অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধি গুণেৰে সমৃদ্ধ ফল আম :

ঔষধি গুণেৰে সমৃদ্ধ ফল আম :

 

পৃথিৱীৰ প্ৰায়বোৰ দেশ আৰু ৰাজ্যতে আম উৎপাদন হয়। আমাৰ অসমতো বিভিন্ন জাতৰ আম উৎপাদন হয়। এইবোৰৰ ভিতৰত টেঙেচি, সেন্দুৰীয়া, দহেচিয়া, টিলিকি, বালিয়া আদি প্রধান। আমি এবিধ স্বাদযুক্ত আৰু সুগন্ধিৰে ভৰপূৰ ফল। ইয়াত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ ‘ক’, ‘গ’ ৰ উপৰি প্ৰ’টিন, কার্বহাইড্রেট আৰু অন্যান্য খনিজ দ্রব্য নিহিত হৈ আছে। তদুপৰি পকা আমত থকা পুষ্টিকৰ গুণসমূহ হ’ল— কেলচিয়াম, আইৰণ, ফচফৰাচ, আঁহ, আৰ্দ্ৰতা, চৰ্বি আদি।

আমৰ পৰা আচাৰ, জাম-জেলি, চচ, চৰবত আদি প্রস্তুত কৰা হয়। যিয়ে নহওক, আমৰ কুমলীয়া ডাল-পাতৰ পৰা সাহ (বীজ) টোলৈকে নানা ঔষধি গুণেৰে সমৃদ্ধ। আমাৰ বীজৰ পৰা প্রস্তুত কৰা চূৰ্ণই নাকেৰে তেজ ওলোৱা ৰোগ নিৰাময় কৰে। অৰুচি হ’লে পকা আম অতি উপকাৰী। পকা আম খালে শৰীৰৰ দুর্বলতা আৰু ক্লান্তি নাশ হয়। কফ্‌ পিত্ত ৰোগত আমৰ কুমলীয়া পাত চোবাই খালে উত্তৰ মহৌষধৰ কাম কৰে। চৰ্মৰোগ নিৰাময়ত আমৰ কুমলীয়া কলিৰ আঠা সৰিয়হ তেলৰ সৈতে মিহলাই গাত ঘঁহিলে ৰোগ নিৰাময় হয়। আমৰ কুঁহিপাত চোবাই খালেই বমি বা উক নাইকিয়া হয়। শুক্ৰ বৃদ্ধি আৰু দেহত শক্তি লাভৰ বাবেই গাখীৰৰ সৈতে পকা আম খাব লাগে। হ্রাস পোৱা হজম শক্তি উভতাই অনাৰ বাবে পকা আমে উত্তম মহৌষধৰ কাম কৰে। পয়ালগা শিশুৰ বাবে পকা আমি খোৱাটো পৰম উপকাৰী। বৃদ্ধি পাই থকা প্লীহা বন্ধ কৰিবলৈ আমৰ ৰসৰ লগত মৌ মিহলাই খাব লাগে। আম গছৰ এঠাই ভৰিৰ ফটা গোৰোহা ভাল কৰে। অৰ্শ ৰোগ নিৰাময়ত আমৰ ৰস পৰম উপকাৰী। আম গছৰ ছালৰ ৰসৰ লগত ছাগলীৰ গাখীৰ মিহলাই খালে তেজ গ্ৰহণীত সুফল পোৱা যায়। বহুমূত্ৰ ৰোগীৰ বাবে আমাৰ শুকান পাতৰ গুৰি আৰু কুঁহিপাতৰ ৰসে উত্তম মহৌষধৰ কাম কৰে। বায়ু পিত্ত নাশৰ বাবে পকা আম এবিধ উত্তম ফল।

জুয়ে পোৰা ঘা আমৰ শুকান পাতৰ ছাইয়ে শুকুৱাই দিয়ে। বতৰৰ পকা আম নিয়মীয়াকৈ খোৱাৰ ফলত গাৰ ছালৰ উজ্জ্বলতা বঢ়াৰ উপৰি চুলি সৰা বন্ধ হয়।

লিখক: ঘনশ্যাম দাস, সাদিন।

 

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate