এজন মানুহ দিনটোৰ সকলো সময়তে সতেজ আৰু সক্ৰিয় হৈ থাকিবৰ নিমিত্তে নিশা পৰ্য্যন্ত আৰু ভাল টোপনি অহাটো একান্তই প্ৰয়োজনীয়। পৰ্য্যাপ্ত টোপনিয়ে যে মানুহক কৰ্মক্ষম কৰি ৰখাতে সহায় কৰে তেনে নহয়, নানা ৰোগৰ কবলত পৰাৰ পৰাও মানুহক ৰক্ষা কৰে। নিশা ভালকৈ টোপনি নাহিলে মানুহ হৃদৰোগৰ কবলত পৰাৰ সম্ভাৱনা বাঢ়ি যায়। ৯৬ শতাংশ হৃদৰোগত আক্ৰান্ত ব্যক্তিৰ বেলিকাই টোপনিৰ কালত শ্বাস-প্ৰশ্বাস সম্বন্ধীয় সমস্যা দৃশ্যমান হয়। টোপনিৰ সময়ত উৎপন্ন হোৱা এই সমস্যাক চিকিৎসা বিজ্ঞানৰ ভাষাত অব্ষ্ট্ৰাক্টিভ শ্লিপ এপনিয়া ছিণ্ড্ৰ্ম নামে জনা যায়। এই ৰোগত টোপনিৰ কালত মানুহৰ উশাহ লোৱা প্ৰক্ৰিয়া হয় বাধাগ্ৰস্ত হয়, নহয় ধীৰ গতিৰ হয়। এনে হোৱাৰ বাবে ব্যক্তি বিশেষেৰ টোপনিত ব্যাঘাত জন্মে। আৰু লাহে লাহে হৃদযন্ত্ৰৰ সৰু-সুৰা সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।৫.৮ শতাংশ হৃদৰোগী টোপনিজনিত সমস্যাত আক্ৰান্ত হয় আৰু ইয়াৰে ৮৫ শতাংশই নাজানে যে টোপনি কম হোৱাৰ সৈতে হৃদৰোগৰ গাঢ় সম্পৰ্ক আছে।
উৎস: দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 4/29/2020
এলাহ দূৰ কৰিবলৈ আপুনি কি কি কৰিব লাগে
টোপনি আৰু ৰোগৰ মাজৰ সম্পৰ্ক
টোপনি ভাল হ’বৰ বাবে খাব লগা খাদ্যসমূহ
আপোনাক কিমান সময়ৰ টোপনিৰ প্ৰয়োজন হয় সেই বিষয়ে কিছু...