কলেষ্টেৰ’ল হৈছে এবিধ চৰ্বিৰ দৰে ৰাসায়নিক যৌগৰ সুৰা বিশেষ। ইয়াক ষ্টেৰল নামেও জনা যায়। প্ৰাণীৰ চৰ্বি, পিত্ত, তেজ, মস্তিষ্কৰ উপাদান, স্নায়ুকোষ, গাখীৰৰ সৰ, কণীৰ কুহুম, যকৃত, মূত্ৰনলী, এড্ৰিনাল গ্ৰন্থী আদিত এই কলেষ্টেৰল পোৱা যায়। পিত্ত পাথৰীৰ অধিকাংশ, ধমনীৰ বিভিন্ন থলী আৰু অৰ্বুদাত্মক (Cysts) কলাত এই বিধ উপাদানেৰে গঠিত। শৰীৰৰ বেছি ভাগ কলেষ্টেৰ’লেই যকৃতত সংশ্লোষিত হয়। তাৰে কিছু অংশ খাদ্যৰ দ্বাৰা শোষিত হয়। ই পৈত্তিক অম্ল (Bile acid) উৎপাদনত বাধাৰ সৃষ্টি কৰে আৰু ষ্টেৰয়ড হ’ৰ্মনৰ সমন্বয়ত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰে।
সম্প্ৰতি জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হৈ পৰিছে। এই ক্ষেত্ৰত গনসংযোগৰ মাধ্যম সমূহৰ ভূমিকা অন্যতম। কলেষ্টেৰল যে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সেয়া প্ৰতিগৰাকী সচেতন ব্যক্তিৰেই জ্ঞাত। শৰীৰত কলেষ্টেৰ’লৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে কেতবোৰ নতন নতুন ৰোগৰ উপসৰ্গৰ আৱিৰ্ভাৱ হয়। মমৰ দৰে চৰ্বিযুক্ত এই পদাৰ্থ বিধ ধমনীৰ ভিতৰত গোট খায়। তেনেদৰে ধমনীৰ ভিতৰৰ বেৰখনৰ স্থূলতা বাঢ়ি যায় আৰু মাজৰ ফুটাটো ক্ৰমে সৰু হৈ গৈ থাকে। এই প্ৰক্ৰিয়াটোক ধমনীস্থূলতা (Atherosclerosis) বোলা হয়। এই ধমনীস্থূলতাৰ ফলত ধমনীত তেজৰ গতি হয় যাৰ ফলত আন কেতবোৰ ৰোগৰ উপসৰ্গই দেখা দিয়ে। এনে মাৰাত্মক উপসৰ্গ সমূহৰ ভিতৰত হৃদাক্ষেপিক বা হৃদশূল (Angina), হৃদাক্ৰান্ত (Heart attack) আৰু মস্তিষ্ক জনিত নিয়ন্ত্ৰণাঘাত (Cerebral stroke) আদিয়েই প্ৰধান। এই আটাইকেইটি উপসৰ্গই প্ৰাণঘাতক। সেই বাবেই প্ৰত্যেক গৰাকী সচেতন ব্যক্তিয়েই কম-বেছি পৰিমাণে কলেষ্টেৰ’লৰ প্ৰতি সজাগ।
বহুতেই কলেষ্টেৰ’লক বিষৰ সৈতে ৰিজায় যদিও জানি আচৰিত হ’ব যে ইয়াৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। আমাৰ শৰীৰৰ প্ৰত্যেকটো কোষতেই ই বিদ্যমান। প্ৰত্যেকটো কোষৰ চাৰিওফালে থকা কোষবোৰৰ ই অবিচ্ছেদ্য অংগ। ইয়াৰ (Nerves) বিলাকে বিযুক্তকৰণ প্ৰাপ্তি হয়। যাৰ দ্বাৰা কোনো বস্তুৰ চাৰিওফালে বৈদ্যুতিক শক্তি অথবা পোহৰ বিচ্ছুৰক পদাৰ্থক প্ৰতিহত কৰিব পৰি তেনে পদাৰ্থ দ্বাৰা আৱৰণ দিয়াকে বিযুক্তকৰণ বোলা হয়। তদুপৰি কলেষ্টেৰ’লৰ দ্বাৰাই শৰীৰত কিছুমান অত্যাৱশ্যকীয় হৰ্ম’নো প্ৰস্তুত হয়। পীড়ন বা উত্তেজনাৰ মূহূৰ্তত আমাৰ বাবে মহত্বপূৰ্ণ কাৰ্য্য কৰা কটিছল (Cortisol) হৰম’ন আৰু স্ত্ৰী-পুৰুষৰ মাজত উজ্জীৱিত হোৱা যৌন হৰম’ন এই কলেষ্টেৰ’লেই প্ৰস্তুত কৰে। পাচত ৰসৰো ই এবিধ অন্যতম উপাদান। গতিকে এক নিৰ্দিষ্ট পৰিসীমালৈকে কলেষ্টৰেলৰ উপস্থিতি আমাৰ স্বাস্থ্যৰ বাবেই অতি উপযোগী। কিন্ত সেই পৰিসীমা পাৰ হ’লেই ই হৈ পৰে গৰল। সেই বাবে সুস্থ-সবল হৈ থাকিবলৈ কলেষ্টেৰ’লৰ এই সীমাৰ বিষয়ে বিতংকৈ জানি থোৱাতো অতি আৱশ্যকীয়।
আমাৰ শৰীৰত পোৱা মুঠ কলেষ্টেৰ’লৰ ৮০ শতাংশই যকৃতৰ ভিতৰত উৎপন্ন হয়। বাকী ২ শতাংশহে খাদ্যৰ মাধ্যমেৰে শৰীৰে বাহিৰৰ পৰা পায়। কেৱল জীৱ-জন্তৰ পৰা প্ৰাপ্ত খাদ্য পদাৰ্থ যেনে- মাংস, কণী, গাখীৰ, গাখীৰৰ পৰা উৎপাদিত খাদ্য সম্ভাৰৰ পৰাহে কলেষ্টেৰ’ল পাব পাৰি। ঘিউ, মাখন মলাই আদিত কলেষ্টেৰ’ল থাকে। উদ্ভিজ খাদ্য বা বনস্পতিৰ অকণো কলেষ্টেৰ’ল নাথাকে।
জীৰ্ণ যোৱা খাদ্যৰ পৰা অন্যান্য পুষ্টিৰ দৰে কলেষ্টেৰ’লো তেজৰ সোঁতেৰেই গোটেই শৰীৰত বিয়পি পৰে। কলেষ্টেৰ’লক তেজৰ দ্বাৰাই শৰীৰত বিয়পাবলৈ আমাৰ শৰীৰে ইয়াক এটি প্ৰ’টিনৰ আৱৰণ পিন্ধায়। প্ৰ’টিনৰ আৱৰণ পিন্ধা এই কলেষ্টেৰ’লক লাইপ’প্ৰটিন বোলা হয়।
এনে লাইপ’প্ৰটিন কেইবাবিধৰো আছে। ৰাসায়নিক গঠন, ঘনত্ব আৰু কাৰ্যকাৰিতাৰ ওপৰত নিৰ্ভৰ কৰি ইহঁতক অত ইনিম্বন ঘনত্বৰ লাইপ’প্ৰটিন (Very Low-density-lipoprotein-VLDL), নিম্ন ঘনত্বৰ লাইপ’প্ৰটিন (Low density lipoprotein- LDL) আৰু উচ্চ ঘনত্বৰ লাইপ’প্ৰটিন (High density lipoprotein – HDL) এই তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে। প্ৰথম দুবিধ - VLDL আৰু LDL ক প্ৰায়েই বেয়া কলেষ্টেৰ’ল বুলি কোৱা হয়। ট্ৰাইগ্লিছাৰাইডৰ সৈতে ইহঁতৰ সম্পৰ্ক অতি ওচৰ চপা। ইহঁতে ৰক্তবাহিকাৰ ভিতৰ ভাগৰ বেৰত আস্তৰণৰ সৃষ্টি কৰে। সেইবাবে ইহঁত বেয়া। ইয়াৰ বিপৰীতে HDL কলেষ্টেৰ’লপ্প্ৰায়ে ভাল বুলি কোৱা হয়। ইয়াত প্ৰ’টিনৰ পৰিমাণ বেছি থাকে। ই ধমনীৰ সু-স্বাস্থ্যৰ বাবে দেৱদূতৰ নিচিনা কাম কৰে। ধমনীৰ বেৰত যদি কোনো কলেষ্টেৰ’লৰ আস্তৰণ পোৱা যায়, তেন্তে এইবিধ প্ৰ’টিনে তাক আঁতৰাই নি যকৃতত পেলায়গৈ।
শৰীৰত থ্যকা এই প্ৰত্যেক বিধ কলেষ্টেৰ’লক জোখ-মাখ কৰিব পৰা কেতবোৰ উপায় জৈৱ ৰসায়নবিদ সকলে উদ্ভাৱন কৰিছে। গৱেষণা গাৰত কৰিবলগীয়া এই পৰীক্ষণীয় প্ৰক্ৰিয়াটোক স্নেহৰ লেখ বা স্নেহৰ চাৰিত্ৰিক বৈশিষ্ট্য (Lipid profile) নামেৰে জনা যায়। ইঅয়াৰ বাবে ৰোগীৰ শৰীৰৰ পৰা তেজ ল’বলগীয়া হয় আৰু তেজ লোৱাৰ ১২ ঘণ্টাৰ আগৰে পৰা উপাবাসে থকাটো বধ্যতামূলক।
সৰু বা মধ্যমীয়া আকাৰৰ ধমনীৰ ওপৰত স্নেহৰ লেখে ব্যাপকভাৱে প্ৰভাৱিত কৰে। এই ধমনী বিলাকৰ ভিতৰ ভাগৰ বেৰত কলেষ্টেৰ’ল আহি জমা হয় যাৰ ফলত ধমনীৰ সুৰুঙাটো ক্ৰমশঃ সৰু হৈ আহে। এনে সৰু সুৰুঙাৰে তেজৰ সোঁত বৈ যোৱাত বাধাপ্ৰাপ্ত হয়। তদুপৰি এনেদৰে চৰ্বি জমা হোৱাৰ ফলত ধমনীৰ ঠেক সুৰুঙাবোৰ ওখোৰা-মোখোৰা হৈ পৰে। এই ওখোৰা-মোখোৰা পথত তেজৰ সোঁতে প্ৰায়ে খুন্দা মাৰে আৰু স্বাভাৱিক গতিত বাধাপ্ৰাপ্ত হয়। কেতিয়াবা এনেদৰে খুন্দা খাই তেজৰ গতি একেবাৰে স্তব্ধ হৈ যাব পাৰে। কোনো হৃদ ধমনীত (Coronary arteries) যদি এনেকুৱা হয় তেন্তে লগে লগে হৃদাক্ৰান্ত (Heart attack) হোৱাৰ সম্ভাৱনা অতি প্ৰ্ৱল। এই একে পৰিঘটনা মস্তিষ্কত হ’লে মস্তিষকত নিয়ন্ত্ৰণাঘাত (Cerebral Stroke) হ’ব পাৰে। অৱশ্যে তেজৰ গতিয়ে ওখোৰা-মোখোৰা পথত খুন্দা খালেই যে এনে হয়, তেনে নহয়, তেজৰ গতি শ্লথ হৈয়ো বহুতো উপসৰ্গৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ভিতৰত হৃদ ধমনী (Coronary artery) ৰ যোগেদিয়েই আটাইতকৈ বেছি গভীৰ আৰু সংকটজনক। এনেবোৰ ৰোগক হৃদাক্ষেপিক বা হৃদশূল (Angina) হিচাপে পোৱা যায়। এই ৰোগবিধে ভৰিৰ ধমনীত বাৰুকৈয়ে প্ৰভাৱ পেলায় যাৰ বাবে খোজকাঢ়িলে ভৰিৰ আক্ষেপণ হয় বা বিষায়। পুৰুষৰ ক্ষেত্ৰত ধ্বজভংগ পৰ্যন্ত হ’ব পাৰে।
কলেষ্টেৰ’লে আমাৰ জীৱনলৈ আনিব পৰা বিপদসমূহৰ পৰা ৰক্ষা পাবলৈ হ’লে জীৱন শৈলীৰ কিছু পৰিৱৰ্তন ঘটোৱাটো অতো প্ৰয়োজন। কম চৰ্বিযুক্ত আহাৰ খোৱা, নিয়মীয়াকৈ শাৰীৰিক ব্যায়াম কৰা, শৰীৰৰ অতিৰিক্ত ওজন কমোৱা ইত্যাদিয়েই হ’ব পাৰে প্ৰধান উপায়। এনে উপায় সমূহ চমুকৈ তলত উল্লেখ কৰা হ’ল।
আমাৰ শৰীৰত দুই ধৰণে কলেষ্টেৰ’ল বাঢ়িব পাৰে। যেনে – (১) অধিক কলেষ্টেৰ’ল যুক্ত খাদ্য খালে, (২) শৰীৰত অধিক পৰিমাণে কলেষ্টেৰ’ল উৎপন্ন হ’লে। প্ৰাণী জগতৰ শৰীৰত এক প্ৰকাৰ অদ্ভূদ প্ৰক্ৰিয়া পৰিলক্ষিত হয়। প্ৰাণীয়ে অতিৰিক্ত কেলৰিক চৰ্বিলৈ আৰু অতিৰিক্ত চৰ্বিক কেলৰিলৈ পৰিৱৰ্তন কৰিব পাৰে। সেইবাবে অতিৰিক্ত কলেষ্টেৰ’লৰ পৰা ৰেহাই পাবলৈ হ’লে ক’লেষ্টেৰ’ল যুক্ত খাদ্য সেৱন পৰিহাৰ কৰিব লাগিব। তেনে কৰিলে খাদ্যৰ পৰা পোৱা অতিৰিক্ত মুঠ কেলৰি মাণত এক প্ৰতিবন্ধকতাৰ সৃষ্টি হয়। এই দৃষ্টি কোণৰ পৰা চাবলৈ গ’লে দেশী-বিদেশী সকলো ফাষ্ট ফুড আৰু জাংক ফুড পৰিহাৰ কৰা উচিত। কাৰণ এই খাদ্য সম্ভাৰবোৰত অত্যাধিক কেলৰিমান যুক্ত অৰ্থাৎ চৰ্বিৰে ভৰপুৰ।
গাখীৰৰ পৰা উৎপন্ন হোৱা সামগ্ৰীবোৰ অতি উচ্চমানৰ সংপৃক্ত প্ৰাণীজ চৰ্বিযুক্ত। মাখন, ঘিউ, মলাই। পনীৰ আদি তেনেবোৰ খাদ্য। আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় মুঠ কেলৰিৰ খুব বেছিকৈ ১০ শতাংশহে এনে খাদ্য সম্ভাৰৰ পৰা আহৰণ কৰা উচিত। যিসকলে গাখীৰ বা দুগ্ধজাত খাদ্য সম্ভাৰ খাই খুব ভাল পায়, তেওঁলোকে চৰ্বিযুক্ত বা ডাবল টোন্ড (Double toned) গাখীৰ বা তেনে গাখীৰৰ পৰা উৎপাদিত খাদ্য দ্ৰব্য খোৱা উচিত।
আজিৰ ফাষ্ট ফুড আৰু জাংক ফুডৰ যুগতো নিৰামিষহাৰী লোকৰ অভাৱ নাই। তথাপিতো যিসকলে আমিষ ভোজন কৰে, তেওঁলোকে প্ৰাণীৰ মগজু, কলিজা, চৰ্বি, কনিইৰ হালধীয়া অংশ ইত্যাদি খোৱাটো পৰিহাৰ কৰিব লাগে বা ক্ৰমান্বয়ে কমাই আনিব লাগে। জন্তুৰ মাংসৰ এই অংগবোৰত কলেষ্টেৰ’ল ইমান বেছি পৰিমাণে থাকে যে ইহঁতক নিয়মীয়াকিও সেৱন কৰিলে শৰীৰৰ গোটেই কলেষ্টেৰ’লৰ ৰাসায়নিক সংগঠন ওলট-পালট হ’বলৈ বেছি সময় নালাগে। আমিষ আহাৰ খাবলৈ যদি ইমানেই ইচ্ছা হয় তেন্তে মাছ খাওক। মাছত ‘অ’মেগা- ৩’ নামৰ এবিধ ফেটি এছিড পোৱা যায়। এইবিধ এছিডে তেজত থকা ক্ষতিকাৰক ট্ৰাইগ্লিৰাইড আতঁৰায় আৰু হৃদপিণ্ড সুৰক্ষিত কৰে।
ফল-মূল, সেউজীয়া শাক-পাচলি, মাহজাতীয় খাদ্য, শস্যজাত খাদ্য আদি পানীত দ্ৰৱণীয় তন্তজাতীয় খাদ্য। এই তন্তবিলাকৰ এনে গুণ আছে যাৰ দ্বাৰা ইহঁতে কলেষ্টেৰ’লক আৱদ্ধ কৰিক্ষতিকাৰক ক্ৰিয়াৰ পৰা শৰীৰক ৰক্ষা কৰে। এনেবোৰ খাদ্য নিয়মীয়াকৈ সেৱন কৰিলে LDLৰ স্তৰ ক্ৰমান্বয়ে কমি আহে আৰু স্বাস্থ্য বৰ্ধক HDLৰ স্তৰ ওপৰলৈ উঠি আহে। নিৰামিষাহাৰী হ’বলৈ কোৱাৰ ইও এটা অন্যতম কাৰণ।
সন্তলিত ভোজনত প্ৰায় ৩০% চৰ্বি বা তেল জাতীয় পদাৰ্থ থাকিব পাৰে। এনে চৰ্বি তিনি প্ৰকাৰৰ হ’ব পাৰে – সংপৃক্ত স্নেহ (Saturated fat), একক অসংপৃক্ত স্নেহ (Monounsaturated fat) আৰু বহু অসন্সপৃক্ত স্নেহ (Poly unsaturated fat)। সংপৃক্ত স্নেহই কলেষ্টেৰ’লৰ LDL অংশ বৰ্ধিত কৰে। সেইবাবে এইবিধ স্নেহক ভোজনৰ ক্ষেত্ৰত অতি সীমিত পৰিমাণে ব্যৱহাৰ কৰিব লাগে। অসংপৃক্ত স্নেহই কলেষ্টেৰ’লএ LDL অংশক বৰ্ধিত কৰে। সেই বাবে এই বিধ স্নেহক ভোজনৰ ক্ষেত্ৰত অতি সীমিত পৰিমাণে ব্যৱহাৰ কৰিব লাগে। অসংপৃক্ত স্নেহই কলেষ্টেৰ’লৰ HDL অংশত বৰ্ধিত কৰে। গতিকে এইবিধ স্নেহ আমাৰ বাবে ক্ষতিকাৰক নহয়। কিছুমান খাদ্যজাত সামগ্ৰী একক অসংপৃক্ত স্নেহ আৰু কিছুমানক বহু অসংপৃক্ত স্নেহ বা তেলত ৰন্ধাটো স্বাস্থ্য পক্ষে যথেষ্ট উপকাৰী। সেই দৃষ্টিৰে চাবলৈ গ’লে (Safflower), সূৰ্যমূখী বা বেলি ফুল (Sunflower), ঘেহুঁ, মাকৈ, সৰিয়হ আদিৰ পৰা উলিয়াই লোৱা তেল স্বাস্থ্যৰ বাবে অধিক উপকাৰী। নাৰিকল তেল, বনস্পতি ঘিউ, মাখন আদি সংপৃক্ত স্নেহৰ ভাণ্ডাৰ। সেইবাবে ইহঁতক ৰন্ধন কাৰ্য্যত ব্যৱহাৰ কৰাটো মুঠেও স্বাস্থ্য সন্মত বিধিত নপৰে আৰু এটা মনত ৰাখিবলগীয়া কথা এই যে হাইড্ৰ’জেন যুক্ত বনস্পতি ঘিয় ভূলতেও যেন ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা নহয়। কাৰণ ই স্বাস্থ্যৰ পক্ষে অধিক ক্ষতিকাৰক। ইয়াৰ ট্ৰান্স (trans) ফেটি এছিড থাকে যিয়ে মাটিত পৰি থকা চিলনীজনী নিমিষতে আকাশ পোৱাৰ দৰে কলেষ্টেৰ’লৰ LDL ক বৰ্ধিত কৰে, যিকোনো খাদ্য সামগ্ৰীক তেলত ভজাৰ পৰিৱৰ্তে সেকি খোৱাই বেছি উত্তম।
পিঁয়াজ, নহৰু, আদা আদি হৈছে এলিয়াম (Allium) পৰিয়ালৰ অন্তৰ্ভূক্ত শৰীৰৰ বাবে অতি উপযোগী বনস্পতি। বিজ্ঞানী সকলে পৰীক্ষা কৰি পাইছে যে এই কেই বিধ মছলা জাতীয় খাদ্য নিয়মীয়াকৈ গ্ৰহণ কৰিলে শৰীৰত থকা ক্ষতিকাৰক কলেষ্টেৰ’লৰ পৰিমাণ হ্ৰাস পায় আৰু HDL কলেষ্টেৰ’লৰ পৰিমাণ বৃদ্ধি পায়। তদুপৰি তেজৰ অণুচক্ৰিকাবোৰৰ আঠালেতীয়া গুণো হ্ৰাস কৰাৰ ক্ষমতা ইহঁতৰ আছে। এই কেইবিধ মছলা জাতীয় খাদ্যই ৰক্ত চাপকো নিয়ন্ত্ৰণ কৰি ৰাখে।
সকলো ধৰণৰ মিঠই, কেক, বিস্কুট, পেষ্ট্ৰিজ, জাম-জেলি, মৌ, মুৰাব্বা, মিঠা আচাৰ, চাটনি, চকলেট, বৰ্ণভিটা, হৰলিক্স, কন্দমূলযুক্ত পাচলি আদি খাদ্যবোৰ পাৰ্য্যমানে কমাই খাব। এই বিলাক খাদ্যত থকা কেলৰিৰ পৰিমাণ বৃদ্ধি পাব পাৰে।
দুটা গুৰু আহাৰৰ মাজত যদি লঘু আহাৰ খোৱাৰ অভ্যাস আছে অৰ্থাৎ দিনৰ ১০ মান বজাত আৰু সন্ধিয়া নাস্তা কঁৰাৰ অভ্যাস আছে তেন্তে চালাড আৰু ফলমূল সেৱন কৰক। গাজৰ, মূলা, পিঁয়াজ আদিৰ দ্বাৰা চালাড প্ৰস্তুত কৰিব পাৰে। এনেবোৰ খাদ্যত লঘু পৌষ্টিক তত্ত্বটো থকেই, কেলৰি মানো নিম্নখাপৰ হয়। ইয়াৰ পৰিৱৰ্তে যদি বিস্কুট, ভূজিয়া বা অন্যান্য ফাষ্ট আৰু জাংক ফুড খাবলৈ লোৱা হয় তেন্তে ক্ষতিকাৰক কলেষ্টেৰ’লৰ পৰিমাণ বৃদ্ধি হোৱাটো নিশ্চিত। বনস্পতিৰ ভিতৰত পৰা ফল, পাচলি, শস্য আদিবোৰত কলেষ্টেৰ’ল বেছিকৈ নাথাকে। ইহঁত দুয়োটাকে খনিজ পদাৰ্থৰে ভৰপুৰ হৈ উঠিব।
তেজ পৰিবহনৰ বাবে ভিটামিন চি, ই, বি৬, নিয়াছিন, মেগনেছিয়াম, কেলছিয়াম, দস্তা, তাম, ক্ৰমিয়াম, চেলিনিয়াম, কাৰ্নেটিন আৰু লেছিথিন আদি বৰ উপকাৰী। এনে ভিটামিন আৰু খনিজ লৱণ থকা খাদ্য সেৱন কৰিলে শৰীৰৰ তেজ চলাচল কৰা প্ৰক্ৰিয়াৰ ওপৰত স্বাস্থ্যকাৰী প্ৰভাৱ পৰে। অধ্যয়নৰ দ্বাৰা এইটোও প্ৰতীয়মান হৈছে যে এইবোৰ দ্ৰব্য নিয়মীয়াকৈ সেৱন কৰিলে ধমনীত জমা হোৱা চৰ্বিবোৰ আঁতৰি যায়।
বহুতেই বিশ্বাস কৰে যে এলকহল বা মদ হৃদপিণ্ডৰ বাবে উপকাৰী। কিন্ত এইটোও স্পষ্ট যে অত্যাধিক মদ্যপানে ট্ৰাইগ্লিছাৰাইডৰ পৰিমাণ বঢ়ায়। আৱশ্যে নিয়মীয়াকৈ ৬০ মিঃলিঃ অৰ্থাৎ এক পেগ এলকহল সেৱন কৰিলে কোনোধৰণৰ অপকাৰ নহয়।
নিতৌ ৩০ ৰ পৰা ৪৫ মিনিট সময় ধৰি ব্যায়াম কৰাটো স্বাস্থ্যৰ পক্ষে অতি উত্তম। খোজকঢ়া, চাইকেল চলোৱা, ধীৰ গতিৰে দৌৰা, সাঁতোৰ আদিৰ দৰে শাৰীৰিক ব্যায়ামবোৰেও শৰীৰৰ কলেষ্টেৰ’ল নিয়ন্ত্ৰণ কৰিব পাৰে। শাৰীৰিক ব্যায়ামৰ অন্যান্য উপকাৰীতাও নোহোৱা নহয়। ই আমাৰ শাৰীৰিক আৰু মানসিক পীড়নে হৃদপিণ্ডত থকা ৰক্তবাহিকা সমূহত মাৰাত্মক ৰোগৰ সৃষ্টি কৰিব পাৰে। শাৰীৰিক ব্যায়ামে আমাৰ শৰীৰৰ পেশী আৰু হাড়বোৰ শক্তিশালী কৰি তোলে। তদুপৰি ইয়াৰ ডাঙৰ উপকাৰিতা হৈছে ইয়াৰ ৰোগ প্ৰতিৰোধ শক্তি বহুগুণে বঢ়ায় পাৰে।
কেতিয়াবা কেতিয়াবা জীৱনশৈলী পৰিৱৰ্তন কৰাৰ পাছতো কলেষ্টেৰ’ল নিয়ন্ত্ৰিত নহ’বও পাৰে। তেনে ক্ষেত্ৰত পৰিৱৰ্তিত জীৱন-শৈলীতে নিৰ্ভৰ কৰি বহি থাকিলে হৃদাক্ৰান্ত অথবা ষ্ট্ৰোকৰ দৰে মাৰাত্মক বিপৰ্যয়ো ঘটিব পাৰে। গতিকে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ মৰ্মে যথোপযুক্ত ঔষধ সেৱন কৰি বিপদৰ পৰা আগতীয়াকৈ মুক্তি লভিব পৰাটোও বুদ্ধিমানৰ কাম।
আপুনি জীৱন-শৈলী পৰিৱৰ্তন কৰিছে। তথাপিতো
লেখক: ডাঃ ৰফিক আলী, স্বাস্থ্য চৰ্চা
শেহতীয়া উন্নীতকৰণ: : 4/24/2020
প্ৰকৃতি পাঠ... সহজ, মনোগ্ৰাহী আৰু ফলপ্ৰসু বিষয়
টী মেনেজমেন্ট বিষয়ত কেৰিয়াৰ