ওঠ আৰু তাঁলু ফটাটো জন্মগত বিসংগতি
• ওঠ ফটা মানে ওঠৰ মাজত দুভাগহৈ যোৱা।
• এই ফটা অংশ ওপৰৰ কুঁৱাৰিৰ হাড় বা আলু পৰ্য্যন্ত থাকে।
• তাঁলু ফটাৰ ক্ষেত্ৰত মুখৰ ওপৰফালে ফাক থাকে।
• জন্মৰ আগতে ভ্ৰুণৰ বিকাশ হোৱাৰ সময়ত শিশুৰ তাঁলু দুটা ফালে যোৰা নালাগে তাৰ ফলতে এনে হয়।
ফটা ওঠ আৰু ফটা তাঁলু এফালে বা দুয়োফালে হ’ব পাৰে। যিহেতু তাঁলু আৰু ওঠ বেলেগ বেলেগকৈ গঠন হয় গতিকে শিশুৰ ইয়াৰ ভিতৰত যিকোনো এটাও হ’ব পাৰে নতুবা দুয়োটা একে লগেও হ’ব পাৰে।
• শৰীৰৰ ওজন নবঢ়া।
• খাওঁতে অসুবিধা পোৱা।
• গাখীৰ খুৱাওঁতে নাকেৰে গাখীৰ ওলাই পৰা।
• অসমান দাঁত।
• বৃদ্ধি কম।
• ঘনাই কাণৰ সংক্ৰমণ।
• ওঠ পৃথকহৈ থকা।
• তাঁলুত ফাক থকা।
• ওঠ আৰু তাঁলুত ফাক থকা।
• কথা কওঁতে অসুবিধা।
• নাকৰ আকাৰ সলনি হোৱা।
• মুখ, নাক আৰু তাঁলুৰ শাৰিৰীকভাৱে পৰীক্ষা কৰি ফটা ওঠ আৰু তাঁলুৰ ফাক থকাটো নিশ্চিত কৰিব পৰা যায়। মেডিকেল টেষ্ট কৰি শৰীৰৰ অৱস্থাটো বুজিব পৰা যায়।
• জন্মৰ পাছতে মাক দেউতাকক প্ৰথমে গাখীৰ খুউৱা আৰু ওজন বঢ়োৱাৰ বাবে পৰামৰ্শ আৰু ব্যৱস্থাবোৰৰ বিষয়ে জনাব লাগে।
• ৬-৫ মাহৰ ভিতৰত ফটা ওঁঠ যোৰা লগোৱা আৰু নাকৰ বিসংগতি আতঁৰোৱা।
• ৯-১২ মাহত তাঁলুৰ ফাক আতঁৰোৱা।
• ১-২ বছৰত শ্ৰৱণ শক্তিৰ পৰীক্ষা কৰা আৰু সংক্ৰমণ ৰোধৰ ব্যৱস্থা কৰা।
• ২-৪ বছৰত কথা ভালদৰে ক’ব পাৰিছেনে নাই লক্ষ্য কৰা আৰু প্ৰয়োজনত থেৰাপী ব্যৱহাৰ কৰা।
• শিশুৰ দন্ত্ চিকিৎসকৰ দ্বাৰা নিয়মীয়াকৈ দাঁত পৰীক্ষা কৰোৱা।
• ৪-৬ বছৰত প্ৰয়োজন হ’লে কথা স্পষ্ট কৰিবলৈ অপাৰেচন কৰোৱা। তালু সংশোধন কৰোৱাসকলৰ ১-১৫ শতাংশৰহে এনে কৰাৰ প্ৰয়োজন হয়।
• ৬-১২ বছৰত দাঁত পৰীক্ষা আৰু অৰ্থডন্টিক চিকিৎসা।
• ৯ বছৰত এলভেলছৰ বিসংগতিৰ বাবে হাড়ৰ গ্ৰাফট্ কৰা।
• ৰোগীয়ে বিচাৰিলে যৌৱনকালত নাকৰ আকৃতি সঠিক কৰা আৰু অস্ত্ৰোপচাৰৰ দ্বাৰা মুখ সুন্দৰ কৰা।
• বংশগতভাৱে এনে ৰোগ প্ৰতিৰোধ কৰিবলৈ আলোচনা আৰু পৰামৰ্শ দিয়া। যদি কোনো শিশুৰ ফটা ওঠ বা তাঁলু ৰোগ আছে। অতি সোনকালে চিকিৎসা কৰি নিৰাময় কৰিব লাগে।
উৎস: আইএনডিজি দল।
শেহতীয়া উন্নীতকৰণ: : 4/27/2020
থেল্ছৰ পৰীক্ষা
চহা-মইনাহঁতৰ আঁৰে আঁৰে ২
অধ্যয়নৰ ভাৰসমতা
জ্যোতিৰ্বিদ্যা সম্পৰ্কীয় এলানি পৰীক্ষা