অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমিষ বনাম নিৰামিষ খাদ্য – এটি চমু টোকাঃ

আমিষ বনাম নিৰামিষ খাদ্য – এটি চমু টোকাঃ

আমিষ বনাম নিৰামিষ খাদ্য

আজিৰ যুগত এক বাদানুবাদৰ বিষয়৷ খাদ্যসমূহক গুণ অনুসৰি সাত্বিক, ৰাজসিক আৰু তামসিক শ্ৰেণীত ভগাব পাৰি৷ বিভিন্ন ধৰ্মই নিৰামিষ বা আমিষ যি খাদ্যৰে পোষকতা নকৰক কিয় বিজ্ঞানীসকলে পাইছে যে নিৰামিষভোজীসকল স্বাস্থ্য বেছি নিৰোগী আৰু আয়ুস বেছি৷ ডায়েবেটিজ, উচ্চ ৰক্তচাপ, হৃদৰোগ, মেদবহুলতা, গাউট আৰু ক্ৰনিক ৰোগ আমিষ ভোজীসকলৰ সদায়েই বেছি৷

উপাদানসমূহ

খাদ্যৰ মূল উপাদানসমূহৰ ভিতৰৰ কেলচিয়াম (দাঁত আৰু হাড়ৰ বাবে প্ৰয়োজনীয়) আহে গাখীৰ, ডায়েৰী প্ৰডাক্ট, ব্ৰুকলি, বীট জাতীয় সেউজীয়া পাচলিৰ পৰা৷ থাইৰয়েডৰ বিকাশৰ বাবে লাগতিয়াল আয়ডিন আহে আমি খোৱা আয়ডিনযুক্ত নিমখৰ পৰা৷ অমেগা ৩ ফেটি এচিড আহে অলিভ তেল,আখৰোট, চয়াবীন আদিৰ পৰা৷ তেজৰ ৰক্ত কণিকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লোহা সেউজীয়া পাচলি আৰু বিভিন্ন ফলত থাকে৷ তেজৰ ৰক্ত কণিকাৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ভিটামিন বি ১২ সাধাৰণতে আমিষ খাদ্যত থাকে যদিও নিৰামিষ ভোজীয়েও তাক পূৰণ কৰাৰ উপায় আছে৷ প্ৰ’টিন আৰু কোষৰ বিকাশৰ বাবে প্ৰয়োজনীয় জিংক ডায়েৰী প্ৰডাক্ট, বাদাম জাতীয় শস্য আৰু বীনৰ পৰা পাব পাৰে ৷ গাখীৰত হাড়ৰ বাবে লাগতিয়াল ভিটামিন-ডি পাব৷ নিৰামিষভোজীসকলে খাদ্যত সচেতন নহ’লে লৌহ পদাৰ্থ, জিংক আৰু ভিটামিন বি-১২ – এই কেইটাৰ অভাৱত ভূগি এনিমিয়া আৰু স্নায়ু তথা মস্তিষ্কৰ বিকাৰত ভূগিব পাৰে৷ ইয়াৰ ওপৰিও সুস্বাস্থ্যৰ বাবে দৈনিক নিয়মীয়া ব্যায়াম বা খোজকঢ়া অতিকৈ লাগতিয়াল কথা৷

উৎস: আই.এন.ডি.জি দলৰ দ্বাৰা সংগৃহিত

শেহতীয়া উন্নীতকৰণ: : 10/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate