অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনাৰস আৰু স্বাস্থ্য

আনাৰস আৰু স্বাস্থ্য

আনাৰস এবিধ সকলোৰে পৰিচিত সুস্বাদু ৰসাল খাদ্য| কেঁচাতে ই কিছু টেঙা সোৱাদৰ হ’লেও,পকিলে কিন্তু অত্যন্ত মিঠা আৰু ৰসাল হৈ পৰে | ই ব্ৰাজিলৰ আদিবাসী উদ্ভিদ| ১৫৫০ চনমানৰ আশে-পাশে সমুদ্ৰ অভিযানী পৰ্তুগল নাবিকৰ জৰিয়তে ভাৰতত এইবিধ ফলৰ প্ৰ্ৱেশ ঘটিছিল আৰু অতি কম সময়ৰ ভিতৰতে ইয়াৰ সোৱাদ আৰু ঔষধি গুণৰ বাবে চীন দেশকে ধৰি  সমগ্ৰ দক্ষিণ-পূৱ এছিয়া আৰু পিছলৈ ইউৰোপ্ৰ বিভিন্ন অঞ্চলত ই বিয়পি পৰিছিল| ইয়াৰ বৈজ্ঞানিক নাম হৈছে “আনানাস কমোছছ” আৰু ই “ব্ৰোমেলিয়াচি” গোত্ৰৰ| গ্ৰীষ্মৰপৰা বৰ্ষা ঋতুৰ ভিতৰত পৰ্যাপ্ত মাত্ৰাত ইয়াক পোৱা যায়| ই অতিশয় সুস্বাদু ,ৰুচিদায়ক আৰু ঔষধি গুণসম্পন্ন |প্ৰ্তি এশ গ্ৰাম আনাৰসত ০.০০৮ মিলিগ্ৰাম হাৰত ব্ৰ্মেলিন নামৰ এবিধ মূল্যৱান ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিয়ে হজম শক্তি বৃদ্ধিৰ ক্ষেত্ৰ্ত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে| ইয়াৰ ৰোসত থকা ক্লোৰিণে মূত্ৰাশ্য়ক মৃদুভাৱে উত্তেজিত কৰি দেহ্ৰ দূষিত পদাৰ্থসমূহ বাহিৰ উলিয়াই অনাত সহায় কৰে| পকা আনাৰস মূত্ৰ ,কৃমিনাশক আৰু পিত্ত প্ৰ্শমক| পূৰঠ-পকা সতেজ ফলত পৰ্যাপ্ত মাত্ৰাত ভিটামিন–এ,চি পোৱাৰ উপৰি দেহৰ বাবে লাগতিয়াল বিভিন্ন খনিজ লৱণ পোৱা যায়| এই ফল অত্যন্ত হজমীকাৰক(পাচক),ৰুচিকাৰক,জ্বৰনাশক আৰু বায়ু-পিত্ত প্ৰ্শমক | পকা আনাৰস পৰিমিত ৰুপত সৈন্ধৱ লৱণ আৰু জালুকৰ সৈতে খালে অজীৰ্ণ ৰোগ নাশ হয়| ইয়াৰ (কুমলীয়) পাতৰ ৰসৰ লগত সামান্য মৌ মিহলাই ২/১০ মিলিগ্ৰাম কিছু দিন সেৱন কৰিলে কৃমিজনিত ৰোগ নাশ হয়| শোথ(দেহৰ অংগ-প্ৰ্ত্ংগ ফুলা),যকৃত বৃদ্ধি, মূত্ৰৰ পৰিমাণ কমি যোৱা, মুত্ৰৰ লগত এলবুমিন নিৰ্গত হোৱা, অগ্নিমান্দ্য, চকুৰ তলৰ অংশ ফুলা আদি অনেক ৰোগত আনাৰসৰ ৰস পানৰ দ্বাৰা যথেষ্ট সুফল পাব পাৰি| ইয়াৰ ৰসৰ চৰবত পানৰ দ্বাৰা পিত্ত, বায়ু, কফ(ত্ৰিদোষ)ত সুফল পোৱা যায় আৰু হৃদয় সবল হয় বুলি আয়ুৰ্বেদত উল্লেখ আছে|অৱশ্যে ইয়াৰ মাত্ৰাধিক সেৱন কন্ঠ্ৰৰ কাৰণে অহিতকাৰী| নেমু আৰু আদাৰ ৰস আদিৰ দ্বাৰা ইয়াৰ দুস্প্ৰ্ভাৱ দূৰ কৰিব পাৰি| ইয়াক কেতিয়াও খালী পেটত খাব নালাগে| বতৰৰ এইবিধ উপাদেয় ফলৰ পৰিমিত ৰূপত ,নিয়মিত সেৱনৰ দ্বাৰা আমি সকলোৱে নিজ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো|

লিখক: ভুৱনেশ্বৰ ডেকা|

উৎস: দৈনিক অসম|

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate