অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক'লা চাউলৰ আশ্চৰ্য্যকৰ গুণ

 

জানিবলৈ পোৱা মতে চীন দেশত ১০,০০০বছৰৰ আগৰ পৰা ক'লা ধানৰ খেতি কৰি অহা হৈছিল৷ প্ৰাচীন কালত এই ধানৰ খেতি মাত্ৰ ৰজাঘৰীয়া বা সম্ভ্ৰান্ত পৰিয়ালৰ লোকৰ বাবেহে কৰা হৈছিল৷ কাৰণ ইয়াৰ চাউল সেৱন কৰিলে 'সুস্বাস্থ্য আৰু দীৰ্ঘায়ু' পায় বুলি জনাজাত আছিল৷

লিভাৰ, কিডনি আৰু মস্তিষ্কৰ বাবে লাগতিয়াল তত্ব ক'লা চাউলত থাকে বুলি চীনা লোকসকলে বিশ্বাস কৰিছিল৷ সাধাৰণ জনতাৰ বাবে ইয়াৰ খেতি আৰু ভক্ষণ নিষিদ্ধ আছিল৷

নিষিদ্ধ চাউলৰ আন নাম আছিল ‘ৰাজকীয়’ চাউল৷ পিছে এতিয়া আৰু সেই চাউল নিষিদ্ধ হৈ থকা নাই৷

ইয়াৰ গুণাগুণৰ ওপৰত বিশ্বৰ বিজ্ঞানী সকলে নানান গবেষণামূলক অনুসন্ধান কৰিছে আৰু ফলত ইয়াৰ আদৰ ৰাইজৰ মাজত ক্ৰমে ক্ৰমে বাঢ়িবলৈ ধৰিছে৷

আমাৰ অসমত ক'লা জহা ধানৰ খেতি বহুলোকে কৰে৷ জহা চাউলৰ দৰে এই ক'লা চাউলৰো সুগন্ধ আৰু নিজস্ব স্বাদ আছে৷ এই চাউলৰ বৰণ ক'লা বা বেঙুনীয়া৷ সিদ্ধ হবলৈ আন চাউলতকৈ বেচি সময় লয়৷ সেয়ে সিজোৱাৰ আগতে ৪০/৫০মিনিট সময় পানীত তিয়াই থোৱা ভাল৷

ক'লা চাউলৰ গুণ আমি সাধাৰণতে খোৱা আন সকলো চাউলৰ তুলনাত বেচি৷ কিয়, কেনেকৈ বেচি সেই কথা এই প্ৰৱন্ধৰ আলোচনাত ওলাই পৰিব৷ এটা কথা বাৰম্বাৰ কম এই ক'লা ধানৰ চাউলৰ ৰং (আনকি চাউল ধোৱা পানীৰ বৰণো) ক'লা৷

এইবিধ চাউলৰ সেই বৰণটো এন্ঠোচায়ানিন নামৰ পদাৰ্থই কৰে৷ আন ধানৰ চাউলত এই তত্ব বিধ নাথাকে৷

এই ধানৰ ব'টানিকেল নাম হ'ল – Oryza sativa L. indica ৷ অসমত কৃষি বিজ্ঞানী ড০ উত্তম কুমাৰ বৰুৱাই এই ক'লা ধানৰ সঁচ গোৱালপাৰা জিলাৰ দুধনৈৰ আমগুৰিপাৰাৰ ডেকা উদ্যমী খেতিয়ক উপেন্দ্ৰ ৰাভাক ২০১১ চনত দিয়ে৷

সেই এমুঠি সইচৰ পৰাই খেতি কৰি ক্ৰমবদ্ধমান বৃদ্ধি কৰি আজি কেইবাশ বিঘা মাটিত ইয়াৰ সফল উৎপাদন কৰিবলৈ আগবাঢ়ি আহিছে উপেন্দ্ৰ ৰাভা - যাৰ ফলত কৃষি বিভাগে এই চাউলৰ স্থানীয় নামাকৰণ কৰিছে 'উপেন্দ্ৰ চাউল' বুলি৷ সুখৰ কথা আজি নগাওঁ জিলাতো 'বৰবাৰী মাল্টিপাৰপ'জ এগ্ৰিকলচাৰেল ফাৰ্ম'ত এই ক'লাধানৰ সফলতাপূৰ্বক খেতি কৰা আৰম্ভ হৈছে৷

ইয়াৰ বিপৰীতে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বেচ কিছুকাল আগৰ পৰাই ক'লা ধানৰ কৃষি কৰ্ম চলি আছিল৷ মণিপুৰী ভাষাত ইয়াক বোলে -'চাখাও আমুবি' অৰ্থাৎ স্বাদিষ্ট ক'লা চাউল৷ মণিপুৰী মেইটিসকলে ইয়াৰ সঁচ দক্ষিণ পূৱ এচিয়াৰ পৰা আনিছিল বুলি জনা যায়৷

মণিপুৰত প্ৰতি হেক্টৰ মাটিত আঢ়ৈ টন ধান উৎপাদন হয়৷ অসমত বিক্ৰীৰ বাবে মণিপুৰৰ পৰা অহা চাউলক 'মণিপুৰী ক'লা চাউল' বুলি অসমৰ ৰাইজে জানে৷ এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ১৯৯০-৯৫ চনৰ সময় চোৱাতহে আমেৰিকাত ক'লাধানৰ খেতিৰ প্ৰচলন আৰম্ভ হয়৷

চীনৰ পিছতেই এচিয়াৰ ইণ্ডোনেচিয়া আৰু থাইলেণ্ডত ক'লাধানৰ খেতি হোৱাৰ কথা জনা যায়৷ আজি বিশ্বৰ বজাৰত 'ইণ্ডোনেচিয়ান ব্লেক ৰাইচ' আৰু 'থাই জেচমিন ৰাইচ' দুটি প্ৰতিষ্ঠিত প্ৰচলিত ব্ৰেণ্ড৷ এচিয়াৰ ওপৰিও আফ্ৰিকাৰ কোনো কোনো অঞ্চলত ক'লাধানৰ খেতি হয়৷

জাপানৰ বিজ্ঞানীসকলে অনুসন্ধান কৰি পাইছেযে এই ক'লা ধানৰ সামান্য তাৰতম্য থকা কমেও ২১টা প্ৰজাতি আছে৷

চাহিদাৰ তুলনাত আজিও উৎপাদন কম হোৱা বাবেই বজাৰত ইয়াৰ মূল্য যথেষ্ট বেচি৷ প্ৰতি কিলোগ্ৰামত ১০০ টকাৰ পৰা ৭৫০ টকা পৰ্য্যন্ত৷

আজিকালি অসমৰ বিভিন্ন ঠাইত ইয়াৰ খেতি হয় বুলি জনা গৈছে৷ ইচ্ছুক লোকসকলে বীজ আৰু পৰামৰ্শৰ বাবে জিলা কৃষি বিষয়াক লগ ধৰিব পাৰে৷ অসমৰ আন ব্যক্তিগত প্ৰতিষ্ঠানেও বীজ আৰু কঠিয়াৰ যোগান ধৰে বুলি জনা গৈছে৷

ক'লা চাউল কেনেকৈ খাব?

নিয়মীয়া ভাতৰ দৰে খোৱাৰ ওপৰিও পায়স, পোলাও, কাষ্টাৰ্ড, চুপ বনাই খাব পাৰি৷আঠাযুক্ত এই চাউলেৰে আমাৰ অসমীয়া মানুহে তিল পিঠা, নাৰিকল পিঠা, তেল পিঠা বনায় আৰু সিদ্ধ কৰি দৈ গুড় গাখীৰ মিহলাই জলপান কৰিও খায়৷ বহুতে ইয়াৰ কেক, নুডুলচ, ৰুটি বা পাওৰুটিও বনায়৷

কোনো কোনেৱে ক'লা চাউলৰ সাজপানীও তৈয়াৰ কৰে৷ বিশ্বৰ নানা দেশৰ চুপাৰাৰ্কেটত আৰু অনলাইনত ক'লা চাউল কিনিবৰ বাবে পোৱা যায়৷

একেদৰে সম্ভান্ত হোটেল-ৰেষ্ট্ৰোৰাৰ মেন্যুত ক'লা চাউলৰে বনোৱা খাদ্য সম্ভাৰ উপলব্ধ৷ কাটাৰ দেশৰ ডাঙৰ চুপাৰ মাৰ্কেটৰ পৰা 'থাই জেচমিন ৰাইচ' ময়ো ক্ৰয় কৰি পাইছোঁ ৷

ক'লা চাউলত কি কি লাগতিয়াল তত্ব থাকে –

এন্ঠোচায়ানিন (Anthocyanin ) হ'ল ক'লা চাউলত থকা আটাইতকৈ লাগতিয়াল এন্টিঅক্সিডেন্ট পদাৰ্থ৷ এই এন্ঠোচায়ানিনৰ বাবেই চাউলৰ ক'লা বৰণটো৷ ঘাইকৈ চাউলৰ ওপৰৰ অংশত এন্ঠোচায়ানিন থাকে৷ মিলত খুন্দাই অনা চাউলত এই তত্ব কমি যোৱাৰ ফলত ইয়াৰ খাদ্য মূল্য নিশ্চিতভাবে হ্ৰাস পায়৷

ইয়াত থাকে ১৮বিধ লাগতিয়াল এমাইনো এচিড, খনিজ পদাৰ্থ, ভিটামিন, ৰঙীন কণিকা (পিগমেন্ট) কেৰটিন আৰু নানাবিধ এন্টিঅক্সিডেন্ট৷

খনিজ পদাৰ্থমূহ হ'ল -

*লৌহ পদাৰ্থ (আইৰণ),

*জিংক,

*চেলনিয়াম,

*প'টেচিয়াম,

*মেগনেচিয়াম,

*মেংগানিজ,

*ফচফৰাচ আৰু

*মলিব্ডেনাম৷

ভিটামিনসমূহ হ'ল –

*ভিটামিন- ই,

*ভিটামিন বি-১,

*ভিটামিন বি-২ আৰু

*ভিটামিন বি-৯ (ফলিক এচিড)৷

উল্লেখযোগ্যযে ৰঙীন ফল বা পাচলিৰ যেনে ব্লো'বেৰী, ষ্ট্ৰবেৰী, প্লাম, চেৰি, বীট আদিৰ তুলনাত ক'লা চাউলত বেচি পৰিমানত এন্টিঅক্সিডেন্ট মজুত থাকে৷ তদুপৰি ইয়াত কেলৰি কম আৰু ফাইবাৰ বেচি পৰিমানত থাকে৷

ক'লা চাউলৰ এটা বিশেষত্ব হ'ল ইয়াত গ্ল'টেন নামৰ প্ৰটিনবিধ নাথাকে৷ আন চাউল, ঘেহু আদিত গ্ল'টেন থাকে৷ খাদ্যত গ্ল'টেন থাকিলে গ্ল'টেন এলাৰ্জি আৰু চিলিয়াক ডিজিজ হোৱাৰ সম্ভাৱনা থাকে৷ সেই দিশৰ পৰা ক'লা চাউল খোৱাসকল চিন্তামুক্ত৷

ক'লা চাউলৰ আন চাউলৰ লগত তুলনামূলক বিশ্লেষণ চাওক –

১০০ গ্ৰাম সম পৰিমানৰ ক'লা চাউলৰ ভাতত প্ৰটিন থাকে ৮.৫গ্ৰাম, মূগা চাউলৰ ভাতত প্ৰটিন থাকে ৮গ্ৰাম, ৰঙা চাউলৰ ভাতত প্ৰটিন থাকে ৭গ্ৰাম, মিলত খুন্দোৱা চাউলৰ ভাতত প্ৰটিন থাকে ৬.৫গ্ৰাম ৷

ইয়াৰ উপকাৰিতাসমূহ জানো আহক –

১. ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী - ক'লা চাউলত থকা ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ বাবে তেজলৈ চুগাৰৰ শোষন (Absorption) কমকৈ হয়- সেয়ে টাইপ-২ ডায়েবেটিজত ই অতি উপকাৰী৷ অৱশ্যে ডায়েবেটিজ ৰোগীৰ বাবে ই ঔষধৰ বিকল্প বুলি ভাবিলে ভুল হব৷

এই চাউলৰ গ্লাইচেমিক ইনডেক্স কম৷ অৰ্থাৎ খাদ্য হিচাবে ইয়াৰ তেজত চুগাৰৰ ওপৰত অপকাৰী প্ৰভাৱ কমকৈ পৰে৷

তদুপৰি ক'লা চাউলত কাৰ্বোহাইড্ৰেট কম আৰু ফাইবাৰ বেচিকৈ থাকে৷ ক'লা চাউল হজম হবলৈ বেচি সময় লাগে৷ এইবিলাক কাৰণত ডায়েবেটিজৰ ৰোগীয়ে আন চাউলৰ সলনি এই চাউল বাচি লব লাগে৷

২. হৃদৰোগ পৰা সুৰক্ষা - ক'লা চাউলৰ নিয়মত সেৱনে ক'লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল ডি এল ক'লেষ্টেৰল কমায়৷

তেজৰ নলীত চৰ্বিৰ প্ৰলেপ (Atherosclerosis) হবলৈ নিদিয়ে৷ ক'লা চাউলত থকা প'টেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে ৷

৩. লিভাৰৰ অসুখত উপযোগী- এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা দিয়ে ফলত ফেটি লিভাৰৰ উপশম ঘটে৷

৪. মেদবহুলতা কমায়- যিসকল লোক মেদবহুলতাৰ চিকাৰ আৰু ওজন বঢ়াৰ ভয়ত ভাত নোখোৱাকৈ থাকে, তেনে লোকসকলে নিৰ্ভয়ে ক'লা চাউল খাব পাৰে৷ ফাইবাৰৰ উপস্থিতিয়ে ওজন কমায় আৰু সোনকালে ভোকো নলগায়৷

ক'লা চাউলৰ ১০০গ্ৰাম সিদ্ধ ভাতত কেলৰি থাকে মাত্ৰ ৩০০৷ তদুপৰি দিনটোত এবাৰ ভাত খালেই উদৰ পূৰ্ণহৈ থকা যেন লাগে৷ এনে কাৰণত তেজৰ অপকাৰী ক'লেষ্টৰলৰ লগতে শৰীৰৰ ওজনো কমে৷

৫. পাকস্থলীৰ অসুখ নিৰাময় কৰে- শৌচ নিয়মীয়া কৰে৷ ওকালি, বদহজমি, ডায়েৰিয়া, ইৰিটেবল বাৱেল চিনড্ৰম আদি পেটৰ অসুখ ভাল কৰে৷

৬. কৰ্কট ৰোগৰ পৰা সুৰক্ষা- ক'লা চাউলৰ লাগতিয়াল তত্ব সমূহে শৰীৰৰ ইমিউনিটি বঢ়ায়৷ শৰীৰৰ পৰম অহিতকাৰী ফ্ৰি-ৰেডিকেলচৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰক কেন্সাৰ ৰোগৰ পৰা সুৰক্ষা দিয়ে৷

৭. তেজ বিশুদ্ধীকৰণ- এন্টিঅক্সিডেন্টে লিভাৰ আৰু কিডনিৰ কাম সুচলে হোৱাত সহায় কৰি
শৰীৰৰ তেজ বিশুদ্ধ থকাত সহায় কৰে৷

৮. চকুৰ সুৰক্ষা- ক'লা চাউলে কেটেৰেক্ট, গ্ল'কমাৰ পৰা সুৰক্ষা দিয়ে আৰু দৃষ্টিশক্তি বঢ়ায়৷

৯. ছাল আৰু চুলিৰ বাবে উপযোগী- ভিটামিন-ই হ'ল চুলি আৰু চৰ্মৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় তত্ব৷ ক'লা চাউলৰ ফেচ মাস্ক বনাই লগাব পাৰি৷

১০. হাঁপানী ৰোগ প্ৰতিৰোধক- এন্ঠোচায়ানিনে শ্বাস প্ৰনালীক সুৰক্ষা দিয়ে৷ ফ্ৰি-ৰেডিকেলচ বিনষ্ট কৰে আৰু ফলত হাঁপানীৰ চিকিৎসাত সহায়ক হয়৷

অৱশ্যে ক'লা চাউল গ্ৰহণ কৰিলেই হাঁপানীৰ নিয়মীয়া দৰব চিকিৎসকক নজনোৱাকৈ একেবাৰে বন্ধ কৰি দিব নালাগে৷

১১. সংক্ৰমণ প্ৰতিৰোধক- ডেংগু, চিকেনগুনিয়া, আৰ্থাইটিচ, নানাবিধ সংক্ৰমণ আৰু এলাৰ্জিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে৷

১২. মস্তিষ্কৰ সুৰক্ষা - স্মৃতিশক্তি বঢ়ায়৷ বাৰ্ধক্যজনিত এলজাইমাৰ ৰোগ প্ৰতিৰোধ কৰে ৷

ডাঃ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: +97433738722

 

শেহতীয়া উন্নীতকৰণ: : 5/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate