অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অনন্য ফল এভকাড

অনন্য ফল এভকাড

খাদ্য,সোৱাদ আৰু ৰসায়ন

আমাৰ দৈনিক খাদ্য তালিকাত ফল মূলৰ ব্যৱহাৰ নিতান্তই আৱশ্যকীয় তথা অপৰিহাৰ্য।ফল-মূলসমূহ ভিটামিন বিভিন্ন খনিজ পদাৰ্থ আৰু আহঁজাতীয় উপাদানৰ চহকী ভৰালঁ।তদুপৰি কেলৰিৰ হিচাপত ফল মুলবোৰ কম কেলৰিযুক্ত খাদ্য।দৈনিক খাদ্যত বিভিন্ন ধৰনৰ আৰু বিবিধ ৰঙৰ ফল ফুলৰ সমাহাৰে দেহৰ বাবে অতিকৈ উপকাৰী বহুতো মাইক্ৰ আৰু মেক্ৰ পুষ্টিকাৰক(Nutrients)যোগান ধৰে।লগতে ফল মূলবোৰ আমাৰ সুস্বাস্থ্যৰ বাবে সহায়কাৰী বিভিন্ন ধৰনৰ ফাইটকেমিকেলছ(Phytochemicals)ৰো চহকী উৎস।উল্লেখযোগ্য যে হাৰ্ভাৰ্ড স্কুল অব প্লাবিক হেলথৰ পুষ্টি বিশেষজ্ঞি প্ৰস্তত কৰা স্বাস্থ্যসন্মত খোৱা থালি(healthy Eating plate)অনুমোদন কৰা মতে মানুহৰ দৈনিক খাদ্য তালিকাৰ মুঠ খাদ্যৰ আধাভাগেই বিভিন্ন ধৰনৰ শাক-পাচলি আৰু ফল মূল হোৱাটো বাঞ্ছনীয়।খাদ্যত প্ৰচুৰ পৰিমানে সতেজ আৰু বিভিন্ন ৰঙৰ ফল মুলৰ ব্যৱহাৰে দেহৰ ওজন আৰু ৰক্তচাপ নিয়ন্ত্ৰন কৰাত সহায় কৰে।এইখিনিতে ফলৰ বাচনি কৰোতেঁ বিবিধ ৰঙৰ সমাহাৰ এটা গুৰুত্বপূৰ্ন দিশ।এনে মিশ্ৰিত ৰঙৰ বাচনিয়ে পটাচিয়াম,ফলেট(folate),খাদ্যপ্ৰান,আহঁ আদি সকলো দিশৰ পুৰ্নতা প্ৰাপ্তিত সহায় কৰে।সুবিধাৰ বাবে হালধীয়া বা গেৰুৱা বৰনৰ(কমলা,পকা অমিতা,আম আনাৰস,পিচফল আদি)বগা ৰঙৰ(কল আদি)নীলা বা বেঙুনীয়া(জামু,খেজুৰ,কিছুমান আঙুৰ আদি)সেউজীয়া ৰঙৰ(কিৱি,এডকাড,নাচপতি আদি) ৰঙা বা গুলপীয়া (ৰঙা আঙুৰ,চেৰী,তৰমুজ,ডালিম,ৰঙা আপেল,ষ্ট্ৰ্বেবেৰী আদি)ইত্যাদি ধৰনৰ পাচঁ-ছবিধ বৰনৰ গোটত ফল-মূলসমূহক ভাগ কৰি লব পাৰি।উল্লেকহযোগ্য যে ফল-মুলৰ ৰস উপকাৰী যদিও গোটা ফল তাতোকৈ অধিক উপকাৰী আৰু অনুমোদিত।কাৰন গোটা ফলত ৰসৰ উপৰি আহঁ আদি উপকাৰী অন্যান্য উপাদান অধিক পৰিমানে থাকে।

খাদ্য,সোৱাদ আৰু ৰসায়নৰ এইখিনি লেখাৰ প্ৰথম খণ্ডত ৰঙা আঙুৰৰ বিশেষ উপকাৰিতাৰ বিষয়ে বিশেষকৈ হৃদযন্ত্ৰৰ অসুখৰ ক্ষেত্ৰত ইয়াৰ গুনাগুনৰ বিষয়ে উল্লেখ কৰা হৈছিল যাক ফেন্স পেৰাডক্স বুলিও আলোচনা কৰা হৈছিল।ৰঙা আঙুৰত থকা ৰেছভাৰেট্ৰল(Resveratrol)নামৰ ফাইটকেমিকেলবিধেই হল ইয়াৰ বিশেষ স্বাস্থ্যসন্মত উপকাৰিতাৰ কাৰন।ফল-মুলৰ ভিতৰত তেনে অন্য এক ফল হৈছে এভকাড(Avocado)যাক স্থানীয়ভাৱে ভাৰতবৰ্ষ কেতবোৰ অঞ্চলত মাখন ফল বুলিও জনা যায়।চলিত শতিকাত হয়তো সকলোতকৈ পুষ্টিকৰ ফল হিচাপে সমগ্ৰ পৃথিৱীৰ প্ৰায় সকলো দেশতেই চৰ্চা লাভ কৰা এই ফলবিধে আধুনিক স্বাস্থ্য সচেতন সমাজত নিজৰ সুকীয়া স্থান দখল কৰিছে।সেউজীয়া বা পকিলে ঈষৎ বেঙুনীয়া ৰঙৰ বাকলিৰ ভিতৰত লুকাই থাকে বগা বা পাতল মাখন বৰনীয়া শাহ।এক গুটিযুক্ত এই ফলৰ কোমল মাখনৰ দৰেই শাহ চামুচ বা এনে সজুলিৰে সহজে উলিয়াই লব পাৰি।এই শাহত প্ৰ্চুৰ পৰিমানে থাকে ভাল চৰ্বি(good fat)প্ৰায় ত্ৰিশ শতাংশলৈ আৰু প্ৰটিন থাকে প্ৰায় চাৰি শতাংশ।তদুপৰি অতি কম পৰিমানৰ কাৰ্বহাইড্ৰেটযুক্ত এইবিধ ফল বহুতো ভিটামিনৰ সমাহাৰ।এই ফলবিধৰ থাকে ভিটামিন-A ভিটামিন-C,ভিটামিন-E,ভিটামিন-K,ভিটামিন-B,নিয়াচিন(Ni-acin),ৰিবফ্লেভিন(Riboflavin)থায়ামিন(Thiamine),পেণ্টথেনিক এচিড কলাইন(choline)আৰু ফলেট(Folate)সেইদৰে কেলচিয়আম,জিংক,কপাৰ,আইৰন,মেগনিচিয়াম,মেংগানিজ,ফচফৰাচ,ছডিয়াম আৰু ছালফাৰ আদি খনিজ দ্ৰব্যৰো অতি চহকী ভৰালঁ এভকাড।

মেক্সিকো,ইণ্ডোনোছিয়া,চিলি,ব্ৰাজিল,কলম্বিয়া,আমেৰিকা যুক্তৰাজ্য,পেৰু,অষ্ট্ৰেলিয়া আদিত প্ৰচুৰ পৰিমানে আদিত প্ৰ্চুৰ পৰিমানে উৎপাদন হয় এভকাড।ইয়াৰে মেক্সিকো হল এডকাডৰ সৰ্বাধিক উৎপাদনকাৰী দেশ।আমাৰ চুবুৰীয়া দেশ শ্ৰীলংকাও এডকাডৰ ক্ষেত্ৰত চহকী দেশ আৰু হয়তো এই দেশৰেপৰা ভাৰতবৰ্ষলৈও এভকাডৰ আগমন ঘটিছিল।বৰ্তমান সময়ত ভাৰতবৰ্ষৰ তামিলনাডু,কেৰেলা,মহাৰাষ্ট্ৰ,কৰ্নাটক,ছিকিম,অৰুনাচল প্ৰদেশতো ধৰি বহু ঠাইত এভকাডৰ উৎপাদান হয় আৰু নিয়মীয়া খেতিও কৰা হয়।অৱশ্যে বৰ্তমানেও ব্যৱসায়িক ফল হিচাপে ভাৰতবৰ্ষত এডকাডৰে জনপ্ৰিয়তা লাভ কৰা নাই।

ছিকিমকে ধৰি ভাৰতবৰ্ষৰ বেছিভাগ অঞ্চলতেই সাধাৰনতে বীজ বা গুটিৰপৰাই এভকাডৰ পুলিৰ বিকাশ কৰি খেতি কৰা হয়।এইদৰে বীজৰপৰা গজোৱা এভকাডৰ পুলিবোৰত পাচঁ-ছয় বছৰৰ পিছত ফল ধৰিবলৈ আৰম্ভ কৰে।গছবোৰত ১০০ৰে পৰা ৫০০ লৈ ফল লাগে।গড় হিচাপত ১০-১৫ বচৰীয়া গছত ৩০০-৪০০ ফল পোৱা যায়।পূৰঠ আৰু কঠিন এভকাড ফলবোৰ গছৰপৰা চপাই অনাৰ ১০-১৫ দিনত পকিবলৈ আৰম্ভ কৰে আৰু কোমল হবলৈ ধৰে।সোৱাদ হিচাপে কোনো বিশেষ ধৰনৰ সোৱাদ নথকা বা নিৰপেক্ষ সোৱাদৰ বা মাখনৰ দৰেই ৰুটী,ব্ৰেড,চেগুউইচ,বাৰ্গাৰ বা ভাতৰ লগতো ব্যৱহাৰ কৰি খাব পাৰি।বিভিন্ন দেশত মানুহৰ সোৱাদ মতে বিভিন্ন ধৰনে ব্যবহাৰ কৰা হয়।ফল মূল অথবা পাচলিৰ চালাড হিচাপে বা গাখীৰ আৰু চেনীৰ সৈতে মিহলি কৰি মিল্কশ্বেক(Milkshake)হিচাপেও দক্ষিন ভাৰতৰ বিভিন্ন ঠাইত আৰু ব্ৰাজিল,ইণ্ডোনোচিয়া,ভিয়েটনাম,ফিলিপাইনছ আদি দেশত জনপ্ৰিয়।

সবাতোকৈ গুৰুত্বপূৰ্ন বিষয়টো হল মানুহৰ বাবে অতি উপকাৰী চৰ্বি,অৰ্থাৎ মনআনচেচুৰেটেড চৰ্বি(Monounsaturated fatty acid MUFA) আৰু পলীআনচেচুৰেটেড চৰ্বি(Polyunsaturted fatty acid-PUFA)আন সকলো ফল মূলতকৈ অধিক পৰিমানে এভকাডত পোৱা যায়।তদুপৰি এই তেল বা চৰ্বিবোৰ পানীত আধাৰিত মেটৃক্সৰ(matrix)ৰুপত থকাৰ বাবে মানুহৰ দেহাই সহজে গ্ৰহন কৰিব পৰা যায়।যোৱা প্ৰায় ত্ৰিশ বছৰৰ বৈজ্ঞানিক গৱেষনাই প্ৰমান কৰে যে দৈনিক খাদ্য হিচাপে কিছু পৰিমানে এভকাড গ্ৰহন কৰিলে তেজৰ লিপিড প্ৰফাইল(Blood Lipid profile)উন্নত হয়।এভকাড সমৃদ্ধ খাদ্যই তেজত বেয়া কলেৰেষ্ট্ৰৰল বা HDL(High Density cholesterol)পৰিমানে বৃদ্ধি কৰে।এভকাড ফলৰ তেলত ৭১ শতাংশ MUFA ১৩ শতাংশ PUFA আৰু ১৬ শতাংশ SFA পৰিমান হ্ৰাস পায়।সুস্থ আৰু স্বাস্থ্যবান হৃদযন্ত্ৰৰ বাবে অতি ভাল আৰু সুফলদায়ক ফল হিচাপে আধুনিক গৱেষণাই এভকাডৰ এক সুকীয়া স্থান প্ৰদান কৰিছে।

প্ৰায় সকলোবোৰ ভিটামিন আৰু কেইবাবিধো মিনাৰেলছৰে উভৈনদী এভকাড থাকে প্ৰচুৰ পৰিমানে (phytochemicals)ফাইটকেমিকেলছবোৰ একপ্ৰকাৰৰ উদ্ভিদজাত যৌগ,যিবোৰৰ বেমাৰ প্ৰ্তিৰোধী ক্ষমতা থাকে প্ৰচুৰ।এন্টি অক্সিডেণ্টসমূহো একপ্ৰকাৰৰ ফাইটকেমিকেলচ।এনেধৰনৰ হাজাৰৰো অধিক অনেক উদ্ভিদজাত যৌগ আৰু ফাইটকেমিকেলচসমূহে মানুহৰ সুস্বাস্থ্যৰ বাবে ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত সহায় কৰে।এই সকলোবোৰ ফাইটকেমিকেলচ বা কোনবোৰ আৰু কিমানসংখ্যক ফাইটকেমিকেলচ কেনেকৈনো ৰোগ নিৰাময়ত সহায় কৰে এই কথা এতিয়াও ৰাসায়নিকভাৱে বা আণৱিক পৰ্য্যায়ত সম্পূৰ্নৰুপে স্পষ্ট হৈ উঠা নাই।যিহেতু  ফল মূল আৰু শাক-পাচলিবোৰেই ফাইটকেমিকেলচ উৎস এইসমূহৰ বাচনি কৰোতেঁ বিভিন্ন তথ্য বিবিধ ৰঙৰ মাজৰপৰা বাছ্নি কৰাটো বৰ গুৰুত্বপূৰ্ন।

অনন্যা ফল এভকাডৰ থকা প্ৰধান ফাইটকেমিকেলচবোৰ হৈছে কেৰটিনইড(Carotenoida- যেনে Xathophy-lutein আৰু (cryptoxanthin)ফেনলিক(phenolics)ফাইটষ্টেৰলছ(phytosterols) আদি।এভকাড MUFA আৰু ফাইটকেমিকেলছত চহকী হোৱা বাবে ই চকুৰ স্বাস্থ্য আদিৰ বাবেও উপকাৰী।উদ্ভিদজাত খাদ্যৰ বিভিন্ন বা বিশেষ ৰ্ং সোৱাদ গোন্ধ আদিৰ কাৰনো প্ৰকৃতাৰ্থত এইফাইটকেমিকেলছবোৰই।

এভকাড প্ৰকৃতিৰ এক অনিৰ্বচনীয় আৰু বিভিন্ন পুষ্টিকাৰক গুনৰে সমৃদ্ধ খাদ্য।দৈনিক খাদ্য তালিকাত এটি প্ৰায় ৫০ গ্ৰাম বা সহজ কথাত ডাঙৰ আকাৰৰ এভকাড এক চতুৰ্থাংশ বা সৰু আকাৰৰ হলে এক তৃতীয়াংশ ব্যৱহাৰ কৰাটো স্বাস্থ্যকৰ খাদ্য গ্ৰহনৰ অংশ।

সচৰাচৰ মিঠা ফল মূলৰ প্ৰ্তিহে মানুহৰ আগ্ৰহৰ বাবে হয়তো এইবিধ নিৰপেক্ষ সোৱাদৰ ফলে আমাৰ ভাৰতীয় বা অসমীয়া খাদ্য তালিকাত বিশেষ স্থান লাভ কৰা নাই।আশা কৰা হৈছে অতি সোনকালেই এভকাড আমাৰ স্বাস্থ্যসন্মত খাদ্য তালিকাৰ প্ৰধান আৰু এক গুৰুত্বপূৰ্ন ফল হিচাপে গুৰুত্বপূৰ্ন হব।

ড:নিৰ্মলা দেৱী

শেহতীয়া উন্নীতকৰণ: : 5/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate