অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহাৰ ভালে ৰখাৰ উপায়

আহাৰ ভালে ৰখাৰ উপায়

  • আহাৰ সদায় পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে| যিবিলাক পাত্ৰ বা বৈয়ামত আহাৰ ৰখা হয়, সেই পাত্ৰ বিলাক পৰিস্কাৰ আৰু বীজাণুমুক্ত হোৱা উচিত|
  • বাৰিষা সাধাৰণতে কেকবিলাক টেমাৰ ভিতৰত ৰাখিলে সেমেকি যোৱা দেখা যায়| কেক ৰখা টেমাৰ লগত যদি এটা আপেল ৰখা হয়, তেন্তে টেমাৰ ভিতৰত থকা কেক সেমেকি নাযায় আৰু কেইবাদিনলৈ কেক ভালে থাকে|
  • মৌ ভালদৰে ৰাখিবৰ বাবে মৌ থোৱা বটলত এটা শুকান জলকীয়া ভৰাই ৰখা উচিত|
  • ঘিউ ৰখা বটল বা বৈয়ামত এখিলা সতেজ পাণ ভৰাই ৰাখিলে ঘিউখিনি বহুদিনলৈ বেয়া নোহোৱাকৈ ৰাখিব পাৰি|
  • দাইল ভালেৰে ৰাখিবৰ বাবে দাইল ৰখা টেমাত মহানিমৰ শুকান পাত দুটামান ভৰাই ৰাখিব লাগে| দাইলত পোক নালাগে|
  • চাউলত পোক নালাগিবৰ কাৰণে বা চাউলখিনি ভালদৰে ৰাখিবৰ বাবে চাউলৰ মাজত মহানিমৰ শুকান পাত কেইখিলামান ৰাখিব লাগে|
  • খোৱা শাক-পাচলি ফ্ৰিজত থবলৈ হ’লে ফ্ৰিজত থোৱাৰ আগতে সেই শাক-পাচলি নিমখ মিহলোৱা পানীৰে ভালদৰে ধোৱাৰ পিচত তাৰ পানীখিনি সম্পুৰ্ণকৈ শুকুৱাৰ পিচতহে ফ্ৰিজত ৰাখিব লাগে|
  • সকলো খোৱাবস্তু পৰিস্কাৰ পাত্ৰত ঢাকি ৰাখিব লাগে|

লেখক:- মল্লিকা শৰ্মা

উৎস:- সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate