কলিজাৰ ৰোগ
কৈশোৰতে পঢ়া এটা ইংৰাজী কবিতাৰ ব্যক্তব্য ৰিণিকি ৰিণিকি মনত পৰিছে। কবিয়ে কৈছে, ‘মোৰ হৃদয়ৰ দুৱাৰখন কপ কপিয়াকৈ বন্ধ কৰি তাত লিখি থ’লো-ইয়াত কোনো নোসোমাবা। মোৰ হৃদয়খনে নিৰলে কাম কৰি আছে, আমনি নকৰিবা। কিন্তু দুষ্টালিৰে ভৰা হাঁহি এটি মাৰি ধুমুহাৰ গতিৰে ৰুদ্ধ দুৱাৰ খুলি সোমাই আহিল ‘প্ৰেম’ আৰু বুকু ফিন্দাই ক’লে- ‘মোক কোনেও বাধা দি ৰাখিব নোৱাৰে। মই য’তে মন যায় তাতেই প্ৰৱেশ কৰিব পাৰো। এইটো কোনো ভয় স্ংশয় কৰিবলগীয়া কথা নহয়। প্ৰেমে বয়স নুবুজে, সময় নুবুজে, নুবুজে কোনো বাধাও নামানে। বাধাহীন উৰ্মীমালাৰ দৰে সি কলিজাৰ দুৱাৰ ভাঙি সোমাওক, ওলাওক বা মণিকোঠাত নিগাজিকৈ সোমায় থাকক কোনো আপত্তি নাই। পিছে ৰোগৰ অনুপ্ৰৱেশ ঘটি যাতে অকালতে হৃদয়ৰ গতি ৰুদ্ধ কৰি পেলাব নোৱাৰে তাৰ বাবেহে আমি অতন্ত্ৰ প্ৰহৰী হৈ থাকিব লাগে। প্ৰেমৰ কথা নহয়, যোৱা ২০ ডিচেম্বৰৰ সন্ধিয়াপৰত হৃদৰোগৰ কথাইহে বিশেষকৈ গুৰুত্ব লাভ কৰিছিল। অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ ড০ দেৱজিত ভট্টাচাৰ্য, যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপিকা নীলাঞ্জনা, গুৱাহাটীৰ সোনাই ঘুলিৰ কৃষ্ণ আৰু ৰাধা কুটুমৰ হৃদয়ৰ বাতৰি লওতেই কলিজাৰ স্পন্দন স্তব্ধ হৈ যোৱাৰ প্ৰস্ংগ উত্থাপিত হৈছিল। এইটো সকলোৱে জনা কথা যে আয়ুবেলি মাৰ যাবৰ পৰত এদিন সকলোৰে হৃদয়ৰ গতি চিৰদিনৰ বাবে ৰুদ্ধ হৈ পৰিব। কিন্তু সময় নৌহওতেই আংশিক বা সম্পূৰ্ণৰুপে স্তব্ধ হৈ পৰিব বুলি ভবাটোৱেই বেদনাদায়ক কথা। সেয়ে ‘ফাল চাচোতেই মাহৰ বতৰ’ যাবলৈ দিয়াতকৈ হাতত সময় থাকোতেই হৃদয়ৰ বতৰা লৈ যথাযথ ব্যৱস্থা হাতত লোৱাটো বাঞ্চনীয়। আজিৰ যৎকিঞ্চিত আলোচনাৰ উদ্দেশ্যও সেয়াই।
মানুহৰ হৃদপিণ্ডটো যিহে এক আশ্চৰ্যজনক যন্ত্ৰ, তাৰ সবিশেষ থোৰতে ক’বলৈ যোৱাটো আলাসত চাং পতাৰ দৰে কথা। জিৰণিবিহীনভাবে অহৰহ কাম কৰি থকা এই হাতৰ মুঠিটোৰ সমান আকাৰৰ অংগটোৱে বিদ্যুত গতিৰে শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ লৈ শোণিত সৰবৰাহ কৰে। দেখাত গাইগুটীয়া অংগ যেন লাগিলেও প্ৰকৃততে সোঁ আৰু বাওঁফালে থকা দুটা পাম্পৰ সমষ্টি। সোঁফালৰ অংশই দেহৰ বিভিন্ন অংশৰ পৰা গ্ৰহণ কৰা অপৰিশোধিত ৰক্ত পাম্প কৰি হাওঁফাওঁ দুখনতে খহাই দি নতুনকৈ অম্লজান বোজা গ্ৰহণ কৰে। অম্লজানবাহী ৰক্ত স্ৰোত এইবাৰ বাওঁ কলিজাৰ কোঠালিয়া পাম্পত প্ৰৱেশ কৰে। ইয়াৰ পৰাই পৰিশোধিত তেজ দেহৰ দিহিঙে দিপাঙে থকা অংগপ্ৰত্যংগলৈ ধাৱিত হয়। কলিজাৰ দুয়োটা অংশই নিজৰ নিজৰ কাম স্বাভাৱিকভাৱে কৰে যদিও স্বাভাৱিক ৰক্ত সঞ্চালনৰ খাতিৰত স্বাভাৱিক পৰিস্থিতিত ই সমন্বিতভাৱে সেৱস আগবঢ়ায়। বৃটিছ ব্ৰ্ডক্ৰাষ্টিং কৰ্পোৰেছনৰ ( BBC)এসময়ৰ ‘ৰেডিঅডক্তিৰ’ হিচাপে পৰিচিত ডা: ক্লিফৰ্ড আৰ এণ্ডাৰছনৰ মতে, কলিজা নামৰ এই ক্ষুদ্ৰ যন্ত্ৰটো নিতৌ একলক্ষবাৰ কৈ স্পন্দিত হয় আৰু ই অতি কমেও ৯৬,০০০ কিলোমিটাৰ জোৰা ক্ষুদ্ৰাতিক্ষুদ্ৰ ৰক্তবাহী নলীয়েদি ৰক্ত সঞ্চালিত কৰে।
ওপৰত উল্লেখ কৰা হৈছেই যে হৃদযন্ত্ৰটো সোঁ আৰু বাওঁ হিচাপে দুটা ভাগত বিভক্ত। দুই ভাগত দুটাকৈ মুঠ চাৰিটা কোঠালি থাকে। তলৰ পিনে সোঁ আৰু বাওঁ নিলয় তথা ওপৰৰ পিনে থাকে সোঁ অৰু বাওঁ অলিন্দ। একোখনকৈ বিভাজনকাৰী বেৰে দুই নিলয় আৰু দুই অলিন্দক ভাগ কৰিছে। এই সোঁফালে থকা নিলয়ে তেজ পাম্প কৰি পালম’নাৰী ধমনীৰ সহায়ত হাওঁফাওঁলৈ হাওঁঅফাওঁলৈ পঠিয়ায়। আকৌ হাওঁফাওঁৰ দ্বাৰা পৰিশওধিত হোৱা তেজ পালম’নাৰী সিৰাৰে বাওঁ অলিন্দইদি আহি বাওঁ নিলয়ত প্ৰৱেশ কৰেহি। পুনশ্চ বাওঁ নিলয়ৰ পৰ্যাপ্ত স্ংকোচনৰ ফলতে পৰিশোধিত ৰক্ত শৰীৰৰ বিভিন্ন অংশলৈ বিয়পি পৰে। কিন্তু দুৰ্ভাগ্যবশত: যিকোনো কাৰণত যদি নিলয়ৰ স্ংকোচন ব্যাহাত হয়, বা যথাযথ নহয়, তেতিয়াই ততক্ষণিকভাৱে ৰক্ত সৰবৰাহ ব্যাহত হোৱাটো অৱধাৰিত। ইয়াকে কলিজাৰ গতি ৰুদ্ধ অৱস্থা বা কাৰ্ডিয়াক এৰেষ্ট বুলি থোৰতে ক’ব পাৰি।
ড° ললিত খাটনিয়াৰ
শেহতীয়া উন্নীতকৰণ: : 10/6/2018