বিদ্যালয়, কাৰ্য্যালয় আদিলৈ নগৈ ঘৰতে থকা উচিত। পৰাপক্ষত আন ব্যক্তিৰ লগত সম্পৰ্ক নৰখাই ভাল, কাৰণ ইয়াৰ দ্বাৰা আন ব্যক্তিৰ দেহলৈ ভাইৰাছ বিয়পিব পাৰে।
ৰোগাক্ৰান্ত ব্যক্তি স্কুল-কলেজ বা কাৰ্য্যালয়লৈ যাব নালাগে। পৰাপক্ষত আন লোকৰ সৈতে সীমিত সম্পৰ্ক ৰখা উচিত। হাঁচি আৰু কাঁহ মৰাৰ সময়ত মুখ, নাক ধকাকৈ টিছু পেপাৰ বা কাপোৰ লব লাগে। এনে কৰাৰ ফলত ৰোগাক্ৰান্ত ব্যক্তিৰ ওচৰে পাজৰে থকা লোকসকলক সংক্ৰমণৰপৰা ৰক্ষা কৰিব পৰা যায়। ব্যৱহাৰ কৰা টিছু পেপাৰ বেয়া সামগ্ৰী পেলোৱা বাকচত পেলাব লাগে। টিছু পেপাৰ নাথাকিলে হাতেৰেও মুখ আৰু নাক ধাকিব পৰা যায়। এই ক্ষেত্ৰত প্ৰতিবাৰ কাঁহ বা হাঁচিওৱাৰ পাছত চাবোনেৰে ভালদৰে হাত ধুই পেলাব লাগে।
বাৰে বাৰে, সঘনাই হাত ধুলে বিজাণুৰ পৰা ৰক্ষা পাব পাৰি। হাত সদায় পৰিস্কাৰ পানী আৰু চাবোনেৰে ভালদৰে ধুব লাগে। এলকহল থকা হাত ধোৱা পদাৰ্থও ব্যৱহাৰ কৰিব পৰা যায়। চাবোনেৰে হাত ধুওঁতে কুহুমীয়া পানী লৈ কমেও ১৫-২০ চেকেণ্ড সময়ৰ বাবে চাবোন ঘঁহিব লাগে। যদি চাবোন আৰু পানী নাথাকে তেতিয়া এলকহল থকা এবাৰ ব্যৱহাৰ কৰি পেলাই দিব পৰা টিছু পেপাৰ বা জেল চেনিটাইজাৰ ব্যৱহাৰ কৰিব পৰা যায়। কিছুমান দোকান আৰু ঔষধৰ দোকানত এইবোৰ সামগ্ৰী কিনিবলৈ পোৱা যায়। জেল ব্যৱহাৰ কৰিলে জেলবোৰ হাতত শুকাই নোযোৱা পৰ্য্যন্ত ঘঁহি থাকিব লাগে। জেল ঘঁহিলে পানীৰ প্ৰয়োজন নাই। ইয়াত থকা এলকহলে হাতৰ বিজাণুবোৰ মাৰি পেলায়।
কোনো ব্যক্তি অসুস্থ হ’লে আৰু তলত দিয়া লক্ষণবোৰে দেখা দিলে অনতি পলমে চিকিত্সাৰ প্ৰয়োজন হব।
শিশুবোৰৰ মাজত এই লক্ষণবোৰে দেখা দিলে অনতি পলমে চিকিত্সা কৰিব লাগে:
বয়স্কসকলৰ মাজত এনে লক্ষণ দেখা দিলে জৰুৰীভাৱে চিকিত্সা কৰোৱাৰ প্ৰয়োজন:
উত্স: চিডিচি
শেহতীয়া উন্নীতকৰণ: : 4/22/2020
এই শিতানত সংক্ৰমিত ৰোগসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।