অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আনাৰসৰ উপকাৰ :

আনাৰসৰ উপকাৰ :

 

পৰিচয় -

‘আনাৰস’ মাটি কঁঠাল বা ‘সফৰি কঁঠাল’ চিনি নোপোৱা কোনো ব্যক্তি নাই। মাথো ফলৰ গুণাগুণ সম্পৰ্কে সকলোৱে সজাগ নহয়। ‘আমাৰসক’ ইংৰাজীত ‘পাইন আপেল’ বা ‘এনানাছ চেটিভা’ বোলা হয়। আনাৰস দুবিধ। এবিধ দেশী বা স্থানীয় আনবিধ বিদেশী। গুণাগুণ কিন্তু একেই। বিদেশীবিধ ডাঙৰ আকৰৰ। সৰহ পৰিমাণৰ ৰসৰ লগতে ই অধিক সুস্বাদু। দেশী আৰু বিদেশী জাতৰ এয়াই ব্যতিক্ৰম। আতুৰ্বেদ শাস্ত্ৰত আনাৰসক ‘বহুনেত্ৰ’ বোলা হয়। অসমীয়া ‘সাঁথৰ’/ ‘ফকৰা’ যোজনাত ‘গছৰ ওপৰত গছ’ বোলা কথাটিৰে আনাৰসকে সূচায়। বজাৰত উভৈনদী কল, আপেল, আঙুৰ, আম আদি ফলসমূহত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ অতি সীমিত। কিয়নো আনাৰসৰ কেঁচা আৰু পকা দুয়োবিধৰে চাহিদা সমান। বিদেশী আনাৰসৰ ভিতৰত ‘জায়েন্ট কিউ’ আৰু ‘জায়েন্ট কুইন’ দুয়োবিধ অধিক জনপ্ৰিয়।

গুণাগুণ -

আনাৰসত দুবিধ ৰস বিদ্যমান। টেঙা আৰু মিঠা। আনাৰস বলকাৰক, পুষ্টিকাৰক আৰু ক্ৰিমি নাশক। বহু পুৰণি কাহ-কফ, বাতবিষ, প্ৰস্ৰাৱৰ নানা ৰোগ প্ৰস্ৰাৱৰ পৰিমাণ কম, প্ৰস্ৰাৱ জ্বলা-পোৰা আদিত আনাৰসৰ কুমলীয়া পাতৰ ৰস দিনৌ আধাকাপ তিনি-চাৰিবাৰ খালে এমাহৰ ভিতৰতে পৰিৱৰ্তন পৰিলক্ষিত হ’ব। গাৰ বিষ, কঁকালৰ বিষ গাঁঠিৰ বিষত কুমলীয়া পাতৰ ৰস মিচিৰিৰ লগত এমাহ খালে বিষ-বেদনা উপসম হ’ব। শিশুসকলক আনাৰসৰ কুমলীয়া পাতৰ ৰস খুৱালে ক্ৰিমি নাশ হ’ব। ক্ৰিমিৰ বাবে নানা ৰোগৰ সৃষ্টি হয়। প্ৰস্ৰাৱৰ নানা ৰোগত আনাৰসৰ কুমলীয়া পাত থেতেলি পেটত ভৰণ দিলে উপকৃত হ’ব। বাতবিষক ইংৰাজীত ৰিউমিটিজিম বোলা হয়। ‘বাত’, ‘ৰস বাত’ অৰ্থাৎ দীৰ্ঘ দিন ‘ৰিউমিটিক ট্ৰাবলত’ ভুগি থাকিলে সময়ত এনে বাত বেমাৰে পঙ্গুত্ব প্ৰদান কৰিব পাৰে। সঘনাই ‘হিকটি’ হাটো আগন্তুক বেমাৰৰ লক্ষণ হ’ব পাৰে। প্ৰতিকাৰৰ প্ৰথম উপায় হ’ল আনাৰসৰ ৰস সেৱন। কমেও ৩-৪ দিন খালেই পৰিৱৰ্তন দেখা পাব।

লেখক: ডাঃ কৃপাসিন্ধু অধিকাৰী

শেহতীয়া উন্নীতকৰণ: : 2/29/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate