আজিৰ পৰা চাৰি দশক আগতে মেডিকেল কলেজলৈ মণিপুৰৰ পৰা পেটৰ বিষৰ ৰোগী আহি ওলালে পোনতেই কিডনিৰ পাথৰৰ কথা ভাবিবলৈ আমাক আমাৰ চাৰসকলে শিক্ষা দিছিল৷ মণিপুৰৰ বহুতো কিডনিৰ পাথৰৰ ৰোগী অপাৰেচন কৰাবলৈ ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজলৈ আহিছিল৷ কিন্তু বৰ্তমান কেৱল মণিপুৰতেই নহয় অসম আৰু ভাৰতৰ আন আন ঠাইটো কিডনিৰ পাথৰৰ ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে৷ আনকি কম বয়সীয়া লোকৰো কিডনিৰ পাথৰ হোৱাটো চিকিৎসকৰ বাবে উদ্বেগৰ বিষয় হ’ব ধৰিছে৷ দিনক দিনে মানুহৰ খাদ্যাভাসৰ পৰিবৰ্তন আৰু আধুনিক জীৱনশৈলীৰ (লাইফষ্টাইল) ফলত কিডনিৰ পাথৰ হোৱা ৰোগ বাঢ়িছে বুলি অনুমান কৰা হৈছে৷ আজিৰ লিখনিৰ মাধ্যমেৰে পাঠকসকলক এই ৰোগৰ কাৰণ আৰু প্ৰতিকাৰৰ বিষয়ে এটি আভাস দিবলৈ প্ৰয়াস কৰিম৷
কিডনি বা বৃক্ক হ’ল মানৱ দেহৰ সেই অপৰিহাৰ্য্য অংগ যাৰ কাম হ’ল ৰক্তশোধন কৰি মূত্ৰ উৎপন্ন কৰা৷ শৰীৰৰ ওপৰ পেটৰ মাংসপেশীৰ আশ্ৰয়লৈ ৰাজহাঁড়ৰ দুকাষে একোটাকৈ কিডনি থাকে৷ দুয়োপিনে দুডাল ইউৰেটাৰ বা মূত্ৰনলীয়ে কিডনিক মূত্ৰাশয় বা ইউৰিনেৰি ব্লাডাৰৰ লগত সংযোগ কৰিছে৷ মূত্ৰাশয়ৰ পৰা প্ৰসাৱ বাহিৰলৈ ওলোৱা নলী অংশক ইউৰেথ্ৰা বোলে৷ কিডনিত পাথৰ হ’লে তাৰ প্ৰভাৱ বৰ্ণনা কৰা এই গোটেই মূত্ৰ প্ৰণালীটোতেই পৰে৷
মানুহৰ প্ৰসাৱত এটা নিৰ্দিষ্ট পৰিমাণত পানী, নিমখ,খনিজ তত্ব আদি থাকে যাৰ সন্তুলনত খেলিমেলি হ’লেই পাথৰ সৃষ্টি হোৱা পৰিবশ উৎপন্ন হয়৷ এতিয়া কিডনিৰ পাথৰ কেনে ধৰণৰ হ’ব পাৰে আৰু তেনে হোৱাৰ কাৰণ সমূহৰ ওপৰত আলোকপাত কৰিম৷
১) কেলচিয়ামযুক্ত পাথৰ – বেচি ভাগ কিডনিৰ পাথৰ হ’ল কেলচিয়াম অক্সালেটৰ৷ অৱশ্যে কিছুমান পাথৰ কেলচিয়াম ফচফেটৰো হয়৷ যেতিয়া প্ৰসাৱত কেলচিয়ামৰ মাত্ৰা বাঢ়ি যায় তেতিয়া পাথৰৰ সৃষ্টি হবলৈ ধৰে৷ কেতিয়াবা জন্মগত বিজুতিৰ ফলতো প্ৰসাৱত কেলচিয়াম বাঢ়িব ধৰে৷ আকৌ কিছুমানৰ পেৰাথাইৰয়ড গ্ৰন্থিৰ অতি সক্ৰিয়তাৰ ফলতো শৰীৰত কেলচিয়াম বাঢ়িব পাৰে৷
২) ইউৰিক এচিডৰ পাথৰ- বেচিকৈ মাংস খোৱা মানুহৰ তেজত ইউৰিক এচিড বাঢ়ে৷ তেজত বৰ্ধিত ইউৰিক এচিডে গাউট ৰোগ কৰে ৷ এই ইউৰিক এচিডৰ উপস্থিতিত প্ৰসাৱ বেচিকৈ এচিডিক হয় আৰু কিডনিত ইউৰিক এচিডৰ পাথৰৰ সৃষ্টি হয়৷
৩) সংক্ৰমণৰ ফলত হোৱা পাথৰ – মূত্ৰ প্ৰণালীৰ বাৰে বাৰে হোৱা দীঘলীয়া সংক্ৰমণৰ ফলতো পাথৰ উৎপন্ন হব পাৰে৷ এনে পাথৰ মহিলাৰ বেচিকৈ হোৱা দেখা যায়৷ এনে পাথৰে কম সময়তে ডাঙৰ আকৃতি ধাৰণ কৰিব পাৰে৷
৪) চিষ্টিনে কৰা পাথৰ- কিছুমান মানুহৰ শৰীৰত জন্মগত বিসংগতিৰ কাৰণে চিষ্টিন নামৰ এমাইনো এচিড বেচিকৈ উৎপন্ন হয়৷ প্ৰসাৱত বৰ্ধিত চিষ্টিনে পাথৰ কৰিব পাৰে৷
বহু সময়ত একো লক্ষণ দেখা নোযোৱাকৈয়ো থাকিব পাৰে৷ কিন্তু এটা বা ততোধিধ পাথৰ যেতিয়া কিডনিৰ পৰা নামি মূত্ৰনলীলৈ আহে তেতিয়া নিম্নলিখিত লক্ষণসমূহে দেখা দিব পাৰে :- পেটত কঁকালত প্ৰবল বিষ, বিষ কৰঙণলৈকে নামি অহা, প্ৰসাৱত তেজ যোৱা, প্ৰসাৱত শ্বেত কণিকা- পূঁজ ওলোৱা, দূৰ্গন্ধময় ঘোলা প্ৰসাৱ হোৱা, ওকলি আৰু বমি হোৱা, প্ৰসাৱত জ্বলাপুৰা কৰা, সঘনাই কম কম প্ৰসাৱ হোৱা, কঁপনি জ্বৰ হোৱা ইত্যাদি৷
মহিলাৰ তুলনাত পুৰুষৰ কিডনিৰ পাথৰ বেচিকৈ হোৱা দেখা যায়৷ সাধাৰণতে ৰোগীৰ বয়স ৩০-৫০ৰ ভিতৰৰ হয়৷
কিডনিৰ পৰা নামি অহা পাথৰে মূত্ৰ প্ৰণালীৰ যি কোনো ঠাইতে আবদ্ধ হৈ গ’লে মূত্ৰৰ প্ৰবাহ বাধা প্ৰাপ্ত কৰি কিডনি আৰু ইউৰেটাৰক ফুলাই তুলিব পাৰে৷ এনে অৱস্থাক হাইড্ৰনেফ্ৰচিচ আৰু হাইড্ৰইউৰেটাৰ বোলে৷ সময়মতে এনে অৱস্থাৰ চিকিৎসা নকৰিলে কিডনি বিনষ্ট হ’ব পাৰে৷
ইয়াৰ বাবে লাইফষ্টাইল আৰু খাদ্যাভাসৰ পৰিৱৰ্তন আৱশ্যক হ’ব পাৰে৷ মদ্যপান আৰু ধূম্ৰপাণ পৰিহাৰ কৰিব লাগিব৷ এলেহুৱা স্বভাৱ এৰিব লাগিব৷ ফাষ্টফুডৰ মোহ বাদ দিব লাগিব৷ অতিমাত্ৰা জৈৱিক প্ৰটিন অৰ্থাৎ সকলো ধৰণৰ মাংস খোৱা কমাব লাগিব৷ ঔষধৰ ব্যৱহাৰৰ ক্ষেত্ৰত যধেমধে এন্টাচিড আৰু এন্টিবায়টিক নোখোৱাই মংগলদায়ক৷ যধেমধে কেলচিয়াম আৰু ভিটামিন-ডিযুক্ত ঔষধ খোৱা বাদ দিব লাগিব৷ বেচি পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন-ডি প্ৰয়োগে তেজ আৰু প্ৰসাৱত কেলচিয়ামৰ মাত্ৰা বঢ়াই পাথৰৰ সৃষ্টি কৰে৷ আমেৰিকাৰ ক্ৰিগটন ইউনিভাৰ্চিটিৰ মেডিকেল চেন্টাৰে এই কথাটোৰ সত্যতা নিৰূপণ কৰিছে৷ আনহাতে খাদ্যত থকা কেলচিয়ামে পাথৰ সৃষ্টি নকৰে৷ বৰঞ্চ কম কেলচিয়ামযুক্ত খাদ্যইহে পাথৰ উৎপন্ন কৰাত সহায়ক হয়৷ গাখীৰ,দৈ,পনীৰ, ফলমূল, সেউজীয়া পাচলি,কণী আদিত কেলচিয়াম থাকে৷ বেচি ফাইবাৰ অৰ্থাৎ আঁহযুক্ত খাদ্য খাবলৈ বাচনি কৰিব৷
আটাইতকৈ লাগতিয়াল কথা হ’ল খোৱা পানীৰ পৰিমাণ৷ দিনে আঢ়ৈৰ পৰা চাৰে তিনি লিটাৰ পানী খোৱাটো একান্ত আৱশ্যক৷ আমি ব্যায়াম কৰোতে বা যি কোনো শ্ৰম কৰোতে ঘামো৷ সেই ঘামত ওলোৱা পানীখিনি ততালিকে পানী বা চৰবত খাই পূৰণ কৰাটো উচিত৷ সদায় এটা কথা লক্ষ্য কৰা ভাল- প্ৰসাৱ যাতে পৰিস্কাৰ আৰু পাতল থাকে – কাৰণ তেনে প্ৰসাৱত সাধাৰণতে পাথৰ উৎপন্ন নহয়৷
অক্সালেটনো কি ? কিডনিত কেচিয়াম অক্সালেট পাথৰ সৃষ্টি হলে চিকিৎসকে অক্সালেটযুক্ত খাদ্য খাবলৈ বাৰণ কৰে৷ সেইবিলাকৰ উদাহৰণ হ’ল – পালেং, ৰঙা মৰীচা, পূৰৈশাক, বীট, মিঠা আলু, ভেন্দি, চয়াবীন, বাদাম, চাহ, চকলেট৷ আজিকালি চিকিৎসকৰ এই নিসিদ্ধকৰণৰ ধাৰণাটো কিছু সলনি হৈছে৷ একেসময়তে কেলচিয়ামযুক্ত খাদ্য আৰু অক্সালেটযুক্ত খাদ্য গ্ৰহণ কৰিলে যেহেতু কেলচিয়াম আৰু অক্সালেটৰ সন্মিলন পাক প্ৰণালীতেই হ’ব গতিকে কিডনিৰ পাথৰ উৎপন্ন হ’বলৈ সুযোগ নাপাব৷ আনহাতে কেৱল মাত্ৰ অক্সালেটযুক্ত খাদ্য গ্ৰহণ কৰিলে কিডনিত প্ৰসাৱৰ নিৰ্মাণ চলি থকা অৱস্থাত অক্সালেটে কেলচিয়ামৰ সৈতে লগ লাগি পাথৰ সৃষ্টি কৰে৷
চেনফ্ৰেন্সচিচকোৰ ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়াৰ পৰা প্ৰকাশিত এক প্ৰতিবেদনত কোৱা মতে দৰৱ বা খাদ্যৰ অতিমাত্ৰা জিংকো কিডনিৰ পাথৰ সৃষ্টিৰ এক কাৰক হ’ব পাৰে৷
লক্ষণসমূহৰ পৰাই অনায়াসে কিডনিৰ পাথৰৰ উপস্থিতিৰ কথা জানিব পাৰি৷ কিন্তু লক্ষণ দেখা নিদিয়া বহুজনৰ ৰোগ আন যি কোনো কাৰণত কৰা পেটৰ এক্সৰে বা আলট্ৰাচাউণ্ডত ধৰা পৰে৷ আই ভি পি, চিটিস্কেন , এম আৰ আই আদি পৰীক্ষাৰ দ্বাৰা পাথৰৰ অৱস্থান আদিৰ বিষয়ে বিতংকৈ জানিব পাৰি৷ তেজত ইউৰিক এচিড, কেলচিয়ামৰ পৰিমাণ পৰীক্ষা কৰাটো বাঞ্চনীয়৷ প্ৰসাৱৰো বিতং পৰীক্ষাৰ আৱশ্যক৷ প্ৰসাৱত নিৰ্গত হোৱা পাথৰটোৰ বিশ্লেষণ কৰা ভাল৷ কেলচিয়ামৰ পাথৰ সাধাৰণতে মিহি বা খহটা আৰু মজলীয়াৰ পৰা ডাঙৰ আকৃতিৰ হয়৷
কেৱল বিষ যন্ত্ৰণা বেচি হোৱা ৰোগীকহে চিকিৎসালয়ত ভৰ্তি কৰি চেলাইন, বমি প্ৰতিৰোধক আৰু বিষনাশক বেজী দি চিকিৎসা কৰা হয়৷ ডাঙৰ পাথৰ হোৱা ৰোগীৰ পাথৰ অপাৰেচন কৰি বাহিৰ কৰা হয়৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত লিথোট্ৰিপচি নামৰ শ্বক বা ভাইব্ৰেচন দি বিনা অপাৰেচনে প্ৰসাৱত পাথৰ নিৰ্গত কৰোৱাৰ প্ৰয়াস কৰা হয়৷ কিন্তু এনে শ্বকৱেভ চিকিৎসা লোৱা কিছুমানৰ পৰৱৰ্তী সময়ত ডায়েবেটিজ ৰোগ হয়৷ পাথৰ মূত্ৰনলী বা ব্লাডাৰত থাকিলে পেটৰ ফলাচিঙা নকৰাকৈয়ো আধুনিক যন্ত্ৰপাতিৰ সহায়ত বাহিৰ উলিয়াই আনিব পাৰি৷
ৰোগ গুৰুতৰ নোহোৱা আন সকলো কিডনিৰ ৰোগীয়ে ঘৰত থাকিয়ে চিকিৎসা লব পাৰে৷ এনে ৰোগীক বিষ কমোৱা দৰৱ, মূত্ৰনলীৰ শিথিলতা অনা দৰৱ, বেচিকৈ প্ৰসাৱ হোৱা দৰৱ ইত্যাদি ৰোগীভেদে দি চিকিৎসা কৰা হয়৷ ৰোগীয়ে প্ৰসাৱত পাথৰ নিৰ্গত হ’লে সেই পাথৰ নিজৰ চিকিৎসকক দেখুউৱা উচিত৷
কেলচিয়ামযুক্ত পাথৰক ৰোগীক থায়াজাইড ডাইয়ুৰেটিক নাইবা আন ফচফেটযুক্ত ঔষধেৰে চিকিৎসা কৰা হয়৷ ইউৰিক এচিডৰ পাথৰৰ ৰোগীক এলোপিউৰিনল সেৱন কৰিব দিয়া হয়৷ বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত হোৱা পাথৰৰ চিকিৎসা উপযুক্ত এন্টিবায়টিকৰ দ্বাৰা কৰা হয়৷চিষ্টিন পাথৰৰ চিকিৎসা কিছু জটিল৷ নিৰ্দিষ্ট চিষ্টিন প্ৰতিৰোধক দৰবৰ ওপৰিও ৰোগীক বেচিকৈ প্ৰসাৱ হ’বলৈ প্ৰচুৰ পানী খুউৱাৰ প্ৰয়োজন৷
ডাবৰ পানী, নেমু, কমলা বা মৌচম্বীৰ চৰবত নিতৌ খাব ৷ চৰবতত নিমখ কমকৈ দিব আৰু পৰাপক্ষত চেনিৰ সলনি চুগাৰফ্ৰি মিলালে ভাল৷ আঙুৰ হ’ল এবিধ মূ্ত্ৰবৰ্ধক খাদ্য৷ ইয়াত প্ৰচুৰ পানী আৰু প’টাচিয়াম থকাৰ বিপৰীতে কম পৰিমাণত নিমখ থাকে৷ কল আৰু কেঁচা পিয়াজে অক্সালেট পাথৰ সৃষ্টিত বাধা দিয়ে৷ তিতা কেৰেলা হ’ল মেগনেচিয়াম আৰু ফচফৰাচযুক্ত – ইয়ো পাথৰ সৃষ্টিত বাধা দিয়ে৷ ভিটামিন বি-১২ থাকে বাবে তুলসীৰ পাতো কিডনিৰ পাথৰৰ ৰোগত উপকাৰী৷
লিখক: ডা০ ভূপেন শইকীয়া।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
আপোনাৰ মুখমণ্ডলৰ যত্ন লওঁক
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
আমাৰ শৰীৰৰ ছালখন আৰু ইয়াৰ যতনৰ বিষয়ে দুআষাৰ
আঁঠুৰ বিষত ভুগিছে নেকি?