অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধি গুণেৰে ভৰপূৰ মৰলীয়া

ঔষধি গুণেৰে ভৰপূৰ মৰলীয়া

খৰালিকালত লহপহকৈ বাঢ়ি অহা মৰলীয়া এবিধ ঔষধি গুণেৰে ভৰপূৰ শাক। ই বন, জংঘল আৰু মানুহৰ ঘৰৰ বাৰী, বাগানতো গজে। দৰাচলতেব ই এবিধ বনশাক। ই ৮-৯ চেন্টিমিটাৰৰ প্ৰায় ২২-২৩ চেন্টিমিটাৰলৈকে ওখ হয়।

গা-গছজোপাৰ চাৰিওফালে ডালে-পাতে আগুৰি থাকে। এই বনশাকবিধ অক্টোবৰ মাহত গজালি মেলি নৱেম্বৰ-ডিচেম্বৰত জকমকীয়া হৈ পৰে। সৰু সৰু বগা ৰঙৰ ফুল হয়। গছবোৰ সম্পূৰ্ণ পূৰঠ হ’লে অসংখ্য গুটিও হয়। পাছত গুটিবোৰ মাটিত সৰি পৰে। বাৰিষা মৰি যোৱা গছবোৰ, খৰালি আকৌ মাটিত সৰি থকা গুটিবোৰৰ পৰা সজি উঠে।

উল্লেখযোগ্য যে এই বনশাকবিধৰ বিশেষত্ব হ’ল- গোটেই গছজোপা ঔষধি গুণেৰে সমৃদ্ধ। সেয়ে ইয়াক যুগ যুগ ধৰি মানুহে বনৌষধি শাক হিচাপে গ্ৰহণ কৰি আহিছে। ই মানৱ দেহৰ বিভিন্ন অংগত হোৱা বিষ নিৰাময় কৰে। এয়া হাত-ভৰিৰ বিষ, পিঠিৰ বিষ, সন্ধি বিষ, আঁঠুৰ বিষ, কান্ধৰ বিষ আদি।

কঁকালৰ বিষ আৰু মূৰৰ বিষৰ বাবে ই উত্তম বনৌষধ। কিডনি(বৃক্ক)ৰ সমস্যা, কেঁচুমুৰীয়া(piles) আদিত ভুগি থকা ব্যক্তিসকলে এই শাক নিয়মীয়াকৈ গ্ৰহণ কৰিলে আৰোগ্য লাভ কৰিব পাৰে।

হাড়ৰ বিষত ই উত্তম ঔষধৰূপে কাম কৰে।

শৰীৰৰ যিকোনো অংশত আঘাত পালে বা মোচোকা খাই উখহি উঠিলে এই শাক খালে আৰু আঘাত পোৱা স্থানত খুন্দি লগালে পোৱা স্থানত খুন্দি লগালে বিষ নাইকিয়া হয়। মৰলীয়া শাকৰ পৰা বিভিন্ন ধৰণৰ এলোপেথিক আৰু হোমিঅ’পেথিক ঔষধ কৰাৰ কথা বিভিন্ন তথ্যৰ পৰা জনা যায়।

এইবিধ শাকৰ বৈজ্ঞানিক নাম Stellaria mediea. গোত্ৰ Caryophllaceae।

ইংৰাজীত ইয়াক বোলা Cchick Weed হয়। ই অসম, উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি ভাৰতবৰ্ষৰ প্ৰায়বোৰ প্ৰান্ততে কম-বেছি পৰিমাণে হয়।

গতিকে এনে এবিধ ঔষধি গুণেৰে ভৰপূৰ বনশাকক চিনাক্ত কৰি সকলোৱে ঘৰৰ বাৰীত সংৰক্ষণ কৰিলে।

লেখক: ঘনশ্যাম দাস(অসম বাণী)

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate