থেলাছেমিয়া হৈছে আমাৰ শৰীৰত ৰক্ত সঞ্চালন প্ৰ্ণালীত হোৱা এবিধ জিন সম্পৰ্কীয় বংশগত ৰোগ। এই ৰোগত অস্বাভাৱিক ধৰণে হিম’গ্লবিন উৎপাদন হয়।
পৃথিৱীৰ বিভিন্ন দেশত থেলাছেমিয়া ৰোগ বিয়পি আছে যদিও এই ৰোগ সাধাৰণতে ইটালী, গ্ৰীচ, মধ্যপ্ৰাচ্য, দক্ষিণ-পুব এছিয়া আৰু আফ্ৰিকা মহাদেশৰ কিছুমান অঞ্চলত ব্যাপকভাৱে হোৱা দেখা যায়।
২০১৫ চনৰ এটা সমীক্ষা অনুসৰি বিশ্বৰ প্ৰায় ২৮০ নিযুত মানুহ এই ৰোগত আক্ৰান্ত হৈছে। এই সমীক্ষা মতে ২০১৫ চনত ১৬,৮০০ জন মানুহৰ এই ৰোগত মৃত্যু হৈছে।
এক সমীক্ষা মতে ভাৰতৰ প্ৰায় ৫ কোটি মানুহ এই ৰোগৰ বাহক হিচাপে আছে। প্ৰতিবছৰে প্ৰায় ১০ হাজাৰ শিশু থেলাছেমিয়া জিন লৈ জন্মগ্ৰহন কৰে।
আমাৰ তেজৰ এটা মুখ্য উপাদান হৈছে হিম’গ্লবিন। স্বাভাৱিক হিম’গ্লবিন এযোৰ (আলফা) পলিপেপটাইড চেইন আৰু এযোৰ (বিটা) পলিপেপটাইড চেইনেৰে গঠিত। এই চেইনৰ জিনবোৰ ১৬ নম্বৰ আৰু ১১ নম্বৰ ক্ৰম’জ’মৰ বিভিন্ন অংশত ক’ড হৈ থাকে। থেলাছেমিয়াত গ্ল’বিন চেইনৰ কোনোবা এটাৰ কম উৎপাদন হয় বা একেবাৰে উৎপাদন নহয়। ফলত অস্বাভাৱিক হিম’গ্লবিন উৎপাদন হয়, যাৰ ফলত লোহিত ৰক্ত কণিকাবোৰ ভাগি যায় আৰু ৰোগীজন ৰক্তহীনতাত ভোগে। বংশগত বিসংগতিয়ে মুখ্যত: দুই ধৰণৰ থেলাছেমিয়াৰ সৃষ্টি কৰে।
যদি পিতৃ-মাতৃ দুয়োজন থেলাছেমিয়াৰ বাহক, তেন্তে তেওঁলোকৰ সন্তানৰ থেলাছেমিয়া ৰোগ গোৱাটো ১০০ শতাংশ নিশ্চিত। কিন্তু যিকোনো এজনৰ হ’লে সন্তানৰ থেলাছেমিয়া হোৱাৰ সম্ভাৱনা কম।
থেলাছেমিয়া ৰোগ সাধাৰণতে শিশু অৱস্থাত ধৰা পৰে। সিহঁতৰ শাৰীৰিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয়। শিশুসকল ৰক্তহীনতাত ভোগে। তেওঁ লোকৰ ছাল শেঁতা পৰা বগা বা হালধীয়া বৰনৰ হয়। তেওঁলোকে ভাগৰ অনুভৱ কৰে আৰু মন মাৰি থাকে।
থেলাছেমিয়াৰ ৰোগীৰ হাড়ৰ গঠনত বিসংগতিয়ে দেখা দিয়ে। হাড়ৰ ভিতৰৰ মজ্জাৰ গঠন অস্বাভাৱিক হোৱা বাবে হাড়বোৰ পাতল আৰু বহল হয়। ফলত মুখমণ্ডল বহল, দীঘলীয়া আৰু কপালখন উঠঙা হয়। তেওঁলোকৰ হাড়বোৰ ঠুনুকা হয় আৰু সহজতে ভাগে।
থেলাছেমিয়া ৰোগী ৰক্তাল্পতাত ভোগে বাবে সঘনাই ব্লাড ট্ৰেন্সফিউজনৰ প্ৰয়োজন হয়। সঘনাই ব্লাড ট্ৰেন্সফিউজন কৰাৰ ফলত শৰীৰত আইৰনৰ পৰিমাণ অস্বাভাৱিক পৰিমাণে বৃদ্ধি হয়। যাৰ ফলত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৰোগী মৃত্যুমুখত পৰিব পাৰে। এনে ৰোগী সহজতে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়।
থেলাছেমিয়া ৰোগৰ চিকিৎসা অত্যন্ত ব্যয়বহুল। সঘনাই ব্লাড ট্ৰেন্সফিউ জনৰ প্ৰয়োজন। কিন্তু সমস্যাটো হ’ল- সহজে তেজ পাবলৈ কঠিন হয়। তেজৰ পৰা অতিৰিক্ত আইৰনখিনি আঁতৰাবলৈ Chelation চিকিৎসাৰ প্ৰয়োজন। কিন্তু এই চিকিৎসাৰ সুবিধা দেশৰ কেইখনমান চিকিৎসালয়তহে উপলব্ধ। ব’ন মেৰু ট্ৰেন্সফিউজন থেলাছেমিয়া ৰোগীৰ অন্য এক চিকিৎসা। কিন্তু ই অত্যন্ত ব্যয়বহুল। কোনো কোনো ক্ষেত্ৰত অস্ত্ৰোপচাৰ কৰি প্লীহাটো শৰীৰৰ পৰা বিচ্ছিন্ন কৰা হয়।
তেজ পৰীক্ষা আৰু জেনেটিক পৰীক্ষাৰ জৰিয়তে এই ৰোগ নিৰ্ণয় কৰা হয়।
থেলাছেমিয়া ৰোগৰ প্ৰতি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৮ মে’ৰ দিনটো বিশ্ব থেলাছেমিয়া দিৱস হিচাপে পালন কৰা হয়।
কেঁচুৱাৰ জন্মৰ আগতেই প্ৰিনেটেল টেষ্টৰ দ্বাৰা এই ৰোগ চিনাক্ত কৰিব পাৰি। ‘The American college of abstetricians and Gynecologist’ এ গৰ্ভধাৰণ কৰাৰ আগতেই পিতৃ-মাতৃক পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিছে। ভাৰতবৰ্ষতো সজাগতা বৃদ্ধি কৰিবলৈ চৰকাৰী আৰু বিভিন্ন বেচৰকাৰী অনুষ্ঠানে বিবাহৰ আগতে থেলাছেমিয়াৰ বাহক চিনাক্ত কৰিবৰ কাৰণে ৰ ব্যৱস্থা কৰিছে। যিহেতু থেলাছেমিয়া কিছুমান দেশত জনস্বাস্থ্যৰ প্ৰতি সমস্যা হৈ দেখা দিছে, গতিকে এই ৰোগৰ প্ৰতি ৰাইজক সজাগ কৰাটো জৰুৰী হৈ পৰিছে। জেনেটিক কাউন্সেলিঙে এই ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে।
লেখিকা: ডা: দুলুমণি কলিতা (জি এনআৰচি স্বাস্থ্য)
শেহতীয়া উন্নীতকৰণ: : 11/29/2023