মানৱ দেহৰ এক অতি গুৰুত্বপূৰ্ণ আভ্যন্তৰীণ অংগ হ’ল বৃক্ক। মানুহৰ বুকুৰ কামীহাড়বোৰ য’ত শেষ হৈছে, ঠিক সেইখিনিতে দুটা বৃক্ক ৰাজহাড়ৰ দুয়োফালে ওলমি থাকে। মধ্যমীয়া উচ্চতাৰ এজন মানুহৰ হাতৰ মুঠিটো যিমান ডাঙৰ, প্ৰতিটো বৃক্ক প্ৰায় সিমান ডাঙৰ। একোটা বৃক্কৰ ওজন প্ৰায় দুই আউন্স আৰু ইহঁতৰ বৰণ ৰঙচুৱা মুগা।
শৰীৰৰ তেজ নিয়মিতভাৱে শোধন কৰি থকাটোৱেই বৃক্কৰ প্ৰধান কাম। আমাৰ শৰীৰত যিমান তেজ আছে, তাৰ দুগুণ তেজ প্ৰতি ঘন্টাত বৃক্কৰ মাজেদি প্ৰৱাহিত হয়। বৃক্কই তেজ শোধন কৰাৰ জৰিয়তে তেজত জমা হোৱা দূষিত পদাৰ্থ নিষ্কাসন কৰাৰ উপৰি তেজত পানী আৰু খনিজ পদাৰ্থ স্বাভাৱিক মাত্ৰাত ৰাখে। বৃক্কত থকা লক্ষ লক্ষ নেফ্ৰনে ছেকনিৰ দৰে কাম কৰি তেজৰ দূষিত পদাৰ্থবোৰ ধৰি ৰাখি তাক শৰীৰৰ পৰা বাহিৰ কৰি দিয়াৰ ব্যৱস্থা কৰে। নেফ্ৰনবোৰে তেজবোৰ অলপ অলপকৈ ছেকি থাকি আৱৰ্জনা জাতীয় পদাৰ্থবোৰ মূত্ৰাশয়লৈ পঠিয়াই দিয়ে। প্ৰস্ৰাৱৰ ৰূপত সেইবোৰ শৰীৰৰ পৰা বাহিৰ হৈ যায়।
স্বাভাৱিকতে বৃক্কৰ দৰে অতি গুৰুত্বপূৰ্ণ অংগটো নিৰোগী আৰু সবল কৰি ৰাখিব নোৱাৰিলে অৱধাৰিতভাৱে শৰীৰলৈ নানান বিপৰ্যয় আহি পৰে। আনকি বৃক্কৰ ৰোগৰ সময় মতে যথোচিত চিকিৎসা গ্ৰহণ নকৰিলে, বৃক্ক বিকল হ’বও পাৰে। বৃক্কৰ ৰোগৰ তিনিটা সাধাৰণ লক্ষণ হ’ল-
১) পিঠিত বিষ বা অস্বস্তি
২) প্ৰস্ৰাৱৰ বৰণ সলনি হোৱা বা প্ৰস্ৰাৱৰ লগত তেজ ওলোৱা আৰু
৩) প্ৰস্ৰাৱৰ অস্বাভাৱিক দুৰ্গন্ধ।
বৃক্কজনিত সমস্যাবোৰৰ ভিতৰত সততে পৰিলক্ষিত হোৱা এটা সমস্যা হ’ল বৃক্কত পাথৰ হোৱাটো বৃক্কত কেলচিয়াম অক্সেলেট বেছিকৈ জমা হ’বলৈ ধৰিলে, সি ক্ৰমাৎ পাথৰৰ ৰূপ লয়। কেতবোৰ ৰোগৰ ঔষধ খোৱাৰ ফলতো বৃক্কত পাথৰ সৃষ্টি হ’ব পাৰে। বৃক্কত পাথৰ সৃষ্টি হ’ব পাৰে। বৃক্কত হোৱা পাথৰ ভাঙি শৰীৰৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে কেতবোৰ ঔষধৰ বিধান আছে। এই ঔষধবোৰ খাই থকা সময়ত প্ৰচুৰ পৰিমাণে পানী খোৱা আৱশ্যক। তদুপৰি বৃক্কত পাথৰ হ’লে খোৱা-বোৱাৰ ক্ষেত্ৰতো কিছু বাছ-বিচাৰ কৰি চলিব লাগে। বৃক্কত পাথৰ হ’লে প্ৰাণীজ খাদ্য খোৱাটো একেবাৰে কমাই দিব লাগে। ফুলকবি, বেঙেনা, ৰঙালাউ, বিলাহী, পালেং শাক, চউলাই, চিকু, কাজু বাদাম, আঙুৰ, আমলখি, কাঠফুলা, কাৰ্ব’নেটেড ড্ৰিংকছ গ্ৰহণ কৰাটো বৃক্কত পাথৰ হোৱা লোকৰ বাবে ক্ষতিকাৰক। তদুপৰি এনে লোকে অধিক মাত্ৰাত নিমখ আৰু চেনি থকা খাদ্য পৰাপক্ষত এৰাই চলিব লাগে। ইয়াৰ বিপৰীতে বৃক্কত পাথৰ হোৱা লোকে নাৰিকলৰ পানী, কৰ্ণছিল্ক টী, যৱ, আনাৰসৰ ৰস, কল, কাঠ বাদাম, তিতা কেৰেলা, নেমু, তৰমুজ, অ’ট্ছ খোৱাটো উপকাৰী। দুপৰ টেঙা বা পাতেগজা নামৰ সৰু ঔষধি গছবিধৰ পাতৰ ৰসেও বৃক্কৰ পাথৰ গলাই শৰীৰৰ পৰা উলিয়াই দিয়াৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰে। অস্ত্ৰোপচাৰ অথবা লিথ’ট্ৰিপছী পদ্ধতিৰ জৰিয়তেও বৃক্কৰ পাথৰ উলিয়াই পেলাব পাৰি। বৃক্কৰ পাথৰৰ পৰা মুক্ত হৈ থাকিবলৈ নিয়মিতভাৱে ব্যায়াম কৰা উচিত; ব্যায়াম নকৰি শুই-বহি থকা মানুহৰ তেজত কেলচিয়াম বেছিকৈ জমা হয়।
বহুমূত্ৰ ৰোগত আক্ৰান্ত লোকসকলে তেওঁলোকৰ শৰীৰৰ তেজত যাতে শৰ্কৰা স্বাভাৱিক মাত্ৰাত থাকে, তাৰ প্ৰতি সৰ্বদা সচেতন হৈ থকা উচিত। কাৰণ তেজত শৰ্কৰাৰ মাত্ৰা অধিক হোৱাৰ ফলত আন বহু শাৰিৰীক ক্ষতিৰ লগত বৃক্কৰো ক্ষতি হ’ব পাৰে।
বৃক্কৰ আন এটা সমস্যা হ’ল ইয়াত হোৱা সংক্ৰমণ। বৃক্কত হোৱা সংক্ৰমণৰ ফলত শৰীৰৰ তেজ বিষাক্ত হৈ পৰে, ৰোগ গুৰুতৰ হ’লে বৃক্ক বিকল হৈ পৰাৰ আশংকাই দেখা দিয়ে।
উল্লিখিত লক্ষণবোৰৰ যিকোনো এটাই দেখা দিলেই তৎক্ষণাৎ চিকিৎসকৰ ওচৰ চপা উচিত।
বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে নিয়মিতভাৱে যথেষ্ট পানী খোৱা উচিত; প্ৰতিদিনে কমেও আঠ গিলাচকৈ। বৃক্কৰ সংক্ৰমণত ভুগিলে, ইয়াক অৱহেলা নকৰি, তৎকালে নিৰাময়ৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যথেষ্ট পৰিমাণে পানী খাই থকাৰ লগতে সম্পূৰ্ণ আৰোগ্য লাভ নকৰালৈকে বিশ্ৰাম লৈ থকা উচিত। বৃক্কৰ সংক্ৰমণ নিৰাময় হওঁতে কিছু দীঘলীয়া সময় লাগে। সামান্য মাত্ৰাৰ সংক্ৰমণ অধিক মাত্ৰাত হ’লে সম্পূৰ্ণ আৰোগ্য লাভৰ বাবে এমাহতকৈও অধিক সময় অপেক্ষা কৰিবলগীয়া হয়।
সি যি কি নহওক, আমাৰ শৰীৰ তন্ত্ৰৰ পৰিচালনাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বৃক্ক দুটা নিৰোগী, কাৰ্যক্ষম আৰু সবল কৰি ৰখাৰ ক্ষেত্ৰত আমি সৰ্বদা সচেতন হৈ থকা উচিত। কাৰণ বৃক্কত বিজুতি ঘটিলে আমাৰ শৰীৰলৈ সংকট আহি পৰে।
লিখক: অমল ভাগৱতী, দৈনিক অসম।
শেহতীয়া উন্নীতকৰণ: : 5/1/2020
ছাইনাছাইটিছ ৰোগ কেনেকৈ হয়, ইয়াৰ লক্ষণ, কাৰণ, চিকিৎ...
এইড্ছ: জানিবলগীয়া কথা
ডায়েৰীয়া ৰোগৰ চিকিৎসা আৰু প্ৰতিৰোধ
কৰ্কট ৰোগ প্ৰতিৰোধযোগ্য