অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ দৈনন্দিন খাদ্য তালিকাত বিট কিয় সন্নিবিষ্ট হোৱা উচিত?

আগকথা –

আমাৰ অসমীয়া মানুহে পাচলিৰ বজাৰ কৰোতে গাজৰ আৰু বিলাহীক গুৰুত্ব দিয়ে৷ দাম যিমান হলেও সেই দুবিধ পাচলিৰ এপোৱা (আঢ়ৈশ গ্ৰাম) হলেও কিনে৷ কিন্তু বিটৰ প্ৰতি গ্ৰাহক সমভাৱাপন্ন নহয়৷ ইয়াৰ কাৰণ আন একো নহয় মাথো অজ্ঞতা৷ এই প্ৰবন্ধৰ মাধ্যমেৰে আমাৰ অঞ্চলত সুলভ এইবিধ উপকাৰী পাচলিৰ বিষয়ে অসমৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰিব খুজিছোঁ৷ আশাকৰো লেখাটো পঢ়াৰ পিছত সহজে উপলব্ধ এইবিধ পাচলিক নিজৰ দৈনন্দিন খাদ্য তালিকাত সন্নিবিষ্ট কৰিবলৈ পাঠকসকল আগ্ৰহী হব৷

বৈজ্ঞানিক পৰিচয়-

বিটৰ বৈজ্ঞানিক নাম Beta vulgaris৷ ইয়াৰ বংশাৱলী বা ফেমিলি হ'ল- Chenopodiaceae৷ ইংৰাজীত ইয়াক মতা হয় বিভিন্ন নামেৰে যেনে - Common beet, Beet root,Table beet,Red beet, Golden beet আদি৷ সাধাৰণতে চাৰিটা প্ৰজাতিত ইয়াক বিভক্ত কৰা হৈছে৷ সেইকেইটা হ'ল-

(১) Garden beet (আন নাম Beet root বা Table beet) যাক বাগিচাত বা পথাৰত খাদ্যৰ বাবে ৰোপন কৰা হয়।

(২) Swiss chard (আন নাম Silver beetবা leaf beet)।

(৩) Sugar beet যাৰ পৰা সাধাৰণতে চেনি বনোৱা হয়।

(৪) Mangold বা Mangel-wurzel যাক ঘাইকৈ পশু খাদ্য হিচাবে ব্যৱহাৰ কৰা হয়৷

ইয়াৰ ওপৰিও প্ৰত্যেক জাতিৰে নানানবিধ উপজাতি আছে৷ গুণাৱলীৰ তাৰতম্য সেইমতে বিভিন্ন উপজাতিৰ মাজত দেখা যায়৷

গছৰ বৰ্ণনা –

তাপমান ১৫ৰ পৰা ৩০ডিগ্ৰী চেলচিয়াচ থকা অঞ্চলত বিটৰ খেতি ভাল হয়৷ বীজ ৰোপন কৰাৰ পৰা দুমাহৰ সময় লয় মাটিৰ তলৰ মাংসল বিট পূৰঠ হবলৈ৷ গছৰ পাতৰ বৰণ সেউজীয়া, তাত ৰঙা আঁচ থাকে পালেঙৰ নিচিনা৷ এজোপা গছ ১৪ ইঞ্চিলৈকে ওখ হয়৷ মাটিৰ তলৰ পূৰঠ বিটৰ শিপাৰ আকাৰ সৰু-বৰ হব পাৰে৷ বৰণ চকলেট ৰঙা বা প্ৰজাতিভেদে কিছু ভিন্ন হব পাৰে৷ চুক্ৰজ থকা বাবে খাবলৈ ইয়াৰ স্বাদ মিঠা৷ বিট গছৰ পাতো চালাড বা আন ধৰণেৰে খাব পাৰি৷ বিট কাটিলে চকলেট ৰঙচুৱা ৰস ওলায়৷ এই ৰঙ নানাবিধ খাদ্যপদাৰ্থত (যেনে কেক, পোলাৱ) আৰু মদত মিহলাবলৈ ব্যৱহৃত হয়৷ ইয়াৰ এটা নিৰ্দিষ্ট গোন্ধ থাকে-কেঁচা মাটিৰ লগত মিল থকা৷ বিটত থকা Geosmin নামৰ পদাৰ্থৰ বাবে এই গোন্ধ পোৱা যায়৷

বিটৰ উৎপত্তিস্থল –

বিশ্বৰ কমেও ৪৫খন দেশত বিটৰ খেতি হয়৷ বিটৰ সৰহীয়াকৈ উৎপাদন কৰা দহখন উল্লেখযোগ্য দেশ হ'ল (ক্ৰম অনুসৰি)- ৰাচিয়া, ফ্ৰান্স, আমেৰিকা, জাৰ্মেনী, টাৰ্কি, চীন, ইউক্ৰেইন, পোলেণ্ড, ইজিপ্ত আৰুব্ৰিটেইন৷ বিশ্বত আটাইতকৈ বেচি বিট উৎপাদন কৰা দেশ হ'ল ৰাচিয়া৷ বছৰি ৪৫নিযুত টন বিট ৰাচিয়াই উৎপাদন কৰে৷ ভাৰতবৰ্ষত বছৰি ২৫ৰ পৰা ৩০নিযুত টন বিটৰ উৎপাদন হয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য প্ৰদেশ কেইখনৰ নাম হ'ল- হৰিয়ানা, পঞ্জাব,উত্তৰ প্ৰদেশ, অসম, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটক৷ আমাৰ চুবুৰীয়া বাংলাদেশ আৰু পাকিস্তানো বিটৰ খেতিত পিছ পৰি থকা নাই৷

আন আন ভাষাত বিটক কি বুলে?

অসমীয়াত- বিট,

বাংলাত-বীট- পালং,

মলয়ালম আৰু মাৰাঠীত- বীট,

হিন্দী আৰু নেপালিত- চুকন্দৰ,

আৰবীত- বিনাজিৰ,

টাৰ্কিত- পানচাৰ,

আলবেনিয়াত- পানঝাৰ,

ফিলিপিনোত- বীট আৰু ৰিমলাচা,

স্পেনিচত- ৰিমলাচা,

ইণ্ডোনেচিয়াত- বীট,

ডাচ ভাষাত- ৰ'ডে বিয়েট,

জাৰ্মানত- ৰ'টে বিটে,

পোলিচত- বুৰাক,

স্কটিচত- বায়টিক,

চোমালিত- বেটাৰাফ,

ইটালিত- বাৰবিটিয়োলা,

ডেনিচত- ৰয়বেডে,

নৰৱেত- ৰয়ডেটি আৰু বেটি,

হাংগৰীত- চেকিয়া৷

লেটিন বিটা (Beta) শব্দৰ পৰা বিট (Beet) নামৰ উৎপত্তি বুলি ঠাৱৰ কৰিব পাৰি৷

বুৰঞ্জীয়ে ইয়াৰ বিষয়ে কি কয়?

বিটৰ বুৰঞ্জী খুচৰি গম পালোঁ আজিৰ পৰা ৪ হেজাৰ বছৰ পূৰ্বে ভূমধ্য সাগৰীয় অঞ্চলত পোন প্ৰথম বিটৰ খেতি হৈছিল৷ কোনোৰ মতে আকৌ ইৰাকৰ বাগদাদৰ ওচৰৰ বেবিলনৰ ওলমা বাগিছাত পোন প্ৰথম বিটৰ ৰোপন হৈছিল৷ তাৰ পৰা কালক্ৰমে ইউৰোপ আৰু আমেৰিকালৈ ইয়াৰ সঁচ যায়৷ ভালেখিনি সময় বাগৰাৰ পিছতহে ভাৰতীয় উপ মহাদেশৰ লোকে ইয়াৰ মাহাত্ম্য বুজি পায় আৰু ৰোপন আৰম্ভ কৰে৷ ৰোমানসকলে অতীজতে বিটক যৌন শক্তিবৰ্ধক হিচাবে গণ্য কৰি ব্যৱহাৰ কৰিছিল৷ ইয়াৰ পিছত নানান দেশৰ লোক-চিকিৎসাত বিটে পাকস্থলীৰ হজম ঠিক কৰা, দেহত শক্তি যোগান ধৰা, শৰীৰৰ কমনীয়তা বঢ়োৱা আদি উপকাৰী গুণৰ বাবে খাবলৈ পৰামৰ্শ দি অহা হৈছিল৷ প্ৰথম মহাযুদ্ধৰ সময়ত খাদ্যৰ নাটনি হোৱাত বহু ঠাইৰ সৈনিকে কেবল বিট খাই জীয়াই থকাৰ কথা পঢ়িবলৈ পোৱা যায়৷ ১৪৭৭ চনত Bartolomeo Platina নামৰ ইটালিৰ এজন খাদ্য বিশেষজ্ঞই জনালে যে নহৰু আৰু বিট একেলগে খালে পেটৰ বিকাৰ আতৰ হোৱাৰ ওপৰিও নিশ্বাসত নহৰুৰ গোন্ধ নোলায়৷ ১৭৪৭ চনত বাৰ্লিনৰ এজন ৰসায়নিক বিজ্ঞানীয়ে (Andreas Sigismund Marggraf) বিটত চুক্ৰজ থকা কথাটো আবিস্কাৰ কৰে৷ শেহতীয়াকৈ আজিৰ যুগত আমেৰিকা আৰু ইউৰোপৰ নানান দেশত বিটৰ উপকাৰিতাৰ ওপৰত বিস্তাৰিত বৈজ্ঞানিক অনুসন্ধান হৈছে৷ বিশেষকৈ হৃদৰোগ, ডায়েবেটিজ আৰু কৰ্কট ৰোগত বিটে পেলাব পৰা প্ৰভাৱৰ ওপৰত উচ্চস্তৰীয় গবেষণা চলি আছে৷

কেনেদৰে বিটক গ্ৰহণ কৰা হয়?

বিটক কেঁচাই চালাড কৰি অকলে বা আন পাচলিৰ সৈতে (যেনে গাজৰ, তিঁয়হ, পিঁয়াজ) মিহলাই খাব পাৰি৷ বইল কৰি বাকলি গুচাই খাব পাৰে৷ ৰস ওলিয়াই অকলে বা আন ফলৰ ৰসৰ সৈতে (যেনে নেমু, তৰমুজ)মিহলাই খাব পাৰি৷ বিটৰ সুস্বাদু আচাৰ বনাই খাব পাৰে৷ বিটৰ চুপ বনায়ো খাব পাৰে৷ ইয়াৰ ওপৰিও কেক, বাৰ্গাৰ, পিজ্জা, মদ, জাম, জেলি, চ'চ, ট'মেটো পেষ্ট, আইচক্ৰিম আদিত বিট মিহলাব পাৰে৷ বিটৰ পাত চালাড কৰি নাইবা পালেংশাকৰ দৰে ৰান্ধি খাব পাৰি৷

কি কি ৰাসায়নিক তত্ব বিটত অন্তৰ্নিহিত?

বিট হ'ল এবিধ অতি পুষ্টিকৰ পাচলি য'ত-

  • প্ৰায় সকলো ধৰণৰ ভিটামিন (বি-কম্পেক্স, ভিটামিন-চি, ভিটামিন-এ),
  • লাগতিয়াল খনিজ(প'টেচিয়াম, আইৰণ, ক'পাৰ, চেলেনিয়াম, জিংক, ফচফৰাচ, কেলচিয়াম, মেংগানিজ, মেগনচিয়াম),
  • এন্টিঅক্সিডেন্ট,
  • ফাইটোকেমিকেল তত্ব(এন্থচায়ানিন, কেৰটিনয়েড, লিউটিন, ঝিয়াজনথিন,গ্লাইচিন) আৰু

ডায়েটেৰী ফাইবাৰ (ঘোলনশীল আৰু অঘোলনশীল দুয়ো প্ৰকাৰৰ) প্ৰচুৰ পৰিমানত থাকে৷

বিটানিন (Betanin) নামৰ পিগমেন্টৰ উপস্থিতিৰ বাবে বিটৰ ৰঙটো দেখা যায়৷ বিটানিন আমাৰ শৰীৰৰ ভিতৰত নভঙাকৈ অপৰিবৰ্তিত থাকে আৰু শৌচ প্ৰসাবেদি একদৰে বাহিৰ হয়৷ সেয়ে বিট খোৱা মানুহৰ মল-মূত্ৰত বিটৰ ৰঙ দেখা যোৱাটো অস্বাভাবিক নহয়৷

১০০গ্ৰাম বিটত কেলৰি থাকে-

  • মাত্ৰ ৪৩ পানীৰ পৰিমান বিটত- ৮৮শতাংশ
  • কাৰ্বোহাইড্ৰেট- ১০শতাংশ
  • প্ৰটিন- ২শতাংশ আৰু
  • ফেট এক শতাংশৰো কম৷

বিটৰ বহুমুখী উপকাৰিতাৰ তালিকা -

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ –

আমেৰিকান হাৰ্ট এচচিয়েচনৰ পত্ৰিকা 'হাইপাৰটেনচন'ত প্ৰকাশিত এক লেখাৰ মতে দৈনিক ২৫০ মিলিলিটাৰ বিটৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপ বাৰুকৈ হ্ৰাস পায়৷ বিটত থকা ডায়েটেৰি নাইট্ৰেটৰ পৰা দেহত নাইট্ৰিক অক্সাইড নিৰ্গত হয়৷ নাইট্ৰিক অক্সাইডে তেজৰ নলী বহলাই তুলি(Vasodilation) ৰক্তচাপ কমাই তোলে৷

*হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰা –

বিটত থকা প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখি ষ্ট্ৰ'ক আৰু আন হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷

তেজৰ অপকাৰী ক’লষ্টেৰল হ্ৰাস কৰা –

ক'লেষ্টেৰল, এল ডি এল ক'লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বিটৰ সেৱনৰ ফলত হ্ৰাস পায়৷ আনহাতে উপকাৰী ক'লেষ্টেৰল এইচ ডি এল বৃদ্ধি পায়৷ ইয়াৰ ফলতো হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায়৷ আকৌ বিটত থকা বিটেইন(Betain) নামৰ পদাৰ্থই তেজৰ হোমচিষ্টিনৰ (Homocysteine) পৰিমান কমায়৷ হোমচিষ্টিন বাঢ়িলে এথেৰস্কেৰচিচ,ষ্ট্ৰ'ক আদিৰ সম্ভাৱনা বৃদ্ধি পায়৷

তেজৰ বিশুদ্ধীকৰণ –

আমেৰিকান লিভাৰ ফাউণ্ডেচনে প্ৰকাশ কৰা তথ্য মতে বিটে তেজৰ পৰা দূষিত তত্ব শোধন কৰাত লিভাৰক সহায় কৰে৷ পেক্টিন নামৰ পানীত ঘোলনশীল ফাইবাৰে এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে৷

কৰ্কট ৰোগৰ পৰা সুৰক্ষা-

হাওঁফাওঁ, চৰ্ম, বক্ষ, প্ৰষ্টেট, ক'লন আদিৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে৷ বিটত থকা বিটাচায়ানিন (Betacyanin)নামৰ পিগমেন্টে টিউমাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে বুলি হাংগৰীত কৰা গবেষণাত এই কথাৰ প্ৰমাণ পোৱা গৈছে৷

ডায়েবেটিজৰ নিয়ন্ত্ৰণ-

বিটৰ গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে তেজত চুগাৰ পৰিমান কম গতিতহে বাঢ়ে৷ বিটত থকা পানীত ঘোলনশীল ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰাৰ ওপৰিও তেজৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখে৷ ডায়েবটিজত আক্ৰান্ত সকলে এগিলাচ বিটৰ ৰস দৈনিক খোৱাৰ অভ্যাস কৰক৷ চুগাৰৰ ওপৰিও ৰক্তচাপ ভাললৈ আহিব৷

শক্তিবৰ্ধক আৰু ক্লান্তি আতৰায়-

ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ উপস্থিতিৰ দ্বাৰা৷

মস্তিষ্কৰ বাবে উপযোগী-

বিটত থকা নাইট্ৰেটে তেজৰ নলী বহল কৰি দিয়াত মস্তিষ্কৰ ৰক্ত সঞ্চালন উন্নত হয়৷ যাৰ ফলত ভবা চিন্তাৰ শক্তি বাঢ়ে আৰু স্মৃতিশক্তিৰ উন্নতি হয়৷

শৰীৰৰ মেদ আৰু ওজন কমোৱাত ভূমিকা –

ডায়েটেৰী ফাইবাৰে কৰা উপকাৰিতাৰ ফলত৷

শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক –

ভিটামিন আৰু এন্টিঅক্সিডেন্টৰ ফলত৷

চকুৰ সুৰক্ষা-

মেকুলাৰ ডিজেনৰেচন আৰু কেটেৰেক্ট ৰোধ কৰে৷ বিটত থকা ভিটামিন-এ আৰু বিটা-কেৰটিনৰ দ্বাৰা এয়া সম্ভৱ পৰ৷

হাঁডৰ সুৰক্ষা –

বিটত থকা ফচফৰাচ,কেলচিয়াম, মেগনচিয়াম, প'টেচিয়াম, ক'পাৰ, চেলেনিয়াম,জিংক আদিয়ে হাঁড়ক শক্তিশালী কৰে আৰু ইয়াৰ ক্ষয়(Osteoporosis)ৰোধ কৰে৷

এনিমিয়া আতৰায়-

আইৰণ, ভিটামিন-চি আৰু ক'পাৰৰ ভূমিকাৰ বাবে৷

মাহেকীয়াৰ সমস্যা –

নিয়মীয়া বিট সেৱনে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আতৰ কৰে৷

জন্মগত বিসংগতি ৰে৷ধ কৰে –

বিটত থকা ফলেটে গৰ্ভস্থ সন্তানৰ স্পাইনা বাইফিডা বা আন জন্মগত বিসংগতি হবলৈ নিদিয়ে৷

যৌনজীৱনত প্ৰভাৱ –

বিটত থকা বৰন (Boron), নাইট্ৰিক এচিড, ভিটামিন-চি, আইৰণ, জিংক আদি লাগতিয়াল তত্বই চেক্স হৰমোন নিৰ্মাণত সহায়ক হয়৷ ইয়াৰ ফলত পুৰুষৰ যৌন দূৰ্বলতা (Loss of Libido)আতৰ হোৱাত সহায়ক হয়৷

শৌচকচা আতৰ কৰে –

ডায়েটেৰী ফাইবাৰৰ দ্বাৰা৷

দেহত বয়সৰ ছাপ নপৰাকৈ ৰখা (Anti aging)-

বিটে শৰীৰৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্বলতা বঢ়ায়৷ অকাল বাৰ্ধক্যৰোধ কৰে৷

এন্টিইনফ্লেমেটৰী গুণ –

বিটেইন আৰু অন্যান্য এন্টিঅক্সিডেন্টৰ বাবে বিটৰ এন্টিইনফ্লেমেটৰী গুণ দেখা যায়৷ সেয়ে বিট আৰ্থাইটিচ,ইৰিটেবল বাৱেল চিনড্ৰম,মূৰৰ বিষ আদিত উপযোগী বুলি কোৱা হয়৷

খেলুৱৈৰ সক্ৰিয়তা বৃদ্ধি কৰা –

এয়া অনেক গবেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে৷

মানসিক অৱসাদ,ডিপ্ৰেচন আতৰ কৰে৷

বিটৰ পাত বইল কৰি তাৰ ৰসেৰে মূৰ ধুলে ওকনি সৰে৷

লবলগীয়া সাবধানতা –

তলৰ লোকসকল বিটগ্ৰহণত সতৰ্ক হোৱা বাঞ্চনীয় :

কিডনিৰ পাথৰ থকা লোকে বিট খালে অক্সালেট ষ্টনৰ আকাৰ বঢ়াৰ সম্ভাৱনা থাকে৷

তেজত কোনে খনিজৰ পৰিমান বেচি থকা লোক-কিছুমান মানুহৰ তেজত আইৰণ বা ক'পাৰ বৰ্ধিত পৰিমানত থাকে৷ তেনেলোকে বিট পৰিহাৰ কৰিব৷

বেচি পৰিমানত পেটৰ অসুখীয়া ৰোগীয়ে বিট,বিশেষকৈ কেঁচা বিট বৰকৈ নাখাব৷

গৰ্ভাৱস্থাত যি কোনো উপযোগী খাদ্যও সীমাৰ ব্যতিৰেকে গ্ৰহণ কৰা অনুচিত৷

থাইৰয়েডৰ যি কোনো অসুখত ভূগি থকা লোকে নিজৰ চিকিৎসকৰ পৰামৰ্শমতে বিট সেৱন কৰিব৷

লেখক: ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 0097433738722

শেহতীয়া উন্নীতকৰণ: : 3/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate