অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এণ্টি অক্সিডেণ্টৰ প্ৰয়োজনীয়তা

আমাৰ শৰীৰটোক ৰাসায়নিক প্ৰক্ৰিয়াৰ পৰীক্ষাগাৰ হিচাপে গণ্য কৰিব পাৰি। প্ৰকৃতিদত্ত এই পৰীক্ষাগাৰত নিতৌ বিভিন্ন ৰাসায়নিক পদাৰ্থ উৎপন্ন হৈ আছে। উৎপাদিত কিছু পদাৰ্থই শৰীৰৰ অপকাৰ কৰে- এইবোৰক মুক্তমূলক বুলি কোৱা হয়। এনে পদাৰ্থত ৰিযু বিযোৰ ইলেক্টন থকাৰ বাবে ইহঁত সক্ৰিয় হয়। প্ৰাণীৰ কোষত মুক্তমূলক অকস্মাতে বা কেতিয়াবা প্ৰয়োজন সাপেক্ষে সৃষ্টি হয়। ৰাসায়নিক ক্ৰিয়াৰ বেগ বঢ়াবলৈ অনুঘটকৰ কাম কৰা কিছুমান উৎসেচকে ইয়াৰ সক্ৰিয় স্থানত মুক্তমূলক ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে তেজত থকা শ্বেত কণিকাই বেক্টেৰিয়া নিধন কৰি শৰীৰক ৰোগমুক্ত কৰোতে প্ৰয়োজন অনুসৰি প্লাজমাৰ পাতল আৱৰণৰ তলত ছুপাৰ অক্সাইড উৎপন্ন হোৱা হাইড্ৰ্জেন পেৰ’ক্সাইড আৰু অন্য সক্ৰিয় অক্সিজেনযুক্ত যৌগসমূহ পাতল আৱৰণৰপৰা বাহিৰ হয় আৰু ইহঁতৰ পৰা কোষৰ এক জটিল প্ৰক্ৰিয়াৰ দ্বাৰা পুনৰ মুক্তমূলক সৃষ্টি হয়। এইবোৰ ক্ষণস্থায়ী আৰু বিভিন্ন পদাৰ্থক জাৰণ কৰে।

সকলোবোৰ প্ৰধান জৈৱ অণু যেনে প্ৰ’টিন, কাৰ্বোহাইড্ৰেট, লিপিড আৰু নিউক্লিক এচিডৰ মুক্তমূলকে আক্ৰমণ কৰিব পাৰে যদিও লিপিড সহজে ইহঁতৰ চিকাৰ হয় (চৰ্বি জাতীয় এচিড আৰু তৈল জাতীয় পদাৰ্থকে লিপিড বুলি কোৱা হয়)। এই ধ্বংসমূলক কাৰ্যক লিপিড পেৰক্সিডেচন বুলি কোৱা হয়। ইয়াৰ পৰিণতিত বিভিন্ন কলাৰ বিস্তৃত ক্ষতি হয় আৰু শৰীৰ ৰোগাগ্ৰস্ত হয়- যেনে হৃদপিণ্ডৰ মাংসপেশীৰ সংক্ৰমণ, অকাল বাৰ্দ্ধক্য, স্নায়ুৰ বিকাৰ, আৰ্থাৰাইটিছ ইত্যাদি।

এই মুক্তমূলকৰ ক্ষতিকাৰক কৰ্য বাধা দিয়াৰ ৰক্ষা কবচ হৈছে এণ্টি অক্সিডেণ্টৰ গাঁথনি বিন্যাসে সহজে ইলেক্ট্ৰ্ন ল’ব বা দিব পাৰে যদিও ইয়াৰ কোনো কু-প্ৰভাৱ নপৰে। মুক্তমূলকে ইলেক্ট্ৰ্ন ত্যাগ বা গ্ৰহণ কৰিলে ইহঁতৰ সক্ৰিয়তা কমে। অতি সক্ৰিয়ভাৱে বিধ্বংসী কাৰ্যত ভাগ লোৱা মুক্তমূলক ৰূধিবলৈ শৰীৰৰ কলাবোৰে নিজে এণ্টি অক্সিডেণ্ট উৎসেচক তৈয়াৰ কৰি লয়। ইহঁতে মুক্তমূলকবোৰক ৰূপান্তৰ কৰি শৰীৰৰপৰা বাহিৰ কৰি দিয়ে। আমেৰিকাৰ নেচনেল ৰিচাৰ্চ কাউন্সিলৰ আহাৰ আৰু পুষ্টি সংস্থাই আহাৰৰপৰা প্ৰাপ্ত এণ্টি অক্সিডেণ্টৰ সংজ্ঞা এনে ধৰণে দিছে- আহাৰত পোৱা যিবোৰ পদাৰ্থই উল্লেখনীয়ভাৱে সক্ৰিয় অক্সিজেন আৰু নাইট্ৰজেন থকা পদাৰ্থৰ কুফল হ্ৰাস কৰিব পাৰে তাকে এণ্টি অক্সিডেণ্ট বুলি কোৱা হয়। গাঁথনিৰ ভিন্নতা অনুসৰি আহাৰত পোৱা কিছুমান এণ্টি অক্সিডেণ্ট।

ভিটামিনঃ

ইয়াক সজীৱ, ফলফূল, শাক-পাচলি, টেঙা জাতীয় ফল, দুগ্ধজাত সামগ্ৰী, মাছ আৰু মাংসত পোৱা যায়।

কেৰটিনয়ডঃ

প্ৰকৃতিত পোৱা বিভিন্ন ৰঙৰ আহাৰ যেনে গাজৰ, বিলাহী, বিট, খেজুৰ আদিত পোৱা যায়। ফ্লেভন, আইচ’ফ্লেভন, আঙুৰ, আপেল, ডালিম, কল, মাটিকঠাল, অলিভ অইল, সেউজীয়া চাহ আদিৰপৰা পোৱা যায়।

আমাৰ শৰীৰে উৎপন্ন কৰা নাইবা আহাৰৰ পৰা প্ৰাপ্ত এই এণ্টি অক্সিডেন্টবোৰে অনিষ্টকাৰী মূলক বা জাৰকবোৰক আঁতৰায় আৰু সক্ৰিয় ৰাসায়নিক পদাৰ্থ উৎপন্ন হোৱাত বাধা প্ৰদান কৰে।

এণ্টি অক্সিডেণ্টৰ উপকাৰিতাঃ

  • কোষৰ আৱৰণত থকা চৰ্বি জাতীয় এচিড ধ্বংস হোৱাত বাধা দিয়ে। মগজুত থকা কোষবোৰ সহজে জাৰিত হয় আৰু এণ্টি অক্সিডেণ্টে এই জাৰণত বাধা প্ৰদান কৰে।
  • মুক্তমূলকৰ দ্বাৰা বাধাগ্ৰস্ত হোৱা উৎসেচকক বিভিন্ন কাৰ্যৰ বাবে সক্ষম কৰি তোলে।
  • ডি এন এক ধ্বংসৰ গৰাহৰ পৰা ৰক্ষা কৰাৰ ববে কৰ্কট ৰোগৰ সম্ভাৱনা কমে।
  • যিবোৰ ধমনীয়ে হৃদপিণ্ডলৈ তেজ কঢ়িয়াই সিহঁতৰ ক্ষতি বাৰণ কৰে। এই ধমনী ক্ষতিগ্ৰস্ত হ’লে ইহঁত কঠিন হৈ পৰে, পৰিণতিত হাৰ্ট এটাক হ’ব পাৰে।
  • বৃদ্ধ বয়সত মগজুৰ কোষৰ প্ৰটিন আৰু ডি এন এৰ ক্ৰমাগত ক্ষয়ীভৱন ৰোধ কৰে।

আহাৰত থকা এণ্টি অক্সিডেণ্টবোৰ সংৰক্ষণত, প্ৰ্স্তুতকৰণত বা ৰান্ধোতে নষ্ট হ’ব         পাৰে। এইবোৰ তাপ, পোহৰ, বায়ু আৰু আহাৰৰ অন্য উপাদানৰ দ্বাৰা বিনষ্ট হ’ব পাৰে। শৰীৰৰ এণ্টি অক্সিডেণ্ট প্ৰান্তৰ বাবে কিছুমান আহাৰ নোখোৱাই ভাল। ফাষ্ট ফুড বা জাংক ফুট পৰিত্যাগ কৰি কাৰ্যকৰী আহাৰ অৰ্থাৎ শৰীৰৰ উপকাৰী আহাৰসমূহক অগ্ৰাধিকাৰ দিয়া প্ৰয়োজন।

লেখিকাঃ ডা: অংকিতা হাজৰিকা, দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate