অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জন্তুৰ পৰা মানুহলৈ ‘ৰোগ সংক্ৰমণ প্ৰতিৰোধ’ দিৱস

জন্তুৰ পৰা মানুহলৈ ‘ৰোগ সংক্ৰমণ প্ৰতিৰোধ’ দিৱস

 

প্ৰতি বছৰে ৬ জুলাইৰ দিনটো জন্তুৰ পৰা মানুহৰ শৰীৰলৈ ৰোগ সংক্ৰমণ প্ৰতিৰোধ দিৱস’(World Zoonoses Day) ৰূপে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। এই দিৱসৰ জৰিয়তে পোহনীয়া জীৱ-জন্তুৰ পৰা মানুহলৈ বিভিন্ন প্ৰকাৰে সংক্ৰমণ ঘটিব পৰা ৰোগ সম্পৰ্কে সৰ্বসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ চেষ্টা কৰা হয়। তাৰোপৰি এইবিলাকৰ বিৰুদ্ধে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, তাকো প্ৰচাৰৰ লক্ষৰূপে লোৱা হয়। এই অধ্যয়নৰ পৰা এই কথা গম পোৱা গৈছে যে জীৱ-জন্তুৰ পৰা মানুহৰ গালৈ সংক্ৰমণ ঘটিব পৰা প্ৰায় পঞ্চাছটা ৰোগ আছে।

‘Disease from Animal: Primer’ নামৰ প্ৰবন্ধত লেখক ডেনিয়েল ডেলুনে লিখিছে যে জীৱ-জন্তুৰ পৰা পোনপটীয়াকৈ আহিব পৰা তেনেই কমেও ৩৯ টা বেমাৰ আছে। আক্ৰান্ত জন্তুক কামুৰি পিছত মানুহক কামোৰা পোক-পতংগৰ দ্বাৰা আন ৪৮ টা ৰোগ মানুহৰ গালৈ বিয়পিব পাৰে। আন ৪২ টা ৰোগ মানুহৰ গালৈ সংক্ৰমিত হ’ব পাৰে- জন্তুৱে মল ত্যাগ কৰা পানী আৰু খাদ্য সেৱনৰ ফলত। যদিও এনেধৰণৰ সংক্ৰমিত বেছিভাগ ৰোগ বেছি ক্ষতিকাৰক নহয়, তথাপি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোক, শিশু আৰু বৃদ্ধসকল সহজে এনেবোৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।

জন্তুৰ পৰা মানুহলৈ ৰোগ সংক্ৰমণ প্ৰতিৰোধ দিৱসৰ জৰিয়তে এই সম্পৰ্কীয় তথ্যবোৰ মানুহৰ মাজলৈ লৈ যোৱা হয়। পোহনীয়া জীৱজন্তুৱেও একেধৰণৰ বহুতো ৰোগৰ বীজাণুৰ আশ্ৰয়দাতা আৰু বাহক হিচাপে কাম কৰে। বন্যপ্ৰাণীৰ সৈতে কাম কৰা মানুহ এই বিষয়ত সজাগ হোৱা উচিত। অৱশ্যে তেনে কৰ্মীয়েও হওক বা সাধাৰণ মানুহেই হওক এইক্ষেত্ৰত ভয় খোৱাৰ পৰিৱৰ্তে ইয়াৰ কাৰ্যকৰী প্ৰতিৰোধমূলক ব্যৱস্থাবোৰৰ বিষয়েহে সজাগ হোৱা উচিত আৰু সেইবোৰ ব্যৱহাৰ কৰা উচিত।

মানুহে জীৱ-জন্তুৰ পৰা বীজাণুজনিত সংক্ৰমণৰ ভাবুকি পাব পৰা কিছুমান ৰোগ হ’ল- প্লেগ, হে’-ফিভাৰ, কম্পিল’বেক্টাৰ, লেপ্টোস্পিৰা আৰু  চালমোনেলা। শেহতীয়াকৈ বিশ্বৰ বিভিন্ন দেশত দেখা দিয়া আন এবিধ ভাইৰাছজনিত বীজাণু হ’ল ‘নিপা’ ভাইৰাছ। এই বিধ ভাইৰাছে ১৯৯৯-৯৯ চনত মালয়েচিয়াৰ গাহৰিৰ শৰীৰত আক্ৰমণ কৰি দেশখনত আতংকৰ সৃষ্টি কৰিছিল আৰু পিছলৈ গছৰ ফল খোৱা বাদুলিৰ যোগেদি এই ভাইৰাছ মানুহৰ গালৈকো বিয়পি পৰি মহামাৰীৰ সৃষ্টি কৰিছিল আৰু পিছলৈ গছৰ ফল খোৱা বাদুলিৰ যোগেদি এই ভাইৰাছ মানুহৰ গালৈকো বিয়পি পৰি মহামাৰীৰ সৃষ্টি কৰিছিল। জীৱ-জন্তুক সংক্ৰমিত কৰিব পৰা পৰজীৱীবোৰে মানুহকো সহজেই সংক্ৰমিত কৰিব পাৰে। উদাহৰণস্বৰূপে মেকুৰীৰ গাত থকা চাঁহি, ঘূৰণীয়া কৃমি, হাকোটা পেলু আদি পৰজীৱীবোৰ সহজতে মানুহৰ গালৈ সংক্ৰমিত হ’ব পাৰে। জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমণ ঘটা কিছুমান ভয়ংকৰ জীৱাণু হ’ল-West Nile Virus (পৰিভ্ৰমী পক্ষীৰ পৰা), Ebola Virus (বান্দৰৰ পৰা), SARS আৰু ইনফ্লুয়েঞ্জা(কুকুৰা আৰু গাহৰিৰ পৰা)।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 10/16/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate