অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ক'লা জামুৰ উপকাৰিতাৰ বিষয়ে জানিবলগীয়া

মানৱ দেহ হ'ল ৰোগৰ আকৰ৷ কিন্তু প্ৰকৃতি মাতৃয়ে সেই সমূহৰ প্ৰতিকাৰৰ বাবে প্ৰচুৰ গছ-বন, ফল-ফুল অপৰ্যাপ্তভাবে আমাৰ মাজত বিলাই দিছে৷

প্ৰয়োজন মাথো সেইসবৰ গুণাৱলী চিনাক্ত কৰি তাৰ সদপ্ৰয়োগ কৰাৰ৷ আজি এনে এবিধ গছৰ কথা লিখিব ওলাইছোঁ, যাৰ বিষয়ে অৱগত হ'লে পাঠকসকল আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব৷

ক'লা জামুৰ গছ চিনি নোপোৱা মানুহ আমাৰ মাজত বহুত কম ওলাব৷ এই গছৰ পাত, ছাল,গা-গছ, শিপা, ফল-ফুল প্ৰতিটো অংশই ঔষধীয় নাইবা আমাৰ জীৱনৰ আন আন লাগতিয়াল কামত ব্যৱহৃত হৈ আহিছে৷ লোককথামতে ভগবান কৃষ্ণই জামুগছৰ তলত বহি বাঁহী বজাইছিল৷

সেয়ে এই গছক পবিত্ৰ জ্ঞান কৰি হিন্দু আৰু বৌদ্ধ ধৰ্মালম্বীলোকে মন্দিৰৰ চৌহদত ৰোপন কৰি আহিছে৷ মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ কোনো কোনো সমাজৰ বিবাহ মণ্ডপ সজাবলৈ জামুগছৰ ডাল-পাতৰ ব্যৱহাৰ হয়৷

এই চিৰসেউজ গছৰ প্ৰাথমিক উৎপত্তিস্থল ভাৰতবৰ্ষ, শ্ৰীলংকা, নেপাল, ভূটান,পাকিস্তান, বাংলাদেশ আৰু বাৰ্মা বুলি জনা যায়৷

কালক্ৰমত মালয়েশিয়া আৰু ইণ্ডোনেচিয়ালৈ ইয়াৰ সঁচ যায় আৰু সেই দুই দেশত জামুগছে বিপুল সমাদৰ লাভ কৰে৷

আৰু আজি এচিয়াৰ ওপৰিও আফ্ৰিকা, অষ্ট্ৰেলিয়া, মধ্য আমেৰিকা, ৱেষ্ট ইণ্ডিজ, ইউৰোপ আদিৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত জামুগছ দেখা পোৱা যায়৷ ৱিকিপেডিয়াৰ মতে জামুগছ ১৯১১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল'ৰিডালৈ নিয়া হয় আৰু তাৰ পিছত উত্তৰ-পূৱ আমেৰিকা অঞ্চলত বহুলভাৱে ৰোপন কৰা হয়৷

জামুগছৰ বৈজ্ঞানিক বা ব'টানিকেল নাম হ'ল- Syzygium cumini| একে সমাৰ্থক আন নাম কেইটিমান হ'ল-

  • Syzygium jambolanum,
  • Eugenia cumini আৰু
  • Eugenia jambolana৷

এতিয়া দেশ-বিদেশত জামুৰ পৰিচয় কিদৰে সেয়া চাওক :

ব্ৰাজিলত- জাম্ব, জাম্বল, জাম্বালো

কম্বোডিয়াত- প্ৰিং বাই, প্ৰিং দাস ক্ৰিবে

ফিজিত- কাভিকা নি ইণ্ডিয়া

জাৰ্মানীত- জাম্বলানাপফ্লেউমেনবেউম

ইণ্ডোনেচিয়াত- জামব্লাং

ইটালিত- জিয়াম্বলানা

লাউচত- ভা

মালয়েশিয়াত- জামন, জামভুল, জামবুলেন

নেপালত- বন জামুন, জাম্বু

ফিলিপাইনচত- লমবই, লুনাবই

থাইলেণ্ডত – হাখিফায়েই, লুকুৱাহ

কেনিয়াত- লুচাননাকু

ভিয়েটনামত- ট্ৰাম ম'ক

ভেনেজুৱেলাত-গুৱায়েবো পেচ্ যোৱা

অসমীয়াত: ক’লা জামু, বৰ জামু, জাম, জামু

ডিমাছা ভাষাত : জাম্বু

কাৰ্বি ভাষাত- জাংমি

তেলেগুত- নেৰেডু

কানাড়াত-নেৰালে হেন্নু

তামিলত-নভল পাজেম

মলয়ালমত- নৱল পৰম

ইংৰাজীত- জাভা প্লাম, জাম্বুল, জাম্ব'লান, জামুন, জামন, ব্লেক প্লাম, ইণ্ডিয়ান ব্লেক বেৰী, ডুৱেট আদি।

শেষত আমাৰ দেশ ভাৰতবৰ্ষত ইয়াৰ বহুল প্ৰচলিত নামসমূহ হ'ল –

  • জাম,
  • জামন,
  • জাম্বু,
  • জাম্বুল,
  • জামো,
  • জামুক,
  • জাম্বুৰা আদি।

বিদেশী ভাষাৰ নামৰ তালিকাত জাম, জাম্বু, জাম্বল আদি নাম দেখিলে এই জামু গছৰ প্ৰাথমিক উৎপত্তি স্থল ভাৰতীয় উপমহাদেশ বুলিয়েই নুবুজাইনে ?

সমগ্ৰ বিশ্বত ইয়াৰ ১১০০টা প্ৰজাতি চিনাক্ত কৰা হৈছে৷ তাৰে দুই এটা প্ৰজাতিৰ জামুৰ ফলৰ বিশেষত্ব হ'ল ই গুটিবিহীন হোৱাটো৷ অতি প্ৰাচীন কালৰ পৰা ভাৰতীয় আয়ুৰ্বেদ, য়ুনানী আৰু চীন দেশৰ থলুৱা চিকিৎসাত জামুৰ ব্যৱহাৰ চলি আহিছে৷

ঘাইকৈ বহুমূত্ৰ ৰোগীৰ তেজ আৰু প্ৰসাবত চুগাৰ কমাবলৈ; পাক প্ৰণালীৰ নানাবিধ ৰোগ যেনে-

  • পেটৰ টেঙাপানীৰ উগাৰ,
  • গ্ৰহণী,
  • বদহজমি,
  • শৌচকচা,
  • কৃমি,
  • পেটৰ বিষ আদিৰ;
  • মূত্ৰ প্ৰণালীৰ প্ৰসাব কম হোৱাৰ চিকিৎসাত;
  • শ্বাস প্ৰণালীৰ বিভিন্ন ৰোগ কাহ,
  • জ্বৰ,
  • হাপানি;
  • তেজৰ এনিমিয়া আতৰ কৰিবলৈ;
  • মুখৰ ঘাঁ আদিৰ চিকিৎসা কৰিবলৈ জামুৰ ফল,
  • গুটি আৰু পাতৰ ব্যৱহাৰৰ পৰামৰ্শ দি অহা হৈছে৷

জামু গছৰ পাতৰ ছাই ঘঁহিলে দাঁতৰ আলু শক্তিৱন্ত হয়৷ জামুৰ ৰস বৰ্ধিত প্লীহাৰ (Splenomegaly) আৰু জণ্ডিচৰ চিকিৎসাত প্ৰয়োগ কৰা হয়৷ জামুৰ ব্যৱহাৰে ৰক্ত পৰিশোধন কৰে৷ ফলৰ নিয়মীয়া সেৱনে চৰ্মৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্বলতা বঢ়ায়৷

আয়ুৰ্বেদিক চিকিৎসকে জামুফল মৌ বা ডালচেনি, ছাগলীৰ গাখীৰৰ সৈতে মিহলাই শিশুৰ বিভিন্ন পেটৰ বিকাৰৰ উপশম ঘটাবলৈ প্ৰয়োগ কৰে৷

এই বিষয়ে বিতংকৈ অভিজ্ঞ চিকিৎসকে জনাব পাৰিব৷ বিশ্বৰ বিভিন্ন গবেষণাগাৰত জামুৰ ওপৰত বিস্তাৰিত অনুসন্ধান আৰু প্ৰয়োগ চলি আছে৷ কেইবাখনো মেডিকেল জাৰ্ণেলত এই বিষয়ৰ প্ৰবন্ধ সহজে উপলব্ধ৷

জামুৰ আন আন কেইটিমান উপকাৰী প্ৰয়োগ হ'ল -

  • সুলভ মূল্যৰ সুগন্ধি আতৰ বনোৱাত ব্যৱহৃত হয়৷
  • জাম, জেলি, চৰবত আদি বনোৱা হয়৷
  • জামু গুটিৰ পৰা ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী হাৰ্বেল-টি বনোৱা হয়৷
  • ফিলিপাইনচ দেশত আৰু আমাৰ দেশৰ গোৱাত ইয়াৰ পৰা মদ বনোৱা হয়৷
  • টুথপেষ্ট বনোৱাত জামুৰ ব্যৱহাৰ কৰা হয়৷
  • ইয়াৰ কাঠৰ পৰা ঘৰৰ ফাৰ্ণিচাৰ, ৰেলৱে শ্লিপাৰ, নৌকা, গীটাৰ জাতীয় বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা হয়৷
  • ইয়াৰ পাতৰ পৰা ওলোৱা তেলত এন্টিঅক্সিডেন্ট গুণ থকা হেতুকে ঔষধ নিৰ্মাণত ব্যৱহাৰ কৰা হয়৷ এনে তেলৰ বিষহাৰী, বীজাণুনাশক, কীটনাশক আৰু এন্টিফাংগেল গুণ দেখা যায় ৷
  • জামুগছে পাৰিপাৰ্শ্বিকতা সুন্দৰ কৰে৷

চমুকৈ গছৰ বৰ্ণনা -

জামুগছৰ আয়ুস এশ বছৰ পৰ্য্যন্ত৷ উচ্চতা সাধাৰণতে ১০/১৫মিটাৰ, কিন্তু ৩০/৩৫মিটাৰ ওখ গছো কোনো বনাঞ্চলত দেখা গৈছে৷ গা গছৰ ঘেৰ ৫০/১০০ চেন্টিমিটাৰৰ হয়৷ গা-গছডাল দেখিবলৈ মটীয়া বৰণৰ আৰু অলপ ওপৰতে ডাঙৰ ডাঙৰ ডালত বিভক্ত হৈ যায়|

চিকচিকিয়া উজ্বল পাতবিলাক ৫/১০ চেন্টিমিটাৰ দৈৰ্ঘৰ, চামৰাৰ দৰে ডাঠ আৰু ভিন্ন ভিন্ন আকৃতিৰ৷ গছৰ ছাল আৰু পাতৰ পৰা এবিধ আঠাযুক্ত পদাৰ্থ ওলায়। পাতবোৰ সামান্য টাৰ্পিন তেলৰ দৰে গোন্ধায়৷

গছত সেউজীয়া-বগা মিশ্ৰিত ৰঙৰ সুগন্ধিযুক্ত ফুল মাৰ্চ-এপ্ৰিল মাহত ফুলে আৰু মে-জুন মাহত গছত বেঙুনীয়া বৰণৰ এটা গুটি থকা ফল পূৰঠ হৈ উঠে৷ ফলৰ আকাৰ দেড়ৰ পৰা চাৰে তিনি চেন্টিমিটাৰ দীঘল হয়৷ ইয়াৰ স্বাদ টেঙা আৰু মিঠা৷

এনে হোৱাৰ কাৰণ হ'ল ইয়াত থকা ৰেজিন, গেলিক এচিড আৰু টেনিনৰ বাবে৷ এন্থচায়ানিন নামৰ এন্টিঅক্সিডেন্ট থকাৰ বাবে জামু খালে জিভাত বেঙুনীয়া ৰং ধৰে৷ ফলত থাকে-

  • ৮২শতাংশ পানী,
  • প্ৰায় ১৫ শতাংশ কাৰ্বোহাইড্ৰেট আৰু
  • প্ৰটিন আৰু ফেট সামান্য পৰিমাণত৷

ইয়াত থকা খনিজ হ'ল-

  • প'টেচিয়াম,
  • কেলচিয়াম,
  • মেগনেচিয়াম,
  • ক'পাৰ,
  • চালফাৰ,
  • আইৰণ আৰু
  • ক্লৰিন৷

ভিটামিন কেইবিধ হ'ল-

  • ভিটামিন-এ,
  • ভিটামিন-চি,
  • ভিটামিন-বি গোট৷

ইয়াত চুক্ৰজ নাথাকে৷ কেলৰিও থাকে তেনেই কম৷ জামুত আৰু থাকে-

  • এন্টিঅক্সিডন্ট,
  • ফ্লেভনইড,
  • গ্লাইক'চাইড,
  • কোৱেৰচেটিন,
  • মাইৰিচিটিন ইত্যাদি৷

ফল আৰু গুটি দুয়োটাৰে তেজ আৰু প্ৰসাবৰ চুগাৰ হ্ৰাস কৰাৰ ক্ষমতা থাকে৷ এইক্ষেত্ৰত গুটি বেচি ফলপ্ৰসু৷

জামুৰ আন কেইটিমান ঔষধীয় গুণ হ'ল –

  • ইলাগিক এচিড থকাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস কৰা,
  • লিভাৰৰ ৰোগৰ উপশম ঘটোৱা আৰু
  • কৰ্কট ৰোগৰ সম্ভাৱনা কমোৱা৷

এতিয়া দুকলম ইয়াৰ ৰোপনৰ বাবে আগ্ৰহী লোকসকললৈ : -

জামুগুটি পচাই তাৰ পৰা পুলি দেড়, দুই ফুট ওখ হলে আন নিৰ্বাচিত ৰ'দঘাই ঠাইত ৰুব পাৰি৷ আনহাতে গছত কলম ধৰিও জামু পুলি ওলিয়াই ৰোপন কৰিব পাৰি৷

৬/৭বছৰত গছত ফুল-ফল লাগে৷ ব্যৱসায়িকভাবে জামুগছৰ খেতি সদায় লাভজনক৷ বতৰৰ ফল হিচাপে বজাৰত ইয়াৰ চাহিদা অতি বেচি৷

ইয়াৰ কাঠো বৰ মূল্যবান৷ অসমত ক'লা জামুৰ কমেও দুটা প্ৰজাতি দেখা যায়৷ এবিধৰ ফল সৰু আনবিধৰ আকাৰ ডাঙৰ৷ গুণ দুয়োবিধৰেই একে৷

মোখনিত এটা কথাই কম যে জামুৰ প্ৰয়োগৰ দ্বাৰা এজন ডায়েবিটেজ বা উচ্চ ৰক্তচাপৰ ৰোগী উপকৃত হোৱাৰ অৰ্থ এয়া নহয়যে ব্যক্তিজনে জামু সেৱন আৰম্ভ কৰিলেই নিজৰ নিয়মীয়া ঔষধ বন্ধ কৰিব৷

সদায় নিজৰ চিকিৎসকৰ পৰামৰ্শমতেহে যি কোনো ঔষধ সেৱন কৰা উচিত৷ প্ৰাকৃতিক উপাদন সমূহে প্ৰায়েই সহায়ক চিকিৎসা প্ৰণালী (Adjuvent therapy) হিচাবে ক্ৰিয়া কৰে৷

একে সময়তে এলোপেথিক দৰব ব্যৱহাৰ কৰি থকা এজন ব্যক্তিয়ে এনে প্ৰাকৃতিক চিকিৎসা আৰম্ভ কৰিলে নিজৰ নিয়মীয়া দৰবৰ পৰিমান বুজন মাত্ৰাত কমাবলৈ সক্ষম হব৷

লেখক: ডা০ ভূপেন শইকীয়া

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: +৯৭৪৩৩৭৩৮৭২২

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate