অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমিতাৰ উপকাৰিতা

অমিতাৰ উপকাৰিতা

ভিটামিন –‘চি,’এ’,পটাছিয়াম ,কেলচিয়াম আৰু আয়ৰণেৰে ভৰপুৰ অমিতা স্বাস্থ্যৰ বাবে বৰ উপকাৰী।অমিতাই পেট,হৃদযন্ত্ৰ,লিভাৰৰ বিভিন্ন ৰোগ দুৰ কৰাতো সহায় কৰে।ফলৰ ভিতৰত অন্যতম স্বাস্থ্যবৰ্ধক গুণেৰে পৰিপুৰ্ণ অমিতাই পেটৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধিতো সহায় কৰে।অমিতা এবিধ এনেধৰণৰ ফল য’ত ভিটামিন-‘চি;,ভিটামিন-‘এ’,পটাছিয়াম ,কেলচিয়াম আৰু আয়ৰণৰ প্ৰচুৰ পৰিমাণে পোৱা যায়।

  • ওজন হ্ৰাস কৰাত সহায় কৰে:পকা অমিতা সামান্য মিঠা যদিও কম কেলৰিযুক্ত হোৱা বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিয়ে আহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰি ল’ব পাৰে।তদুপৰি অমিতাত নিহিত হৈ থকা আঁহে আপোনাৰ কোষ্ঠবদ্ধতা দুৰ কৰি ৰাখে।
  • চকুৰ বাবে উপকাৰী:অমিতা চকুৰ বিভিন্ন ৰোগৰ বাবেও উপকাৰী।ইয়াত থকা যথেষ্ট পৰিমাণৰ ভিটামিন-‘এ’ ৰ উপস্থিতিয়ে চকুকেইটাক ৰোগৰ পৰা ৰক্ষা কৰি থাকে।লগতে চকুৰ ৰশ্মি কম হোৱাৰ পৰাও ৰক্ষা কৰে।অমিতা খাই থাকিলে ছানি পৰা ৰোগ নিৰাময় হোৱাৰ লগতে চকুৰ ৰশ্মিও বৃদ্ধি পায়।
  • কলেষ্টেৰল কম কৰে:অমিতাত আঁহ,ভিটামিন-‘চি’ আৰু এণ্টিঅক্সিডেণ্ট প্ৰচুৰ মাত্ৰাত পোৱা যায় আৰু এই উপাদানবিলাকে শৰীৰৰ সিৰা-উপসিৰা ঢাকি ৰখা কলেষ্টেৰলৰ পৰা ৰক্ষা কৰে।উচ্চ মাত্ৰাৰ এল.ডি.এল. কলেষ্টেৰল হৃদযন্ত্ৰ বিকল হোৱা,উচ্চ ৰক্তচাপ আদি বহু ৰোগৰ কাৰণ হ’ব পাৰে।
  • মাহেকীয়াৰ বিষৰ পৰা পৰিত্ৰাণ:অমিতাত থকা পেপেইন নামৰ এনজাইমে মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত হোৱা পেটৰ বিষৰ পৰা ৰক্ষা কৰে।সেয়ে মাহেকীয়া হোৱাৰ সময়ত বিষত ভোগা মহিলাসকলে আহাৰত অমিতা খাব লাগে।
  • প্ৰতিৰোধক ক্ষমতা বৃদ্ধি:শৰীৰৰ বিভিন্ন ধৰণৰ ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে অমিতাই।শৰীৰত প্ৰতিদিনৰ বাবে আৱশ্যক হোৱা ভিটমিন-‘চি’ৰ ১০০ শতাংশ এটা অমিতাত পোৱা যায়।এইদৰে ই শৰীৰক বিভিন্ন ৰোগৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে।
  • ডায়েবেটিছ ৰোগীৰ বাবে উত্তম:পকা অমিতা সোৱাদত মিঠা হোৱা সত্ত্বেও অমিতাত নামমাত্ৰ চুগাৰ থাকে।সেয়ে অমিতা ডায়েবেটিছ ৰোগীৰ হানিকাৰক নহয়।তদুপৰি যিসকল লোকৰ ডায়েবেটিছ ৰোগ নাই,সেইসকল লোকেও অমিতা খালে ডায়েবেটিছ হোৱাৰ আশংকা নেথাকে।
  • কৰ্কট ৰোগত সহায়ক:শেহতীয়া অধ্যয়নত এই কথা জানিব পৰা গৈছে যে অমিতা খালে ক’লন আৰু প্ৰ’ষ্টেট গ্ৰন্থিৰ কেন্সাৰৰ পৰা ৰক্ষা পাব পাৰি।অমিতাত এণ্টিঅক্সিডেণ্ট,সুক্ষ্ম পুষ্টি উপাদান আৰু ফ্লেভনয়ড যথেষ্ট পৰিমাণে পোৱা যায়।ইয়াৰোপৰি ইয়াত থকা ভিটামিন ‘চি’,বিটা কেৰোটিন আৰু ভিটামিন ‘ই’য়ে শৰীৰত কেন্সাৰ কোষ সৃষ্টি হোৱাত বাধা প্ৰদান কৰে।সেয়ে আহাৰত অমিতাক অন্তৰ্ভুক্ত কৰিব লাগে।
  • হতাশা দুৰ কৰে:এইবিধ বহু উপযোগী ফলে ভাগৰ তথা হতাশা দুৰ কৰাতো সহায় কৰে।ইউনিভাৰচিটি অব আলৱামাত এক গৱেষণা অনুসৰি প্ৰায় ২০০ মিলিগ্ৰাম ভিটামিন-‘চি’য়ে শৰীৰত উৎপাদন হোৱা হৰমোনক সঞ্চালন কৰাত সহায় কৰে।
  • হজম শক্তি বৃদ্ধিকাৰক:অমিতাত ফাইবাৰৰ (আঁহ)লগতে ‘পেপেইন’নামৰ আন এবিধ পদাৰ্থ পোৱা যায়।এইবিধ উপাদানে হজম শক্তি বৃদ্ধি কৰে।যিসকল লোকে পেটৰ বিভিন্ন সমস্যাৰ লগতে কোষ্ঠকাঠিন্যত ভুগি আছে,তেওঁলোকে এনেবোৰ সমস্যাৰ পৰা মুক্ত হ’বলৈ নিয়মিতভাৱে অমিতা খোৱাটো প্ৰয়োজন।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 5/31/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate