অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমৰ ঔষধি গুণ :

 

আম সকলোৰে বাবে এটা সুস্বাদু ফল। আমক ফলৰ ৰজা বুলি কোৱা হয়। ভাৰতবৰ্ষত প্ৰায় ১,০০০ প্ৰজাতিৰ আম পোৱা যায়।

আমৰ গুণ -

পকা আম আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। পকা আম বীৰ্যবৰ্ধক, বায়ুনাশক, বলকাৰক, পুষ্টিকাৰক, তৃপ্তিজনক।

আমৰ ঔষধীয় আৰু অন্যান্য গুণবোৰ হ’ল -

*পকা পূৰঠ আমে হৃদযন্ত্ৰ সবল কৰে আৰু বীৰ্যবৰ্ধন কৰে। এটা পকা আমৰ ৰস ১৫০ গ্ৰাম গৰুৰ গাখীৰৰ লগত মিহলাই দিনটোত এবাৰকৈ খালে হৃদযন্ত্ৰ সবল হয়?

*বাতপিত্ত নাশ কৰাত পকা আমে সহায় কৰে। পকা আম এৰাতি পানীত তিয়াই থৈ খালে বহুমূত্ৰ ৰোগ নিৰাময় হয়। এইদৰে ১০-১৫ দিন খাব লাগে। বাত পিত্ত ৰোগো নিৰাময় হয়।

*বায়ু ৰোগ নাশ কৰিবলৈ দিনে অন্ততঃ দুটা পকা আম খাব লাগে। স্মৃতিশক্তি সবল কৰিবলৈ দিনে পকা আমৰ ৰসৰ লগত(একাপ) এচামুচ আদাৰ ৰস মিহলাই খাব লাগে। দিনে এবাৰ এমাহ ধৰি খাব লাগে।

*অৰ্শ(Piles) বা কেঁচুমূৰীয়া ৰোগ আৰোগ্যৰ বাবে একাপ পকা আমৰ ৰসৰ লগত আধা কাপ দৈ মিহলাই দিনটোত এবাৰকৈ এসপ্তাহ খাব লাগে।

*বহুমূত্ৰ ৰোগ, যক্ষ্মা ৰোগত ভোগা লোকে পকা আমৰ ৰস তিনি চামুচত এচামুচ মৌ মিহলাই খাব লাগে। দিনে এবাৰকৈ দহ দিন খাব লাগে।

*কৃমি নাশ কৰিবলৈ আমৰ গুটিৰ চূৰ্ণ দুচামুচৰ লগত অলপ গৰম পানী মিহলাই ৰাতি শোৱাৰ আগত খাবলৈ দিলে সকলো ধৰণৰ কৃমি নাশ হয়। তিনি দিন খুৱাব লাগে।

*বমি হ’লে আমৰ কুঁহিপাতৰ ৰস এচামুচ পৰিমাণে দিনে দুবাৰকৈ খুৱালে এদিনতে ভাল হয়।

*পেটচলা বা ডায়েৰীয়া খ’লে আম গছৰ ছালৰ ৰস খুৱাব লাগে। দুচামুচকৈ দিনে দুবাৰকৈ দুদিন খুৱাব।

*নাকেৰে তেজ ওলালে আমৰ মাজৰ শুকান শাহটো জুইত পুৰি তাৰ ধোঁৱা নাকেৰে শুঙিলে তেজ ওলোৱা বন্ধ হয়। এঁৱা ভগা ভাল হয়।

*উচ্চ ৰক্তচাপত পকা আমৰ ৰস দিনে একাপ এসপ্তাহ খালে উচ্চ ৰক্তচাপ নিয়মীয়া হয়।

পকা আম ভোকত খাব নালাগে। কেঁচা আম খালে ৰক্ত বিকাৰ, পিত্ত, বিষ, বায়ু ৰোগ উৎপন্ন হয়। পকা আম খালে কোনো অপকাৰ নহয়।

১০০ গ্ৰাম পকা আমত পোৱা খাদ্য উপাদানবোৰ হ’ল -

কাৰ্বোহাইড্ৰেট- ৮৬.১%,

কেৰটিন- ৪৮০০ ইউনিট,

আঁহজাতীয় পদাৰ্থ- ১১%,

খাদ্যপ্ৰাণ ‘গ’- ৪০ মিলিগ্ৰাম।

লেখক: উপেন দত্ত(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate