অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔটেঙাৰ উপকাৰিতা আৰু বিভিন্ন গুণসমূহ

ঔটেঙাৰ উপকাৰিতা আৰু বিভিন্ন গুণসমূহ

 

ইয়াত থকা লাগতিয়াল তত্বসমূহ কি কি ?

১০০গ্ৰাম ঔটেঙাৰ ফলৰ খাদ্যমূল্য এনেধৰণৰ –

*কেলৰি : ৫৯ কিলো কেলৰি,

*৮ শতাংশ প্ৰটিন,

*২-৫ শতাংশ ফাইবাৰ,

*৩-৫ শতাংশ ছাই,

*১৬ মিলিগ্ৰাম কেলচিয়াম,

*২৬ মিলিগ্ৰাম ফচফৰাচ,

*৪ মিলিগ্ৰাম ভিটামিন-চি৷

ইয়াৰ ওপৰিও থাকে ভিটামিন-বি, থায়ামিন, ৰাইবোফ্লেভিন আৰু বিটা-কেৰটিন৷

ঔটেঙাৰ উপযোগী গুণসমূহ –

কেইবাখনো আন্ত:ৰাষ্ট্ৰীয় শোধপত্ৰত প্ৰকাশ পোৱা তথ্য মতে ঔটেঙাৰ অন্তৰ্নিহিত গুণৰ ভিতৰত উল্লেখযোগ্য হ’ল-

১)ডায়েবটিজৰ নিয়ন্ত্ৰণত সহায়ক – ইতিমধ্যে বজাৰত ঔটেঙাৰ পাউদাৰ এই উদ্দেশ্যে উপলব্ধ হৈছে বুলি জনা গৈছে৷

২)বীজানুনাশক গুণযুক্ত– এন্টিচেপ্টিক আৰু এন্টিভাইৰেল গুণযুক্ত বাবে অসমীয়া লোকবিশ্বাসমতে ঔটেঙা আৰু ইয়াৰ পাত শোৱনি কোঠাৰ বিচনাৰ তলত দি থোৱা হয় যাতে বসন্ত বা আন সংক্ৰামক ব্যাধি নিয়ন্ত্ৰণত থাকে৷

৩)লিউকেমিয়াৰ দৰে গুৰুতৰ ৰোগ নিয়ন্ত্ৰণৰ ক্ষমতাযুক্ত৷

৪)কীটনাশক গুণ : ঔটেঙাৰৰ পাত বা পাহি চতিয়াই থলে ধানৰ ভঁৰালত কীট-পতংগ নহয় আৰু এন্দুৰ, নিগনি আতৰ হয় ৷

খাদ্যৰ বাহিৰে আন সচৰাচৰ কিছুমান ব্যৱহাৰ তলত উল্লেখ কৰিলোঁ –

আয়ুৰ্বেদৰ মতে পেটৰ বিষ, ডায়েৰিয়া, ভাগৰ, স্নায়বিক দুৰ্বলতা জনিত ৰোগৰ চিকিৎসাত প্ৰয়োগ হয়৷ চুলি সৰা, উফিৰ বাবে ঔটেঙাৰ বীজেৰ মূৰ ধুলে আৰোগ্য হয়৷ চাবনৰ পৰিবৰ্তে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিব পাৰি৷

লেখক: ডাঃ ভূপেন শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 7/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate