অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য

স্বাস্থ্য

  • health1.jpeg

    শিশুৰ স্বাস্থ্য আৰু মাতৃত্ব বিষয়ক সজাগতা

    চৰকাৰে ৰূপায়ন কৰা বিভিন্ন কাৰ্য্যসূচীসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু চৰকাৰৰ প্ৰধান দায়িত্ব হৈছে জনসাধাৰণৰ মাজত শিশুৰ স্বাস্থ্য আৰু মাতৃত্ব বিষয়ক সজাগতা সৃষ্টি কৰিবৰ বাবে বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰা। শিশু আৰু মাতৃৰ জীৱন সুনিশ্চিত কৰিবৰ বাবে শিশুৰ স্বাস্থ্য আৰু মাতৃত্ব বিষয়ক সজাগতাৰ অধিক আৱশ্যক।

  • health2.jpeg

    পৰম্পৰাগত ঔষধী পদ্ধতি

    আমাৰ চিকিৎসা পদ্ধতি পৰম্পৰাগত ঔষধী পদ্ধতিয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। প্ৰগতিপেডিয়া শিতানৰ জৰিয়তে পৰম্পৰাগত ঔষধী পদ্ধতি যেনে: আয়ুৰ্বেদ, প্ৰাকৃতিক চিকিৎসা, উনানী, সিদ্ধা, হোমিঅ’পেথি আৰু যোগ (আয়ুস) এই পদ্ধতিসমূহৰ বিষয়ে সকলোকে জনাবলৈ প্ৰয়াস কৰা হৈছে। এই ঔষধী পদ্ধতিসমূহৰ বিষয়ে পঢ়ি যেন সকলোৱে উপকৃত হয়। এয়াই হৈছে এই শিতানৰ প্ৰধান উদ্দেশ্য।

  • mritunjoy_108_b.jpg

    ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান

    গ্ৰাম্য জনসাধাৰণৰ বিশেষ স্বাস্থ্য যত্ন, মহিলা আৰু শিশুৰ উন্নত স্বাস্থ্য, দেশৰ দুখীয়া গ্ৰাম্য জনসাধাৰণৰ স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ মানসেৰে ২০০৫ চনৰ ১২ এপ্ৰিলত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে যে এই আঁচনিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যাতে দেশৰ সকলো দুখীয়া জনসাধাৰণে উন্নত স্বাস্থ্য ব্যৱস্থা লাভ কৰে।

মহিলাৰ স্বাস্থ্য

এই শিতানত কিশোৰীৰ স্বাস্থ্য, গৰ্ভাৱস্থাৰ স্বাস্থ্য আৰু প্ৰজনন স্বাস্থ্য এই তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰা হৈছে। গৰ্ভধাৰণ আৰু গৰ্ভাৱস্থা, শিশু জন্মকে ধৰি সকলো তথ্য, নিজৰ আৰু শিশুটিৰ সুৰক্ষা, এই সম্পৰ্কীয় স্বাস্থ্য সেৱা আদি সুনিশ্চিতভাৱে বিকাশপেডিয়া শিতানত উল্লেখ কৰা হৈছে।

শিশু স্বাস্থ্য

এটা নৱজাত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পৰিপুষ্টি, সোঁচৰা বেমাৰত ল’ব লগা সাৱধানতা, চিতা আদিবোৰে শিশুটোৰ বিকাশত এক বিশেষ ভূমিকা গ্ৰহণ কৰে। এটা শিশুৰ জন্ম হোৱাৰে পৰা আৰম্ভ কৰি বিদ্যালয়লৈ যোৱালৈকে কেনেদৰে ঘৰ ল’ব লাগে বা কেনেধৰণে বিভিন্ন ৰোগসমূহৰ পৰা আতৰাই ৰাখিব পাৰি বা ৰোগত আক্ৰান্ত হ’লে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে এই সম্পৰ্কে তলত আলোচনা কৰা হৈছে।

ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান

গ্ৰাম্য জনসাধাৰণৰ বিশেষ স্বাস্থ্য যত্ন, মহিলা আৰু শিশুৰ উন্নত স্বাস্থ্য, দেশৰ দুখীয়া গ্ৰাম্য জনসাধাৰণৰ স্বাস্থ্য ব্যৱস্থা উন্নত কৰাৰ মানসেৰে ২০০৫ চনৰ ১২ এপ্ৰিলত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে যে এই আঁচনিখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে যাতে দেশৰ সকলো দুখীয়া জনসাধাৰণে উন্নত স্বাস্থ্য ব্যৱস্থা লাভ কৰে। ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযানৰ এই সকলোবোৰ তথ্য তলত আলোচনা কৰা হৈছে।

আয়ুস

১৯৯৫ চনৰ মাৰ্চ মাহত স্থাপিত হৈছিল ভাৰতীয় ঔষধ পদ্ধতি আৰু হোমিঅʼপেথি বিভাগ। এই বিভাগটো পৰৱৰ্তী সময়ত ২০০৩ চনৰ নবেম্বৰ মাহত পুনৰ ‘আয়ুস’ নামেৰে নামাকৰণ কৰা হয়। AYUSH শব্দৰ অৰ্থ হ’ল A- আয়ুৰ্বেদ, Y- যোগ, U-উনানী, S-সিদ্ধা, H- হোমিঅ’পেথি। আয়ুৰ্বেদৰ লগতে যোগ, প্ৰাকৃতিক চিকিৎসা, উনানী, সিদ্ধা, হোমিঅ’পেথি ব্যৱস্থা বিষয়ক শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰখন উন্নীতকৰণৰ লক্ষ্য আগত ৰাখি ‘আয়ুস’ নামেৰে নামাকৰণ কৰা হৈছিল বিভাগটোক। আয়ুসে ঔষধৰ গুণগত মান, ঔষধি গছৰ ব্যৱহাৰ, গৱেষণা আৰু আন্ত:ৰাষ্ট্ৰীয় তথা স্থানীয়ভাৱে হোমিঅ’পেথি সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে কাম কৰি আহিছে।

পৰিপুষ্টি

এজন মানুহৰ এটা সু-স্বাস্থ্যৰ বাবে পৰিপুষ্টি আটাইতকৈ প্ৰয়োজনীয় উপাদান। উত্তম পৰিপুষ্টি, নিয়মীয়া আহাৰ গ্ৰহণ আৰু দৈনিক শাৰীৰিক শ্ৰম এইকেইটা হৈছে এটা সু-স্বাস্থ্যৰ মাপকাঠি। অনুন্নত পৰিপুষ্টিয়ে শৰীৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি কৰে আৰু শাৰীৰিক আৰু মানসিক বিকাশত বাধা জন্মায়। কেনেকুৱা খাদ্যই খালে সম্পূৰ্ণ পৰিপুষ্টি লাভ কৰিব পাৰি আৰু কোনবিধ খাদ্যত কি খাদ্যপ্ৰান থাকে বা কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে। এই সকলোবোৰ ইয়াত আলোচনা কৰা হৈছে।

ৰোগসমূহ

মানুহৰ শৰীৰত দেখা দিয়া বিভিন্ন ৰোগৰ বিষয়ে আৰু এই ৰোগবোৰত ল’ব লগা সাৱধানতা, কেনেদৰে এই ৰোগৰ পৰা প্ৰতিকাৰ লাভ কৰিব পাৰি। এই ৰোগৰ কাৰণসমূহনো কি ইত্যাদি বিষয়সমূহ ইয়াত আলোচনা কৰা হৈছে।

অনাময় আৰু স্বাস্থ্যবিধি

এক অনাময় স্বাস্থ্যবিধি মানি চলিলেহে সু-স্বাস্থ্যৰ গৰাকী হ’ব পাৰি। এটা স্বাস্থ্যকৰ পৰিৱেশত থাকিলেহে এইটো সম্ভৱ হ’ব। এই স্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তুলিবলৈ ব্যক্তিগত স্বাস্থ্যৰ যত্নৰ লগতে ঘৰৰ ভিতৰ আৰু চাৰিওকাষ পৰিষ্কাৰ পৰিচন্নকৈ ৰখাৰ উপৰিও বিশুদ্ধ খোৱা পানী আৰু বিশুদ্ধ আহাৰ গ্ৰহণৰ প্ৰয়োজন। এই শিতানত উক্ত বিষয়ৰ বিষদ বিৱৰণ দাঙি ধৰা হৈছে।

মানসিক স্বাস্থ্য

এখন ৰাষ্ট্ৰৰ প্ৰ্গতি আৰু উন্নতিৰ বাবে নাগৰিকৰ স্বাস্থ্য হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ।বিশ্ব স্বাস্থ্য স্ংস্থাৰ মতে দেশৰ নাগৰিকৰ সকলো প্ৰকাৰৰ বেমাৰ আৰু দুৰ্বলতাবোৰ নোহোৱা হ’লেহে এখন দেশৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ সম্ভৱ হ’ব। মানসিক স্বাস্থ্য উন্নত হ’লেহে এজন লোকে তেওঁৰ নিজৰ কৰ্তব্য কৰাৰ লগতে নিজৰ সম্প্ৰ্দায়ৰ বাবে বা নিজৰ দেশৰ বাবে অৱদান আগবঢ়াব পাৰিব।এই শিতানত মানসিক স্বাস্থ্য বিষয়ক বিষয়সমূহ বিষদভাৱে আলোচনা কৰা হৈছে।

প্ৰাথমিক চিকিৎসা

কোনো এজন লোকে কোনো এটা দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বা সাধাৰণভাৱে আঘাটপ্ৰাপ্ত হোৱাৰ পিছত এজন সাধাৰণ মানুহে চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে লোৱা যত্নসমূহক প্ৰাথমিক চিকিৎসা বুলি কোৱা হয়। এজন মানুহে হঠাতে কোনো দুৰ্ঘটনাত আক্ৰান্ত হ’লে তেওঁক কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে সেই বিষয়ে সকলো লোকে জনা উচিত। ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, কাৰ্য্যালয়, কাৰখানা আদি সকলোতে এটা প্ৰাথমিক চিকিৎসা সঁজুলি বাকচ ৰাখি কেনেদৰে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিব লাগে এই সকলোবোৰ কথা ইয়াত বহলাই ব্যাখ্যা কৰা হৈছে।

ৰক্ত দান- জীৱন দান

প্ৰতি দুই ছেকেণ্ডত কোনোবা এজনক তেজৰ প্ৰয়োজন হ্য়। আপুনি ৰক্তদান কৰি এটা সময়তে একাধিক ব্যক্তিৰ প্ৰান ৰক্ষা কৰিব পাৰে। দূৰ্ঘটনাত আক্ৰান্ত, সময়ৰ পূৰ্বে জন্মা শিশু, গুৰুতৰ অস্ত্ৰোপচাৰ কৰা ৰোগী আদিক পৰিপূৰক তেজৰ প্ৰয়োজন হয়। এইবিলাক ক্ষেত্ৰত আপুনি দান কৰা ৰক্ত পৰীক্ষা কৰাৰ পিছত প্ৰত্যক্ষভাৱে গ্ৰহণকাৰীক যোগান ধৰা হয়। স্নায়ুৰোগ, ৰক্তহীনতাত ভোগা ৰোগী আৰু আন অস্ত্ৰোপচাৰ হোৱা ব্যক্তিক কেৱল লোহিত ৰক্তকোষৰহে প্ৰয়োজন হয়। এইবোৰ আপুনি দান কৰা ৰক্তৰ পৰা পৃথককৈ উলিয়াই লোৱা হয়।

ঔষধ

১) ঔষধ সদাই অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীৰ পৰাহে ক্ৰয় কৰিব। ঔষধ ক্ৰয় কৰোতে ঔষধৰ বেটছ নম্বৰ (Batch No) ম্যাদ উকলাৰ (Expire date)তাৰিখ আদি উল্লেখ থকা কেচমেম’ অথবা বিল সংগ্ৰহ কৰিব। ইয়াৰ ফলত ভেজাল, নকল ঔষধ আৰু ম্যাদ উকলা ঔষধ ব্যৱহাৰৰ পৰা সুৰক্ষা পাব পাৰি। ২) ঔষধ ভালদৰে নথ’লে ম্যাদ উকলাৰ আগতেই ঔষধ নষ্ট হৈ যাব পাৰে। পৰাপক্ষত ঔষধ ঠাণ্ডা, শুকান আৰু ছাঁত থব লাগে। ৩) ৰান্ধনীঘৰ আৰু গাঁধোৱা কোঠাত কেতিয়াও ঔষধ থব নালাগে।

জীৱনৰ সত্যসমূহ

জীৱনৰ সত্য তথ্যসমূহৰ অত্যাৱশ্যকীয় বাৰ্তাসমূহ: জীৱনৰ সত্য তথ্যসমূহৰ পৰা অত্যাৱশ্যকীয় বাৰ্তাসমূহৰ সাৰাংশ তলত উল্লেখ কৰা হ’ল: ১) দুটি সন্তানৰ মাজত ২ বছৰ বা ততোধিক সময়ৰ ব্যৱধান ৰখা, ১৮ বছৰ বয়সৰ পূৰ্বে আৰু ৩৫ বছৰ বয়সৰ পিছত গৰ্ভৱতী হোৱাৰ পৰা বিৰত থকা আৰু যেতিয়া এগৰাকী মহিলাই মুঠ ৪ বাৰতকৈ অধিক গৰ্ভধাৰণ নকৰে তেতিয়া মহিলা আৰু শিশুৰ স্বাস্থ্য লক্ষণীয়ভাৱে উন্নত হয়।

স্বাস্থ্য কিটিপ

স্বাস্থ্য বিষয়ক থাউকতে জানিব পৰা বিষয় কিছু ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

শেহতীয়া উন্নীতকৰণ: : 1/12/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate