অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উপকাৰী আপেল :

উপকাৰী আপেল :

 

‘এন আপেল আ দে, কিপ দ্য ডাক্তৰ আৱে’, অৰ্থাৎ নিয়মিত এটিকৈ আপেল খালে চিকিৎসকৰ কাষ নাচাপিলেও হয়। আচলতে এয়া সঁচানে। সম্প্ৰতি যুক্তৰাষ্ট্ৰৰ মেডিকেল এছ’চিয়েচনক লৈ এটি গৱেষণা চলিছিল। য’ত মূলতঃ কোন খাদ্যত কিমান পৰিমাণৰ এন্টি অক্সিডেন্ট থাকে তাৰেই গৱেষণা কৰা হৈছিল। ইপ্যাৰ মাজত ৰঙা সজীৱ আপেলৰ স্থান ১৩ তম স্থানত আছে। আপেলৰ কি কি গুনে আমাক কিদৰে সহায় কৰে, সেই সন্দৰ্ভত আজিৰ আলোচনা-

আপেল খালে দাঁতৰ বৰ উপকাৰ হয়। কাৰণ আপেল কামুৰি চোবাবলৈ আৰম্ভ কৰিলে আমাৰ মুখৰ ভিতৰত একেধৰণৰ লেলাৱতি উৎপন্ন হয়। ইয়াৰ জৰিয়তে দাঁতৰ কোণৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া বাহিৰ হৈ দাঁতৰ বহুখিনি ক্ষয়-ক্ষতি ৰোধ কৰে।

আমেৰিকান এছ’চিয়েন ফৰ কেন্সাৰ ৰিচাৰ্ছৰ তথ্য অনুসৰি, দৈনিক এটাকৈ আপেল খালে অগ্নাশয় কেন্সাৰৰ সম্ভৱনা প্ৰায় ২৩ শতাংশ কমি যায়। কাৰণ আপেলত প্ৰচুৰ পৰিমাণে ফ্লেভনেল থাকে। তদুপৰি কৰ্নেল বিশ্ববিদ্যালয়ৰ গৱেষকসকলে আপেলৰ  মাজত এনে কিছু উপাদানৰ সন্ধান পাইছে, যি ট্ৰিটাৰপেনয়েডছ নামেৰে পৰিচিত। এই উপাদানটিয়ে কল’নৰ মাধ্যমেৰে কেন্সাৰৰ কোষ বাঢ়ি অহাত বাধা প্ৰদান কৰে। নেচনেল ইন্সটিটিউট ইন দ্য ইউ এছৰ গৱেষণাৰ তথ্য অনুসৰি আপেলত থকা ফাইবাৰে মলাশয়ৰ কেন্সাৰ প্ৰতিৰোধত সহায় কৰে।

যিসকল লোকে প্ৰায় প্ৰতিদিনে আপেল খায়, তেওঁলোকৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা প্ৰায় ২৮% কমি যায়। কিয়নো আপেলত থকা ফাইবাৰে তেজত শৰ্কৰাৰ পৰিমাণ সঠিক ৰখাত সহায় কৰে। তদুপৰি আপেলত থকা ফাইবাৰে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ ৰাখে। এবাৰ যদি শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে, তেন্তে হাৰ্টৰ কোনো ক্ষতি হোৱাৰ সম্ভাৱনা কমি যায়। আপেলত থকা ফেনলিক নামৰ উপাদানবিধে ৰক্তনলীৰ পৰা কলেষ্টেৰেল দূৰ কৰাত সহায় কৰে। ইয়াৰ ফলত হাৰ্টৰ তেজ চলাচল স্বাভাৱিক থাকে আৰু হৃদযন্ত্ৰৰ কোনো ক্ষতি হোৱাৰ আশংকা কমি যায়।

পিত্তনলীত অধিক পৰিমাণৰ কলেষ্টেৰল জমা হ’লে গলব্লাডাৰ ষ্টন হয়। ইয়াৰ পৰা উপশম পাবলৈ চিকিৎসকে সকলো সময়তে ফাইবাৰ সমৃদ্ধ ফল বা খাদ্য খোৱাৰ উপদেশ দিয়ে। লগতে ওজন তথা কলেষ্টেৰলৰ মাত্ৰা কমাবলৈও পৰামৰ্শ দিয়ে। প্ৰসংগক্ৰমে, এই সকলোবোৰ কাম সঠিক ৰূপত পৰিচালিত হ’বলৈ আপেলৰ কোনো বিকল্প নাই বুলিয়েই ক’ব পাৰি।

ডায়েৰিয়া অথবা কোষ্ঠ-কাঠিন্য দূৰ কৰাৰো অন্যতম ঔষধ আপেল। ওজন বৃদ্ধিৰ বাবেই আমাৰ শৰীৰত ডায়েবেটিছ, হাড়ৰ ৰোগ আদি কত কি যে নহয়! এই আটাইবোৰ ৰোগৰ পৰা যদি উপশম বিচাৰে, তেন্তে দৈনিক আপেল খোৱাৰ অভ্যাস গঢ়ি তোলক। কম কেলৰিযুক্ত তথা ফাইবাৰ সমৃদ্ধ আপেলে পেট ভৰাই ৰখাত সহায় কৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়।

আমি যি খাদ্যই নাখাওঁ কিয়, সকলোতে কিবা নহয় কিবা ক্ষতিকাৰক পদাৰ্থ থাকে। ফলত আমাৰ লিভাৰ বেয়া হ’বলৈ আৰম্ভ কৰে। লিভাৰ ভালে ৰাখিব পৰাটো এতিয়া অতি চিন্তাৰ বিষয়। অৱশ্যে আপেলে লিভাৰ ১০০% ভালে ৰাখিব পাৰে। আপেলে অতি সহজে লিভাৰত জমা হোৱা ক্ষতিকাৰক উপাদান বাহিৰ হৈ যোৱাত সহায় কৰে।

আপেলত থকা এন্টি অক্সিডেন্টবিধ কুয়েৰচেটিল নামেৰে পৰিচিত। ই আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু আমাৰ শৰীৰ ভালে ৰখাত সহায় কৰে।

উৎস: সাদিন

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate