অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উদ্বিগ্নতা দূৰ কৰা খাদ্য

উদ্বিগ্নতা দূৰ কৰা খাদ্য

উদ্বিগ্নতা অথবা মানসিক চাপ সুস্বাস্থ্যৰ পৰিপন্থী অৱস্থা যাক সততে আঁতৰ কৰিবলৈ সকলোৱে যত্নপৰ হোৱা প্ৰয়োজন নহ’লে অকালতে জীৱনৰ পৰিসমাপ্তি ঘটাটো অৱশ্যম্ভাৱী। চিন্তা জৰা মনুষ্যনাম। চিন্তাই মানুহক খুলি খুলি খাই অকালতে বুঢ়া কৰে। জৰা বা বাৰ্দ্ধক্যৰ কবলত পৰা মানুহৰ বল-শক্তি টুটি অহা বাবে অংগ-প্ৰত্যংগবোৰ জঠৰ হৈ আহে। শৰীৰত সমন্বয়ৰ অভাৱ ঘটি প্ৰতিৰক্ষা ব্যৱস্থাতো ঘূণে ধৰে যি পৰিপ্ৰেক্ষিতত দুৰাৰোগ্য ৰোগে বাধাহীনভাৱে কাম কৰি সহজতে পীড়ি পেলায় আৰু মানুহ মৃত্যুৰ দিশলৈ ধাৱমান হয়। চিন্তা মানুহৰ একান্ত সহচৰ কিয়নো সমস্যাৰ সমাধান কৰাত ইয়াৰ গুৰুত্ব অনস্বীকাৰ্য। চিন্তাক দূৰতে বিদুৰ কৰি ইয়াক কু-প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ কায়দা জনা লোকে বাৰ্দ্ধক্য সমূলি ৰোধ কৰি স্বচ্ছল জীৱন-যাপন কৰিব পাৰে। অৱশ্যে কিছুমান চিন্তাৰপৰা মানুহে সততে পৰিত্ৰাণ নেপায়। সমস্যাৰ চাকনৈয়াত ধোঁৱা-কোৱা দেখা লোকে সাগৰত কক্‌বকাই থাকি অযথা যন্ত্ৰণা ভোগ কৰে। মানসিক চাপে অমোঘ প্ৰভাৱ বিস্তাৰ কৰি শৰীৰ জুৰুলা কৰে। ই মনৰো অপূৰণীয় ক্ষতি সাধন কৰি মৃত্যু পৰ্য্যন্ত ঘটাব পাৰে।

অতি মাত্ৰা উদ্বিগ্নতাই অনবৰতে ব্যতিব্যস্ত কৰিলে শৰীৰৰ অন্ত:স্ৰাৱী অংগবোৰ বিকল হৈ দেহৰ বিভিন্ন অংগৰ মাজৰ ৰাসায়নিক যোগসূত্ৰ ছিন্ন-ভিন্ন কৰে। হৰম’নৰ ক্ষৰণৰ অভাৱত জীৱন ক্ৰিয়াত জটিলতাৰ সৃষ্টি হয় যাৰ পৰিণতিত মৃত্যু অনিবাৰ্য্য। এনে সমস্যাৰ পৰা দেহক সুৰক্ষিত কৰিবলৈ বিজ্ঞানীয়ে নানা গৱেষণা কৰি সুখৰ সন্ধান কৰিছে আৰু কেতবোৰ জৈৱিক পদাৰ্থ প্ৰয়োগৰ জৰিয়তে ইয়াক সততে দূৰ কৰিব পাৰি বুলি প্ৰমাণ পাইছে। যি পদাৰ্থ কেতবোৰ খাদ্য সামগ্ৰীত যথেষ্ট পৰিমাণে মজুত থাকে। যিবোৰ নিয়মিতভাৱে ভক্ষণ কৰি উদ্বিগ্নতা আতঁৰ কৰাটো সম্ভৱপৰ। শৰীৰত ছেৰ’ট’নিন নামৰ পদাৰ্থৰ মাত্ৰা বাঢ়িলে মানুহে বিমৰ্ষতা পাহৰি সুখৰ জীৱন-যাপন কৰিব পাৰে। যি পদাৰ্থ উৎপাদন কৰে এল ট্ৰিপ্ত’ফেন নামৰ এমাইন’ অম্ববিধে। পেৰু চৰাইৰ দেহত এই অম্লবিধৰ পৰিমাণ অধিক বাবে এই চৰাইৰ মাংস ভোজন কৰা লোকে অৱসাদ, উদ্বিগ্নতাৰ পৰা সমূলি মুক্ত হৈ উৎফুল্লিত জীৱন যাপন কৰে। কুকুৰাৰ মাংসতো এই এমাইন’অম্ল প্ৰচুৰ যদিও ইয়াৰ পৰা সুফল লাভ কৰিবলৈ হ’লে ভজা মাংস সমূলি পৰিহাৰ কৰা প্ৰয়োজন কিয়নো তেনে খাদ্যত থকা চৰ্বি জীণ নিয়াবলৈ শৰীৰে হাৰাশাস্তি ভোগ কৰে। ছয়াবিনত প্ৰচুৰ পৰিমাণে প্ৰ’টিন, খাদ্যপ্ৰাণ ‘খ’, কেলছিয়াম তথা মেগনেছিয়াম মজুত থাকে বাবে ইয়াৰ পৰা প্ৰস্তুত খাদ্য গ্ৰহণ কৰিলে উদ্বিগ্নতা পলাই ফাট মাৰিবলৈ বাধ্য। মানসিক চাপ লাঘৱ কৰাৰ বেলিকা মিঠা আলুৰ ভূমিকা অনন্য কিয়নো অতিশয় উদ্বিগ্নতাত ভোগা কালত মানুহৰ শৰ্কৰা থকা খাদ্যৰ বাবে প্ৰবল বাসনা জাগে যাক মিঠা আলু ভোজনে প্ৰশমিত কৰে। বতৰৰ ফল যথেষ্ট পৰিমাণে খোৱাটো সুস্বাস্থ্য অটুট ৰখাৰ বেলিকা বিশেষ ফলদায়ক। জহকালি কঁঠাল উভৈনদী যদিও বহুতেই ইয়াক খাবলৈ ইচ্ছা নকৰে। কিন্তু এই ফলত যথেষ্ট পৰিমাণে প্ৰ’টিন, শ্বেতসাৰ থাকে বাবেই দেহক শক্তিৰ যোগান ধৰি বৃদ্ধি তথা বিকাশত অৰিহণ যোগায়। তদুপৰি কঁঠালত উপযুক্ত পৰিমাণে উপলব্ধ কেলছিয়াম, ফছফৰাছ, লো, চাইট্ৰিক অম্ল, পটাছিয়াম, খাদ্যপ্ৰাণ আদিয়ে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰি শৰীৰ নিৰোগী কৰি ৰাখে। স্বাস্থ্য ৰক্ষাৰ বাবে উত্তম ফল বুলি পৰিগণিত হোৱা কলা জামু ‘গ’ খাদ্যপ্ৰাণেৰে সুসমৃদ্ধ হোৱা হেতুকে মানসিক চাপ দূৰ কৰাৰ ক্ষেত্ৰত ই বিশেষ ফলপ্ৰসূ। তদুপৰি ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে এই ফল ভক্ষণ কৰিলে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে আৰু তেজৰ শৰ্কৰাৰ মাত্ৰা সঘনে উঠা-নমা হৈ থকাসকলৰ উদ্বিগ্নতা নিৰাময়ৰ বাবে কলা জামু খোৱাটো অপৰিহাৰ্য্য।

গাখীৰ এবিধ পুষ্টিকৰ খাদ্য যিয়ে দেহৰ সুষম বৃদ্ধিত অৰিহণা যোগায়, তদুপৰি সুস্থতা সুৰক্ষিত কৰাতো বিশেষ ভূমিকা পালন কৰে। ইয়াত উভৈনদী হৈ থকা কেলছিয়াম তথা ‘খ’ খাদ্যপ্ৰাণে হাড় মজবুত কৰে আৰু স্নায়বিক দুৰ্বলতা সমূলি প্ৰতিৰোধ কৰে। ইয়াত থকা প্ৰচুৰ পৰিমাণৰ প্ৰ’টিনে তেজত চেনিৰ মাত্ৰা স্থৱিৰ কৰি ৰাখি মানসিক চাপ প্ৰতিৰোধ কৰে। ‘গ’ খাদ্যপ্ৰাণ উভৈনদী হৈ থকা অন্যতম ফল সুমথিৰা, নেমু, আমলখি আদি। উদ্বিগ্নতাত ভোগা লোকৰ শৰীৰৰ অধিক পৰিমাণে মুক্তমূলক উৎপন্ন হয় যিবোৰে দেহৰ ক্ষতিসাধন কৰে। এইবোৰৰ উৎপাদনত খাদ্যপ্ৰাণে বাধা প্ৰদান কৰে আৰু দেহৰ ক্ষয় পৰ্যন্ত মেৰামতি কৰে। দৰাচলতে মানসিক চাপৰ ফলত উদ্ভৱ হোৱা সকলো দুৰ্দশাৰ পৰা নেমু, সুমথিৰাকে ধৰি ‘গ’ খাদ্যপ্ৰাণেৰে সু-সমৃদ্ধ ফালে দেহক সামগ্ৰিকভাৱে ৰক্ষা কৰে।

সকলো ধৰণৰ নভগা বীজ যেনে গম, অ’ট, অঁকাৰী চাউলত প্ৰচুৰ পৰিমাণে খাদ্যপ্ৰাণ ‘খ’ তথা ছেৰ’টনিন উৎপাদন কৰা শৰ্কৰা থাকে যিবোৰে তেজত চেনিৰ মাত্ৰা বাঢ়িবলৈ নিদিয়ে। গোটা বীজ তথা অকাৰী চাউলত প্ৰচুৰ পৰিমাণে ভক্ষা আঁহ থাকে যিবোৰে স্বাস্থ্যৰক্ষাত বিশেষ ভূমিকা পালন কৰে। ব্ৰক’লী, বন্ধাকবিৰ দৰে ঘন সেউজীয়া শাক-পাচলিত খাদ্যপ্ৰাণ উভৈনদী-যিবোৰে প্ৰবল উদ্বিগ্নতাত ভোগা লোকৰ দেহ স্বাভাৱিক কৰিবলৈ বিশেষ ধৰণৰ কাৰ্য সম্পাদন কৰে। বহুতো শাক-পাচলি পটাছিয়ামৰ মেট মৰা ভঁৰাল যি মৌল স্নায়ু সক্ৰিয় কৰি ৰখাত অতিশয় সৰবৰহী। শাক-পাচলিৰে ভৰপূৰ খাদ্য খালে অৱসাদে হেঁচা মাৰি নধৰে।

লিখক: আনন্দ দেৱ গোস্বামী, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/4/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate