অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আম

 

ইয়াত সংস্কৃতত-আম্ৰ, ৰসালসহকাৰ, বসন্তদূত, কামবল্লভ, চ্যুত, কামাঙ্গ, মধুদূত, মাকন্দ, বিকবল্লভ বোলে।

গুণ

কেঁচা আমৰ গুণ সুগন্ধী, কেহা, টেঙা, উষ্ণবীৰ্য, ৰুচিকাৰক, মলৰোধক, ৰুক্ষ, কান্তিপ্ৰদ, হৃদ্য, বাতপিত্তবৰ্ধক, ৰক্তপিত্তকৰ, কন্ঠৰোগ, প্ৰমেহ, অতিসাৰ, ব্ৰণ, যোনিৰোগ নিবাৰক। আম বহুপ্ৰকাৰৰ-

সাধাৰণ আমৰ গুণ

আমৰ গুণ অম্ল (টেঙা), মিঠা, সামান্য কেহা, সুগন্ধী, ৰুচিকৰ তৃপ্তিজনক, স্নিগ্ধ, সুখদায়ক, বলবীর্যবর্ধক, গুৰু, হৃদ্য, শীত, অগ্নিদ্দীপক, কফবর্ধক, মলৰোধক, মাংসবৰ্ধক, অতিসাৰ, সংগ্ৰহণী, প্ৰমেহ, ব্রণ, তৃষ্ণা, বাত, শ্ৰম, ৰক্তবিকাৰ, পিত্তৰোগ নাশক।

মিঠা আমৰ গুণ

ব্ৰণৰোপক, কণ্ডুঘ্ন, ইয়াক খালে পেটৰ ভিতৰৰ ৰক্তবাহী স্ৰোতত হোৱা ঘা অতি সোনকালে আৰোগ্য হয়। আম খালে আৰু গাত ঘঁহিলে খজুৱতি আদি চৰ্মৰোগ নহয়।

  • অতিসাৰ, বেছিকৈ পাতল শৌচ হোৱা ৰোগ গ্ৰহণী, হাইজা, যকৃৎ দৌৰ্বল্য, শূল, পেটৰ বিষ আদি ৰোগত আমগছৰ ওপৰৰ খহটা চাল পেলাই ভিতৰৰ চাল পঞ্চাছ গ্রাম থেতেলিয়াই পাঁচশ গ্রাম পানীত সিজাই, পঞ্চাছ গ্রাম পানী থকাত নমাই ঠাণ্ডা হ’লে মৌৰ লগত খালে উক্ত ৰোগ আৰোগ্য হয়। বিশেষতঃ অতিসাৰ আৰু আমাতিসাৰত বিশেষ উপকাৰ হয়। উক্ত প্ৰকাৰে তৈয়াৰ কৰি কেইদিনমান খোৱা উচিত।
  • ৰক্তাতিসাৰ (তেজ পৰা হাগনি)ত আমপাতৰ ৰস পঁচিছ গ্রাম, মৌ আৰু এঁৱা গাখীৰৰ দহ গ্ৰামকৈ, গৰুৰ ঘিউ পঞ্চাছ গ্রাম মিহলাই খালে উপকাৰ হয়।
  • সৰু ল’ৰা-ছোৱালীৰ হাগনি হ’লে আমঠুৰ ভিতৰৰ সাহি ভাজি গুড়ি কৰি মৌৰ লগত ঘনাই ঘনাই খুৱাব৷ যদি ৰক্তাতিসাৰ হয় শৌচৰ লগত তেজ পৰে, তেনেহলে আমগছৰ ভিতৰৰ চাল (ওপৰৰ খহটা চাল বাদ দি) দৈ গাখীৰৰ লগত বটি নাভিত ভৰণ দিলে উক্ত ৰোগ গুচিব।
  • গ্ৰহণী আৰু পুৰণি হাগনি ৰোগত মিঠা আমৰ ৰস পঞ্চাছ গ্রাম, দৈ পঁচিছ গ্রাম, আদাৰ ৰস দহ গ্রাম মিহলাই খাব। আৱশ্যক হ’লে আমৰ ৰস এশ গ্রামলৈকে খাব পাৰে। এনেকৈ কেইদিনমান খালে উপকাৰ পাব।
  • খৰ, খহু, আদি চর্মৰোগত পূৰঠ নোহোৱা কুমলীয়া আম থেতালি ৰস উলিয়াই কাপোৰেৰে চেকি ল’ব। ৰস যিমান হয় তাৰ চতুর্থাংশ মিঠিলেটেড স্পিৰিট মিহলাই বটলত ভৰাই ৰাখিব। মিঠিলেটেড স্পিৰিট নেপালে দেশী মদ মিহলাবও পাৰে। তৃতীয় দিনৰ পৰাই সকলো প্রকাৰৰ চর্মৰোগত লগালে চর্মৰোগ আৰোগ্য হ’ব। ইয়াক অৰ্শৰ বলিত লগালেও বলি শুকাই যায়।
  • বৃদ্ধিৰোগত (অণ্ডকোষ ডাঙৰ হৈ ফুলি উঠা ৰোগত) আম গছৰ স্বাভাৱিকতে হোৱা গাঁঠি (টেমুনা) গৰুৰ মূত্ৰৰ লগত বটি লেপ দি সেকিব। উপকাৰ হ’ব।
  • সূতা কৃমি ৰোগত কেঁচা আমঠুৰ গুড়ি দুই বা তিনি গ্রাম পানীৰ লগত পুৱা আৰু গধূলি খালে উক্ত কৃমিৰ পৰা হোৱা কষ্ট দূৰ হয়।
  • দন্তৰোগত আমৰ পাতৰ ছাইৰে দাঁত মাজিলে সকলো প্রকাৰৰ দন্ত ৰোগ আৰোগ্য হয়। পুৱা আৰু গধূলি দিনে দুবাৰকৈ দাঁত মাজিব।
  • শৰীৰৰ কোনো ঠাই পুৰিলে আমঠুৰ শাহ পানীৰ লগত বটি লগালে জ্বলা-যন্ত্রণা নাইকিয়া হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

 

শেহতীয়া উন্নীতকৰণ: : 1/19/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate