অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত নহৰু

আয়ুৰ্বেদ আৰু ঘৰুৱা যতনত নহৰু

নহৰু হৈছে মৰ্তৰ অমৃত। আয়ুৰ্বেদত নহৰুৰ স্থান অতি উচ্চত। ইয়াৰ নামো অলেখ। যেনে-ৰসোন, ৰশুন, লশুন, ম্লেছ কন্দ, মহৌষধ ইত্যাদি। আয়ুৰ্বেদ মতে ‘ৰসোন’ শব্দটো উৎপত্তি হৈছে এনেদৰে: ৰস+উন।অৰ্থাৎ ছয় ৰসৰ ভিতৰত নহৰুত এটা ৰস নাই। এই নথকা ৰসটো হৈছে অম্ল ৰস।নহৰু হৈছে অম্লৰস, কফ আৰু বায়ুনাশক। অৰুচি, ক্ৰিমি, হৃদৰোগ আৰু শোথ – নহৰুৱে দূৰ কৰে। ‘ৰশুন’ আকৌ দুই প্ৰকাৰৰ-ৰশুন আৰু মহাৰশুন। ৰশুন গছৰ মূল বা শিপাৰ ৰস কটু, পাতৰ ৰস তিক্ত, নলৰ ৰস কেঁহা, নলৰ আগভাগ লুণীয়া আৰু বীজৰ ৰস মধুৰ বা মিঠা। লগতে এয়াও উল্লেখ আছে যে নহৰু অতি পুষ্টিকৰ, শুক্ৰবৰ্ধক, স্নিগ্ধ, বাতঘ্ন, উষ্ণবীৰ্য্য, পাচক, সাৰক, কণ্ঠসশোধক, পিত্ত আৰু ৰক্তবৰ্ধক, বৰ্ণকাৰক, মেধাজনক, চকুৰ হিতকাৰক আৰু ৰসায়ন। নহৰু বেছি পৰিমাণে খালে পেটফুলা, পেট গধুৰ গধুৰ লগা, মূৰৰ বিষ আৰু যন্ত্ৰনা, বমি আৰু পনীয়া শৌচ আদি ৰোগ বা ৰোগৰ লক্ষণ আবিৰ্ভাৱ হয়। ঔষধ হিচাপে নহৰুৰ কন্দ ব্যৱহাৰ কৰা হয়। ঘৰুৱা যতনত নহৰু: খোৱা-বোৱা ঠিকে কৰে, কিন্তু শৰীৰটোঅৰ কোনো বৃদ্ধি নহয়। এনে ক্ষেত্ৰত দুই কোহ নহৰু বটি গাখীৰৰ সৈতে উতলাই খালে উপকাৰ হয়। নাৰী-পুৰুষৰ যৌৱন ধৰি ৰাখিবলৈ আৰু মহিলাৰ শৰীৰ তন্বী কৰি ৰাখিবলৈ আমলখিৰ ৰস এচামুচৰ সৈতে নহৰু বটা এচামুচ খাব লাগে। বাতবিষত গব্যঘৃতৰ সৈতে পুৱা ১.৫ গ্ৰাম নহৰু বটা পানীৰে খালে উপকাৰ পোৱা যায়। ৫-৬ কোহ নহৰু এক চামুচ গব্যঘৃত বা গৰুৰ ঘিউৰ সৈতে মিহলাই দিনত দুবাৰকৈ খালে অতি পুৰণি মেলেৰিয়া জ্বৰো ৩-৪ দিনৰ ভিতৰতে ভাল হৈ যায়। শ্বাস ৰোগীসকলৰ যদি নিশ্বাস এৰি দিয়াত কষ্ট হয়, তেন্তে ৫-৬ কোহ নহৰুৰ ৰস ছাগলীৰ গাখীৰৰ সৈতে মিহলি কৰি দিনত ২-৩ বাৰকৈ খাব লাগে। আমাশয় হ’লে বা বিজলুৱা শৌচ হ’লে এক কোহ নহৰু, ২-৩ চামুচ মিঠাতেল গৰম ভাতৰ সৈতে সানি খালে উপকাৰ পোৱা যায়। অৱশ্যে এনেদৰে কেবাদিনো খাব লাগে। পুৰণি ঘাঁ শুকুৱাবলৈ নহৰু বটাৰে লেপ দিব পাৰে। চুলি পকা প্ৰতিৰোধ কৰিবলৈ নিয়মিত নহৰুৰ ৰস মুৰত সানিব লাগে। খৰ হ’লে খৰত নহৰু ঘঁহি লেপ দিব লাগে। অতিপাত ভাগৰুৱা বা ক্লান্ত বোধ হ’লে নহৰুৰ ফুল লাহে লাহে চোবাই খাব লাগে। সকলোধৰণৰ বাতৰোগতে নহৰু উপকাৰী। পকা নহৰু শুকাই ৫০০ গ্ৰাম ল’ব লাগে। এটা মাটিৰ পাত্ৰত ২ লিটাৰ পানী লৈ বাকলি এৰুৱা শুকান নহৰুখিনি তাতে দি ১০০ গ্ৰাম গৰুৰ গাখীৰ মিহলাব লাগে। তাৰপাছত গোটেই মিশ্ৰণটো কম জুইত উতলাব লাগে। এনেদ্ৰৰে উতলাই উতলাই ২০০ গ্ৰাম অৱশিষ্ট থাকিলে নমাব লাগে। নহৰুৰ সাৰ অংশ পেলাই দি কেৱল গাখীৰ অংশ ৰোগীক খোৱাব লাগে। চৰ্দি-কাহ হ’লে নহৰু আৰু তুলসীপাত সমপৰিমাণে লৈ তাত শুকান আদাৰ গুড়ি বা জালুকৰ গুড়ি মিহলাই একাপ গাখীৰৰ সৈতে পুৱা আৰু সন্ধিয়া খালে যথেষ্ট উপকাৰ পোৱা যায়। উচ্চ ৰক্তচাপত নহৰু বটি গাখীৰৰ সৈতে মিহলাই খালে ৰক্তচাপ উপশম হয়। অৰ্শৰ কষ্টত ঘিউ আৰু গাখীৰৰ সৈতে নহৰু মিহলাই খাব লাগে। অৰুচি হ’লে নহৰু, ধনীয়া পাত, আদা, বগা আঙুৰ আৰু সৈন্ধৱ লৱণ একেলগে মিহলাই চাটনি কৰি বা বটি খালে অৰুচি দূৰ হয়। শৌচ টান হ’লে নহৰু খাব লাগে। অন্ত্ৰৰ ঝিল্লিকোষত নহৰু অত্যন্ত ক্ৰিয়াশীল।কিছুদিন নহৰু খোৱাৰ পাছত নিজে নিজেই কোষ্ঠ শুদ্ধি হ’বলৈ ধৰে। প্ৰস্ৰাৱ কৰোতে কষ্ট হ’লে, তলপেটত নহৰু বটি লেপ দিলে উপকাৰ পোৱা যায়। ছালৰ উজ্জ্বলতা ঘূৰাই আনিবলৈ বা বঢ়াবলৈ এক কোহ নহৰু বটি এচামুচ কেঁচা আমলখিৰ ৰসৰ সৈতে মিহলাই প্ৰতিদিনে এবাৰকৈ খাব লাগে। অম্লৰোগত সদায় ভাতৰ সৈতে এক কোহকৈ নহৰু খাব লাগে। গলগণ্ড ৰোগত পুৱা আৰু গধুলি দুই কোহ নহৰু ঘিউত ভাজি খাব লাগে। নহৰু খুব মিহিকৈ বটি মাখন বা ভেচলিনৰ সৈতে সানি লেপ দিলে ফোঁহা পকি বা বহি যায়। কোনো আঘাতৰ বাবে পোৱা বিষত বা বাতৰোগত নহৰু বটি সৰিয়হৰ তেলত পুৰি যোৱাকৈ ভাজি তেলখিনি চেকি লৈ সেই তেলেৰে মালিচ কৰিলে উপকাৰ পোৱা যায়। ভাতৰ লগত নিয়মিতভাৱে ১-২ কোহ নহৰু দুপৰীয়া আৰু ৰাতি খালে হৃদ্ৰোগ, বাতৰোগ, পেটফুলা, অজীৰ্ণ, অৰুচি, পেটৰ বিষ, উচ্চ ৰক্তচাপ আদি নিৰাময় হোৱাৰ লগতে শৰীৰৰ বল, বীৰ্য্য আৰু শক্তি বৃদ্ধি হয়। বিষাক্ত পৰুৱাই কামুৰিলে নহৰু ঠেঁতেলিয়াই ঘঁহি দিলে জ্বলা-যন্ত্ৰণা কমে। যাৰ সঘনাই মাত ভাঙে, ষষ্ঠিমধুৰ সৈতে নহৰু খালে উপকাৰ পাব। চুলি সৰা ৰোধ কৰিবলৈ হ’লে এক কোহ নহৰু একাপ গাখীৰ আৰু একাপ পানীত উতলাই খাব লাগে। মুখৰ ব্ৰ্ণ প্ৰতিৰোধ কৰিবলৈ হ’লে নহৰু বটি ব্ৰণৰ ওপৰত লেপ দিব লাগে। হাঁপানি প্ৰতিৰোধ কৰিবলৈ হ’লে এককোহ নহৰু, ৪টা পিপ্পল, আধা চামুচ শুকান আদাৰ গুড়ি একেলগে ভালকৈ পিহি একাপ গাখীৰৰ সৈতে খাব লাগে। শীতকালত শীতৰ প্ৰকোপৰপৰা ৰক্ষা পাবলৈ আৰু কাণৰ কেতবোৰ ৰোগৰপৰা ৰক্ষা পাবলৈ কেঁচা নহৰু আৰু গুড় একেলগে খাব লাগে। কৰবাত মোচোকা খালে নহৰুৰ কোহ নিমখৰ সৈতে বটি প্ৰলেপ দিলে উপকাৰ পোৱা যায়।

লিখক: ডাo ৰফিক আলী।

 

শেহতীয়া উন্নীতকৰণ: : 3/22/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate