অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আলু খালে পাব ৫ টা উপকাৰ :

 

ভাৰতত আলু আটাইতকৈ বেছি জনপ্ৰিয় পাচলি। ভাৰতৰ প্ৰতিখন ঠাইতে যিকোনো ৰূপত আলু প্ৰায় সকলোৱে খায়। আলুৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিশেষত্ব হ’লে- এই পাচলিবিধৰ পৰা নিজৰ পছন্দ মতে বহু ধৰণৰ সুস্বাদু আৰু লোভনীয় ব্যঞ্জন প্ৰস্তুত কৰিব পাৰি। কিন্তু কেইবিধমান ৰোগত ভুগি থকা লোকে আলু নিজে ভালপোৱা ব্যঞ্জনৰ ৰূপত খাব নোৱাৰে।

বিশেষভাৱে ডায়েবেটিছ আৰু মেদবহুলতাত ভোগা লোকক আলু বেছিকৈ ভজা বা মছলা দি লোভনীয়কৈ ৰন্ধা তৰকাৰী চিকিৎসকে খাবলৈ মানা কৰে। কিন্তু সেইবুলি আপুনি আপোনাৰ প্ৰিয় পাচলিবিধ একেবাৰে নোখোৱাকৈ থাকিবনে? সেয়ে তেনে ৰোগত ভোগা ৰোগীয়ে খাদ্য বিশেষজ্ঞৰ পৰামৰ্শমতে আলুৰ ব্যঞ্জন প্ৰস্তুত কৰি খাব।

আলুৰ বিশেষ কোনো অপকাৰী গুণ নাই। সকলো শ্ৰেণীৰ লোকৰ কাৰণেই আলু উপকাৰী। মুঠতে আলু খালে আমাৰ শৰীৰৰ পাঁচবিধ লাভ হয়।

আলু খালে শৰীৰৰ ওজন বৃদ্ধি হয় -

যিসকল ব্যক্তিয়ে যথেষ্ট পৰিমাণে খাদ্য খায়ো নিজৰ শৰীৰৰ শীৰ্ণতা আঁতৰাই শকত হ’ব পৰা নাই, তেনে লোকৰ কাৰণে আলু এবিধ অতি উপকাৰী পাচলি। আচলতে আলুত প্ৰোটিনৰ মাত্ৰা কম থাকে কিন্তু কাৰ্বোহাইড্ৰেট থাকে। পূৰামাত্ৰাত। সেয়েহে কোনো ক্ষীণ ব্যক্তিয়ে খাদ্য তালিকাত নিয়মীয়াকৈ আলু ৰাখিলে, তেওঁৰ শৰীৰৰ ওজন নিশ্চয় বাঢ়িব।

শৰীৰৰ ওজন বৃদ্ধি মানে মেদবহুলতা নহয়। বৰং শৰীৰটো সুঠামহে কৰি তোলে। যদি আপুনি আলুৰে প্ৰস্তুত কৰা টিক্কী, আলুৰ ফ্ৰেন্স ফ্ৰাই, আলু চাট আৰু আলুৰ চিপছ আদি বেছিকৈ খাই থাকে, তেনেহ’লে আপুনি অলপদিনৰ ভিতৰতে নিঃসন্দেহে মেদবহুলতাৰ চিকাৰ হ’ব। সেয়ে শৰীৰৰ ওজন বঢ়াবৰ কাৰণে যদি আলু খাবলৈ বিচাৰিছে, তেনেহ’লে ইয়াৰ কোনো স্বাস্থ্যসন্মত ব্যঞ্জনৰ সন্ধান কৰক।

কিডনিৰ কাৰণে উপকাৰী আলু -

কিডনিৰ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ বা কিডনিৰ ৰোগ প্ৰতিৰোধ কৰিবলৈ হ’লে আপুনি আলুৰ ৰস খাওক। এই ৰসে ডায়েবেটিছ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। আলুৰ ৰসৰ সেৱনে সূত্ৰাশয়ত কেলচিয়ামৰ পাথৰ সৃষ্টি হ’বলৈ নিদিয়ে। ইয়াৰ উপৰি লিভাৰত হেপাটাইটিছৰ সংক্ৰমণ আৰু গল ব্লাডাৰত পাথৰ সৃষ্টি হোৱাতো বাধা দিয়ে। শৰীৰৰ পৰা বৰ্জ্য দ্ৰব্য বাহিৰলৈ উলিয়াই দিয়াতো আলুৰ ৰসে সহায় কৰে। হেপাটাইটিছ ৰোগৰ পৰা ৰক্ষা পাবলৈ জাপানীসকলে আলুৰ ৰস সেৱন কৰে।

আলুৱে ভোক গুচায় -

আলুত কাৰ্বোহাইড্ৰেটৰ পৰিমাণ যথেষ্ট বেছি। সেই কাৰণে আলু খালে সোনকালে ভোক গুচে। অৱশ্যে তেলত ভজা আৰু বেছিকৈ মছলা দি বনোৱা আলুৰ ভাজিও বৰ বেছিকৈ খাব নেলাগে। কাৰণ আলুৰ এনে ব্যঞ্জনে পেটৰ অসুখ কৰিব পাৰে। আলুত ভিটামিন ‘বি’ ভিটামিন ‘চি’, আয়ৰণ, কেলচিয়াম, মেংগানিজ, ফচফৰাচৰ দৰে ভালেকেইবিধ পুষ্টি দ্ৰব্য থাকে আৰু এইবিলাকে আপোনাক বিভিন্ন ৰোগৰ পৰা বচায়।

হৃদযন্ত্ৰৰ ৰোগ আৰু কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে -

হৃদযন্ত্ৰৰ ৰোগ আৰু ষ্ট্ৰোক আদি মাৰাত্মক ৰোগৰ পৰা বাচি থাকিবলৈ আৰু এনেবোৰ ৰোগৰ আক্ৰমণ কম কৰিবলৈ আলুৰ ৰস সেৱন অতিশয় উপকাৰী। ৰক্ত সঞ্চানলত বাধা, কেন্সাৰ, হাৰ্টএটেক আৰু টিউমাৰৰ বৃদ্ধিত এই ৰসে বাধা দিয়ে।

ইয়াৰ উপৰি আলুৰ ৰস সেৱন কৰিলে কলেষ্টেৰল স্তৰ নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। আলুৰ ৰসে আপোনাৰ শৰীৰৰ সমস্ত স্বাস্থ্য সম্বন্ধীয় সমস্যাবিলাকো নিয়ন্ত্ৰণত ৰাখে। এই ৰস সেৱন কৰিলে মূৰৰ বিষো নিৰাময় হয়।

সন্ধিৰ বিষ নিৰাময় কৰে -

আলুৰ সেৱনে অস্থি সন্ধিৰ বিষো নিয়ন্ত্ৰণত ৰাখে। অস্থি সন্ধিৰ বিষ হ’লে, আপুনি দুটামান পূৰঠ আলু বটি তাৰ ৰস উলিয়াই লওক আৰু সামান্য নিমখ দি পনীয়া কৰি সেৱন কৰক।

এই ব্যৱস্থাৰে আপোনাৰ অস্থি সন্ধিৰ বিষ নিৰাময় হয়। কাৰণে এই ৰসে শৰীৰৰ পৰা ইউৰিক এচিড বাহিৰ কৰি দিয়ে। আলুৰ ৰসে শৰীৰৰ যিকোনো অংশ ফুলাৰ বিসংগতিও কমাব পাৰে। এই ৰস সেৱনৰ ফলত গ্ৰাউটৰ কাৰণে শৰীৰৰ যিকোনো অংশ ফুলাটোও নিৰাময় হয়।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate