অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মাতৃত্ব সুখময় কৰক :

মাতৃত্ব সুখময় কৰক :

 

কস্তুৰবা গান্ধীৰ জন্মদিন ১১ এপ্ৰিলৰ দিনটো সমগ্ৰ দেশতে প্ৰতিবছৰে “ৰাষ্ট্ৰীয় নিৰাপদ মাতৃত্ব দিৱস” হিচাপে পালন কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

মহাপঞ্জীয়কৰ গণনাত দেখা গৈছে যে আমাৰ দেশত প্ৰতি বছৰে একলাখ জীৱিত জন্মৰ ১৬৭ গৰাকী জননীৰ মৃত্যু হয় কেৱল গৰ্ভধাৰণ আৰু প্ৰসৱজনিত কাৰণত। অৰ্থাৎ আমাৰ দেশত প্ৰতিবছৰে একলাখৰো অধিক মহিলাৰ গৰ্ভধাৰণ আৰু প্ৰসৱজনিত কাৰণত মৃত্যু হয়। এনে মৃত্যুৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত প্ৰধান কেইটামান কাৰণ হৈছে –ৰক্তহীনতা, প্ৰসৱপূৰ্বক আৰু প্ৰসৱোত্তৰ ৰক্তক্ষৰণ, টকসিমিয়া (Hypertension during pregnancy), বিসংগতিজনক প্ৰসৱ (Obstretic labour), চেপচিচ (Infection after delivery) আৰু অসুৰক্ষিত গৰ্ভপাত। সময়োচিতভাৱে যথোপযুক্ত প্ৰসৱপূৰ্বক যত্ন, নিৰাপদ প্ৰসৱৰ ব্যৱস্থা আৰু প্ৰসৱোত্তৰ যত্ন ল’ব পাৰিলে এনেধৰণৰ অবাঞ্চিত মৃত্যুক প্ৰতিৰোধ কৰিব পৰা যায়।

ৰাষ্ট্ৰীয় নিৰাপদ মাতৃত্ব দিৱসৰ সূচনা কৰা হৈছে- প্ৰসূতিৰ যত্নৰ ওপৰত আলোকপাত কৰি,সকলোবিলাক প্ৰচাৰ মাধ্যমৰ জৰিয়তে চলোৱা ৰাষ্ট্ৰজোৰা ফলপ্ৰসূ জনসচেতনতা অভিযানৰ দ্বাৰা। প্ৰসবোত্তৰ ক্লিনিক স্থাপন, “Mother Friendly” নামেৰে চিকিৎসালয়ৰ ঘোষণাকে ধৰি নিৰাপদ মাতৃত্বৰ কাৰণে হাতত লব পৰা কিছুমান আচনি আৰু কাৰ্যসূচীৰো প্ৰস্তাব কৰা হৈছে এই দিৱসৰ স্মাৰক হিচাপে।

প্ৰসূতিৰ মৃত্যু প্ৰতিৰোধকল্পে কৰা উল্লেখনীয় কাম কাজৰ স্বীকৃতি হিচাবে ৰাষ্ট্ৰপতি পুৰস্কাৰ দিয়াৰ কথাও ভাৰত চৰকাৰে বিবেচনা কৰিছে। প্ৰসূতিৰ মৃত্যুৰ হাৰ কমোৱাৰ ক্ষেত্ৰত বিশেষ কৃতিত্বপূৰ্ণ অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হোৱা জিলাসমূহক, সৰ্বাধিক সংখ্যক গৰ্ভৱতীক প্ৰসূতি সেৱা আগবঢ়োৱা এফ-আৰ-ইউক, এই দিশত উৎকৃষ্ট কাম কৰিবলৈ সমৰ্থ হোৱা সংগঠনঙ্গ প্ৰতিষ্ঠানক, প্ৰসূতিৰ জীৱন ৰক্ষাৰ কাৰণে তৎপৰতাৰে কাম কৰা ধাত্ৰী, প্ৰশিক্ষণপ্ৰাপ্ত ধাই, আশাকৰ্মী সকলক পুৰস্কাৰেৰে ভূষিত কৰা হব পাৰে। নিৰাপদ মাতৃত্বৰ বিষয়টোক হাতে কামে উন্নীত কৰাৰ ক্ষেত্ৰত চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে।

আজিৰ কিশোৰী ভৱিষ্যতৰ মাতৃ হ’ব। আজিৰ এগৰাকী কিশোৰীয়েই ভৱিষ্যতৰ অফুৰন্ত সম্ভাৱনাৰ শক্তি। যদি এই শক্তিক সঠিকভাৱে কাৰ্যক্ষেত্ৰলৈ প্ৰস্তুত কৰা হয় তেনেহ’লে তেঁৱেই সামগ্ৰিকভাৱে দেশৰ উন্নয়ণৰ মাপকাঠী হ’ব। সেয়েহে কিশোৰী সকলৰ যথোপযুক্ত শিক্ষা, স্বাস্থ্যৰ যতন, নিৰাপদ যৌন জীৱনৰ জ্ঞানৰ প্ৰয়োজন আছে। ১৮ বছৰ বয়সৰ পাছতহে কিশোৰী সকলৰ জৰায়ুৱে লাহে লাহে সন্তান স্থিতিৰ বাবে বৰ্ধনৰ আৰম্ভ হয় আৰু ২১ বছৰৰ পাচত সন্তানৰ জন্মদানৰ বাবে এক পূৰ্ণাংগ জৰায়ুৰ প্ৰস্তুতি সম্পন্ন হয়। সেয়েহে কিশোৰীৰ ১৮ বছৰ নোহোৱালৈকে বিয়াৰ কথা ভৱাটো আৰু ২১ বছৰ সম্পূৰ্ণ নোহোৱালৈকে সন্তান জন্ম দিয়াৰ কথাতো ভবা অনুচিত। সকলো পিতৃ-মাতৃয়ে এই ক্ষেত্ৰত সতৰ্ক হোৱাটো প্ৰয়োজন।

বৰ্তমানেও আমাৰ গাঁৱ অঞ্চলৰ কিশোৰীসকলৰ প্ৰায় ৪০ শতাংশৰ অধিক অপৰিস্কাৰ পৰিৱেশৰ বাবে যৌনৰোগত ভোগী বগাস্ৰাৱ আদি হৈ ৰক্তহীনতাত ভোগে আৰু সু-চিকিৎসাৰ পৰা বঞ্চিত হৈ পৰে পিতৃ-মাতৃক অৱগত কৰাৰ লাজত। এনে কিশোৰীৰ বিবাহকাৰ্য সম্পন্ন কৰি পিতৃ-মাতৃয়ে যুগ্ম জীৱনলৈ সাংসাৰিকৰ বাবে কিশোৰীগৰাকীক ঠেলি দিয়ে আৰু নৱবিবাহিত হৈ সন্তান জন্মৰ সময়ত বিসংগতিপূৰ্ণ প্ৰসৱৰ সন্মুখীন হৈ মৃত্যুক আকোৱালি ল’ব লগা হয় কিশোৰীগৰাকী। অন্যহাতেদি দেখা যায় চহৰ অঞ্চলৰ যুৱক-যুৱতীসকলৰ বহুতে অপ্ৰাসংগিক বা অসংযত যৌন আচৰণৰ দ্বাৰা বিভিন্ন সময়ত দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ মাতৃত্বৰ সময়ত মৃত্যুৰ মুখত পৰে।

২০০৯ চনৰ চাৰ্ভেত বয়স অনুযায়ী অসমত ১৫-১৯ বছৰ বয়সৰ জননীৰ মৃত্যু হয় ৯ গৰাকী, ২০-২৪ বছৰৰ ৪১ গৰাকী, ২৫-২৯ বছৰৰ ৪৫ গৰাকী, ৩০-৩৫ বছৰৰ ২১ গৰাকী, ৩৫-৩৯ বছৰৰ ৯ গৰাকী আৰু ৪৫-৪৯ বছৰৰ বয়সৰ ৩ গৰাকী জননীৰ মৃত্যু হয়। ইয়াৰে ভিতৰত গৰ্ভৱতী অৱস্থাত ২৩ গৰাকী, প্ৰসৱৰ সময়ত ৬৯ গৰাকী আৰু প্ৰসৱৰ ৪২ ঘণ্টাৰ ভিতৰত ৩৬ গৰাকী জননীৰ মৃত্যু হয় বিভিন্ন বিসংগতিপূৰ্ণ কাৰণত। অন্যহাতে গৃহত প্ৰসৱৰ ৪৩ গৰাকী আৰু বেচৰকাৰী চিকিৎসালয়ৰ প্ৰসৱত ছগৰাকী জননীৰ মৃত্যু হোৱা দেখা গৈছে (MMR& IMR SURVEY REPORT, ASSAM 2009 by RRC, NE States)

অসম চৰকাৰেও প্ৰতিবছৰে মাতৃৰ মৃত্যুৰ হাৰ কমাবৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰি আহিছে। বৰ্তমান অসমতো একলাখ জীৱিত জন্মৰ ৩০০ গৰাকী জননীৰ মৃত্যু হয় কেৱল গৰ্ভধাৰণ আৰু প্ৰসৱজনিত কাৰণত । সৰ্বভাৰতীয় গড় জননীৰ মৃত্যুৰ হাৰ ১৬৭ গৰাকী মাত্ৰ। অসমত জননীৰ মৃত্যুৰ হাৰ সৰ্বাধিক হাৰত বৃদ্ধিয়ে সকলোৰে এক বিচাৰ্য্যৰ বিষয় হৈ পৰিছে।

এই ক্ষেত্ৰত সকলো পুৰুষ-মহিলা, ৰাইজ, সংগঠন , অনুষ্ঠান-প্ৰতিষ্ঠান, বেচৰকাৰী সংস্থাকে ধৰি সকলো স্বাস্থ্যকৰ্মী, চিকিৎসক , স্বাস্থ্য বিভাগ সতৰ্ক আৰু সজাগ হোৱাটো উচিত। উপযুক্ত আৰু সঠিক সজাগতাইহে জননীৰ মৃত্যুৰ হাৰ কমোৱাত সহায়ক হ’ব। বয়সন্ধিকালৰ কিশোৰীৰ যতন, গৰ্ভাৱস্থাত ল’বলগীয়া সতৰ্কতামূলক ব্যৱস্থা আৰু সময়োপযোগী চিকিৎসা ব্যৱস্থাৰ সঠিক জ্ঞান জনশিক্ষাৰ জৰিয়তেহে সমাজৰ মাজত সতৰ্কতা বৃদ্ধিৰ সহায়ক হ’ব।

সেয়েহে এই “ৰাষ্ট্ৰীয় নিৰাপদ মাতৃত্ব দিৱস” ৰ দিনটোতেই আমি সংকল্পবদ্ধ হওঁ আহক, যাতে আমাৰ মাজৰ পৰা আগন্তুক দিনত বিলুপ্ত হ’বলগীয়া জননীক বচাই আমি সকলোকে নিৰাপদ মাতৃত্ব প্ৰদান কৰি মাতৃত্ব সুখময় কৰিব পাৰো।

লেখক: দিলীপ বৰুৱা (জি এনআৰচি স্বাস্থ্য)

 

শেহতীয়া উন্নীতকৰণ: : 1/11/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate