অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আহাৰৰ আধুনিকতা আৰু স্বাস্থ্যঃ

আহাৰৰ আধুনিকতা আৰু স্বাস্থ্যঃ

 

আহাৰ বা খাদ্য সম্বন্ধে ইংৰাজী ভাষাত ভালেকেইটা প্ৰবচন আছে। You are what you Eat- (আপুনি যি খায় সিয়ে আপোনাৰ ব্যক্তিত্ব প্ৰতিফলিত কৰে) হৈছে ইয়াৰে ভিতৰত অন্যতম। আমাৰ চিৰ চেনেহী ভাষা জননীও এইক্ষেত্ৰত যথেষ্ট সমৃদ্ধ। ‘বাছি খাবা জাগি শুবা’ আৰু ‘খাবা নিজৰ মতে পিন্ধিবা লোকৰ মতে’ হৈছে ইয়াৰে জ্বলন্ত উদাহৰণ। প্ৰকৃততে মানুহৰ তিনিটা মৌলিক প্ৰয়োজনৰ ভিতৰত খাদ্য বা আহাৰ হৈছে অন্যতম। ই হৈছে আমাৰ জীৱনী শক্তিৰ আধাৰ। শাস্ত্ৰত উল্লেখ আছে যে আহাৰৰ পৰাই আমাৰ শৰীৰত সৃষ্টি হোৱা সপ্ত ধাতু হৈছে- তেজ-ৰস-চৰ্বি-মঙহ-অস্থি আৰু শুক্ৰ। শৰীৰৰ ভিতৰত এই সপ্ত ধাতুৰ তাৰতম্যতা বিনষ্ট নোহোৱালৈকে দেহ-মন সুস্থ-সবল হৈ থাকে।

তাহানিখনৰ প্ৰসিদ্ধ তথা নমস্য ভাৰতীয় চিকিৎসক সুশ্ৰুতৰ মতানুযায়ী আহাৰ সদায়েই শুদ্ধ হ’ব লাগে। আহাৰৰ শুদ্ধিৰ ফলত সত্ত্ব শুদ্ধি হয় আৰু সত্ত্ব শুদ্ধিৰ ফলত ধ্ৰুৱা স্মৃতি বুলি উল্লেখ আছে। চিকিৎসা বিজ্ঞানৰ দৃষ্টিকোণৰ পৰাও এইটো এটা স্বীকৃত সত্য যে সুস্থ-সবল শৰীৰৰ বাবে অপৰিহাৰ্য হৈছে সুষম আহাৰ। পিছে বৰ্তমান চিন্তনীয় দিশটো হৈছে যে ভাৰত তথা আমাৰ অসমৰে নগৰ-চহৰৰ কথা নক’লোৱেই গাঁও-ভূঁইৰ উপৰি বিভিন্ন বনাঞ্চলতো কাঠফুলাৰ দৰে গঢ়ি উঠিছে ধাবা-ৰিজ’ৰ্ট-ৰেষ্টুৰেণ্ট-হোটেল বা পদপথৰ দাঁতিতে অৱস্থিত সৰু-বৰ ছাট হাউছ। গ্ৰাহকৰ পকেটৰ সামৰ্থ্য অনুযায়ী এইবোৰত সহজলভ্য হৈছে চাওমিন, পিজ্জা, পৰঠা, দোছা, ফ্ৰাইড ৰাইচ আদি। আমাৰ খাৰ খোৱা জিভাৰ বাবে এইবোৰ খাদ্য সম্ভাৰক আহাৰৰ আধুনিক সংস্কৰণ বুলি আখ্যা দিব পাৰি। ইয়াৰ সৰহভাগেই হৈছে ফাষ্ট ফুড বা জাংক ফুড। অতি কম সময়ৰ ভিতৰতে এনেবোৰ খাদ্য প্ৰস্তুত কৰি খাব পাৰি বাবেই বৰ্তমান নৱ-প্ৰজন্মৰ মাজত এনেবোৰ আহাৰে প্ৰভূত জনপ্ৰিয়তা আৰ্জিছে। আনকি কণ কণ শিশুৰ মাজতো এনেবোৰ খাদ্যৰ গ্ৰহণযোগ্যতা অতিপাত বেছি।

জাংক ফুডৰ অপকাৰিতা-


পিছে চিন্তনীয় দিশটো হৈছে যে এনে ধৰণৰ জাংক ফুডবোৰৰ পুষ্টিগুণ তেনেই কম। স্বাস্থ্যৰ বাবে অপকাৰী যিকেইটা ৰাসায়নিক দ্ৰব্য সৰহীয়া মাত্ৰাত আহাৰৰ এনেবোৰ উপাদানত বিৰাজমান, তাৰে ভিতৰত উল্লেখযোগ্য হৈছে- ম’ন’ ছ’ডিয়াম গ্লুটামেট, ট্ৰেন্স ফেট, হাইড্ৰ’জেনেট অইল আদি। এনেবোৰ দ্ৰব্য নিয়মীয়াকৈ ভক্ষণ কৰিলে তেজ পৰিবাহিত হোৱা ধমনীবোৰৰ বেৰত চৰ্বি জমা হয় আৰু দৈহিক ওজন বঢ়ায়। ফলত মেদবহুলতাৰ সৃষ্টি হয়। আনহাতে জাংক ফুডত থকা মাত্ৰাধিক নিমখৰ হেতুকে ব্যক্তি এগৰাকী উচ্চ ৰক্তচাপত ভুগিব পাৰে। অনুৰূপভাৱে অতিৰিক্ত মিঠা দ্ৰব্যই ইনচুলিনৰ নিঃসৰণত বাধাৰ সৃষ্টি কৰে আৰু ফলত বহুমূত্ৰ ৰোগত আক্ৰান্ত হোৱাৰ শংকা বাঢ়ে।

সমীক্ষাৰ জৰিয়তে দেখা গৈছে যে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত এনেবোৰ খাদ্য-দ্ৰব্যৰ অভাৱনীয় তথা বৰ্ধিত জনপ্ৰিয়তাৰ হেতুকে বিৰূপ স্বাস্থ্যজনিত প্ৰভাৱ পৰিছে। দেশৰ ৰাজধানী আৰু অন্যান্য অঞ্চলত শৈশৱকালীন বহুমূত্ৰ ৰোগ আৰু মেদবহুলতাৰ প্ৰাদুৰ্ভাৱ মাৰাত্মকভাৱে বাঢ়িছে। মুম্বাইৰ বিখ্যাত ধীৰুভাই কোকিলাবেন আম্বানী হস্পিতালৰ (য’ত এটা সময়ত সুধাকন্ঠৰ চিকিৎসা চলিছিল আৰু তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল) এগৰাকী প্ৰবীণ চিকিৎসকে উল্লেখ কৰা অনুযায়ী আজি কেইবছৰমানৰ আগলৈকে শৈশৱকালত টাইপ-১ বহুমূত্ৰ ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি আছিল যদিও বৰ্তমান টাইপ-২ বহুমূত্ৰ ৰোগৰ আক্ৰমণ বেছিকৈ হোৱা দেখা যায়। অৰ্থাৎ পৰিৱৰ্তিত বিসংগতিপূৰ্ণ খাদ্যাভ্যাসৰ হেতুকে ৰোগৰ ৰূপৰেখাৰ পৰিৱৰ্তন হৈছে।

জাংক ফুডত সৰহীয়া মাত্ৰাত শক্তি বা কেলৰি থকাৰ বিপৰীতে ইয়াৰ পুষ্টিগুণ তেনেই তাকৰীয়া। গতিকে অৱধাৰিতভাৱে মগজুটোৱে প্ৰয়োজনীয় মাত্ৰাত পুষ্টিদায়ক দ্ৰব্য নোপোৱা হেতুকে নানা ধৰণৰ অবাঞ্ছনীয় পৰিৱৰ্তন ঘটে। এনেবোৰৰ ভিতৰত উল্লেখনীয় হৈছে একাগ্ৰহীনতা, মন-মেজাৰৰ হীন-দেড়ি। তদুপৰি শিশুটিক বা ব্যক্তিগৰাকী লৌহ পদাৰ্থৰ উপৰি ক, খ আৰু গ খাদ্যপ্ৰাণৰ অভাৱজনিত নানা ৰোগত আক্ৰান্ত হ’ব পাৰে।

এইখিনিতে অৱশ্যে এষাৰ কথা অনস্বীকাৰ্য যে কেতিয়াবা কদাচিত জাংক ফুড খালে শৰীৰৰ তেনে কোনো বিশেষ ক্ষতি নহয়। পিছে ‘Too much of anything is bad’ শীৰ্ষক ইংৰাজী আপ্তবাক্যফাঁকিৰ প্ৰতিফলন নিশ্চয়কৈ এনেধৰণৰ খাদ্যৰ ভক্ষণৰ ক্ষেত্ৰতো ঘটিব পাৰে। অৱস্থাই এতিয়া এনে এক পৰ্যায়ত উপনীত হৈছে যে বিভিন্ন দেশত জাংক ফুডৰ প্ৰচলন নিৰ্দিষ্ট একোটা জনসংখ্যাৰ মাজত নিষিদ্ধ কৰা হৈছে। ২০০৫ চনৰে পৰাই ইংলেণ্ডৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জাংক ফুডৰ প্ৰচলন আৰু বিজ্ঞাপন প্ৰচাৰ আইন প্ৰণয়নৰ জৰিয়তে নিষিদ্ধ কৰা হৈছে। অনুৰূপভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰতো ২০১৪ চনৰ এক জুলাইৰ পৰা একে ব্যৱস্থা প্ৰয়োগ কৰা হৈছে। ডেনমাৰ্ক, হাংগেৰী আদি ইউৰোপীয় দেশবোৰতো নিষিদ্ধকৰণৰ কবলত পৰিছে জাংক ফুড।

এই নিবন্ধটিৰ শিৰোনামত আহাৰৰ আধুনিকীকৰণৰ বিষয়ে উল্লেখ কৰা হৈছিল যদিও এতিয়ালৈকে ঋণাত্মক দিশটিহে আলোচনা কৰা হ’ল। পিছে গৰুৰ গোবৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা জৈৱিক খাদ্য (অ’ৰ্গেনিক ফুড) শৰীৰৰ বাবে অত্যন্ত উপকাৰী। ৰাসায়নিক দ্ৰব্য, কীটনাশক দৰব ব্যৱহাৰৰ জৰিয়তে আহৰণ কৰা খাদ্যৰ বিপৰীতে জৈৱিক শাক-পাচলিয়ে আমাৰ সুস্বাস্থ্য অটুট ৰাখে। এনেবোৰ খাদ্যৰ ভিতৰত উল্লেখনীয় হৈছে-

(১) সত্ত্বিকা ফুডছঃ নানা তৰহৰ ফলমূল, জাম, শাক-পাচলি, চাউল, দাইল এনে ব্ৰেণ্ডৰ জৰিয়তে সহজলভ্য হৈছে।

(২) ফেবিনডিয়া নামৰ ব্ৰেণ্ডৰো জনপ্ৰিয়তা শেহতীয়াভাৱে বাঢ়িছে। তদুপৰি জনপ্ৰিয়তাৰ শীৰ্ষবিন্দুত উপনীত হোৱা আন এবিধ দ্ৰব্য হৈছে জৈৱিক চাহ। আমাৰ সুষমা নিৰূপমা অসম এনে চাহ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আগশাৰীত আছে।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

শেহতীয়া উন্নীতকৰণ: : 1/17/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate