অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আপুনি নিয়মীয়াকৈ নহৰু খায়নে ?

আপুনি নিয়মীয়াকৈ নহৰু খায়নে ?

 

আপোনাৰ খাদ্য তালিকাত বাৰু নহৰু অন্তর্ভুক্ত নে? যদি নহয়, এতিয়াৰে পৰা নিয়মীয়াকৈ ইয়াক খাদ্য তালিকাত অন্তর্ভুক্ত কৰক। কিয়নো শেহতীয়া বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাই প্রমাণ কৰিছে যে আমি সচৰাচৰ ব্যৱহাৰ কৰি অহা নহৰুত অকল পুষ্টি গুণেই নহয়, ঔষধি গুণো আছে অনেক। নহৰু হ’ল- প্ৰ’টিন, মিনাৰেলছ, কাৰ্ব’হাইড্ৰেট, ফছফৰাছ, পটাছিয়াম, খাদ্যপ্রাণ-এ, বি আৰু নায়চিনৰ ভাল উৎস। তদুপৰি নহৰুত ফাইবাৰ, কেলছিয়াম, আয়ৰন, ভিটামিন-চি আদিও থাকে।

প্ৰাচীন চীন, মিছৰ, ৰোম আদি দেশে বিভিন্ন চিকিৎসাৰ বাবে নহৰু ব্যৱহাৰ কৰিছিল। আমাৰ ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰতো নহৰুৰ অনেক গুণৰ বিষয়ে উল্লেখ আছে। আধুনিক বিজ্ঞানীসকলেও প্ৰমাণ কৰিছে যে নহৰু ঔষধি গুণেৰে সমৃদ্ধ।

প্রসিদ্ধ জার্মান চিকিৎসা বিজ্ঞানী ডাঃ হানিচ বিউটাৰে প্রমাণ কৰিছে যে নহৰুৱে শোধ বেমাৰৰ প্ৰতিৰোধক এণ্টি ইনফ্লেমেটৰী হিচাপে ব্যৱহাৰৰ উপযোগী। বাতবিষৰ দৰে বেমাৰতো ই ফলপ্রসূ নহৰুৰ দৈনিক ব্যৱহাৰে মধ্য ৰক্তক গোট খোৱাত বাধা প্রদান কৰে। আনকি ধমনী কলেষ্ট’ৰেল জমা হ’বও নিদিয়ে। ফলত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা নহৰুৱে ভালেখিনি কমাই দিয়ে।

নতুন দিল্লীৰ ইনষ্টিটিউট অব্‌ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড ছায়েন্স আৰু জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে গৱেষণা কৰি প্রমাণ কৰিছে যে নহৰুৰ ছালৰ কেন্সাৰ ৰোগ প্রতিৰোধ কৰিব পৰা ক্ষমতা আছে।

ইংলেণ্ডৰ খ্যাতনামা যৌন ৰোগ বিশেষজ্ঞ ডাঃ ৰবিনছনে প্রমাণ কৰিছে যে নহৰুৱে মানুহৰ যৌনশক্তি বৃদ্ধি কৰে। নপুংসক তথা যৌনশক্তি লোপ পাব ধৰা ব্যক্তিৰ ক্ষেত্ৰত ই টনিকৰ দৰে কাম কৰে। মহিলাৰ স্তনৰ ৰোগ আৰু ঋতুস্ৰাৱ নিয়ামক দ্রব্য হিচাপে নহৰুৱে কাম কৰে।

নহৰুৱে মূত্ৰৰ মাত্রাও বৃদ্ধি কৰে বাবে ই জলোদৰ ৰোগতো উপকাৰী।

ভোজনৰ লগত নিয়মীয়াকৈ নহৰু খালে উচচ ৰক্তচাপ নিয়ন্ত্ৰণত থকাৰ উপৰি ইনফ্লুয়েঞ্জা, বেৰী বেৰী, ডিপথেৰিয়া, আমবাত, অজীৰ্ণ, পিত্তৰ দোষ, কৌষ্ঠকাঠিন্য, একজিমা, হুপিং কাহ আদিৰ পৰা ৰক্ষা পাব পাৰি। তদুপৰি স্নায়ৱিক দুৰ্বলতা, স্মৃতিশক্তি হ্ৰাস পোৱা, কুকুৰীকণা, কৃমি বৃদ্ধি আদি ৰোগত অলপ গৰম গাখীৰৰ স’তে এক বা দুই ফোটা নহৰু চোবাই খালে সমস্ত ৰোগ দূৰ হয়।

নহৰুৰ বীজাণুনাশক ক্ষমতাও আছে অনেক। জীৱ-জন্তুৰ শৰীৰৰ কোনো অংশ ঘা লাগি পচিলে সেই ঠাইত নহৰ বটা প্রলেপ দিলে সোনকালে ঘা শুকাই যায়। নহৰুৰ ৰস সমপৰিমাণৰ পানীৰ লগত গুলি ছটিয়াই দিলে মহ পলাই যায়। সম্প্ৰতি নহৰুৰ এই ক্ষমতাক কৃষিক্ষেত্ৰত প্রয়োগ কৰি সুফল পোৱা গৈছে। শস্য পথাৰৰ অনিষ্টকাৰী পোক-পৰুৱাক দমন কৰিবলৈ নহৰুৰ ৰস, জলকীয়াৰ গুড়ি, চাবোন আৰু পানীৰ মিশ্রণ বনাই শাক-পাচলি বা অন্যান্য শস্যৰ গছত স্প্ৰে কৰি পোক-পৰুৱা নিবাৰণ কৰিব পাৰি।

লিখক: প্ৰসাদ দাস, অসম বাণী।

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate