জিনৰ অস্বাভাৱিকতা এটা ৰোগ। এই ৰোগ কোনো এটা জিনৰ বেলেগ অৱস্থাৰ বাবে হ’ব পাৰে, যাক ভেৰিয়েছন বোলা হয় বা কোনো এটা জিনৰ পৰিৱৰ্তন হোৱাৰ বাবেও হ’ব পাৰে যাক বোলা হয় মিউটেচন।
বেছিভাগ ৰোগৰে জিনগত কাৰণ এটা থাকে। মানুহৰ শৰীৰৰ কোষত থকা জিনৰ পৰিৱৰ্তনৰ ফলত মিউটেচন হৈ বহুবোৰ কেঞ্চাৰো হয়। নানা ধৰণৰ পৰিৱেশৰ কাৰণত এনে মিউটেচনবোৰ এটাৰ পাছত এটাকৈ হৈ যায়। ধূমপানো এনে মিউটেচনৰ কাৰণ হ’ব পাৰে।
আন জিনগত অস্বাভাৱিকতাবোৰ বংশগত। এটা মিউটেচন হোৱা জিন বংশানুক্ৰমে আহি থাকে ফলত সেই বংশৰ লোকসকলৰ উক্ত ৰোগ হ’ব পাৰে।
ইয়াৰ উপৰিও জিনত থকা ক্ৰমজমৰ কিবা খেলিমেলিৰ বাবেও কিছুমান ৰোগ হ’ব পাৰে। যেনে, ২১ নম্বৰ ক্ৰমজম এডাল জিনত অতিৰিক্ত ভাৱে থকাৰ ফলত ডাউন চিন্দ্ৰমৰ দৰে জিনগত ৰোগ হয়।
উৎস: আইএনডিজি দল।শেহতীয়া উন্নীতকৰণ: : 10/6/2018
বংশগতভাৱে অহা ৰোগ কিছুমানৰ বিষয়ে ইয়াত আলোচনা কৰা হ...