অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কঁঠালৰ স্বাস্থ্য উপকাৰিতা :

কঁঠালৰ স্বাস্থ্য উপকাৰিতা :

 

কঁঠাল বিভিন্ন ধৰনৰ পুষ্টিকৰ তত্বৰে সমৃদ্ধ। কঁঠালত কেলৰি উপাদানটিৰ মত্ৰা বহু বেছি । এই কেলৰি বেচিভাগ ফলৰ carb কন্টেন্টৰ পৰা আহে।  ইয়াৰোপৰি কঁঠালত ফাইবাৰ, প্রটিন, ভিটামিন এ, ভিটামিন চি, ৰাইবফ্লাভিন, পটাচিয়াম, ম্যাগনেচিয়াম, ম্যাঙ্গানিজ আদি পোৱা যায়।সাধাৰণতে কঁঠালত থকা এন্টিঅক্সিডেন্টবোৰেই মানৱ দেহত সুফল প্রদান কৰে। কঁঠালৰ গুটিৰ পৰা লৈ বাকলি পৰ্যন্ত খাদ্য হিচাপে আমি গ্ৰহণ কৰো।

তেনে আহকচোন আজি জানো এই যাদুকৰী ফলটিৰ কিছু স্বাস্থ্য উপকাৰিতাৰ বিষয়ে...

১)কঁঠালে মানৱ দেহক ৰোগৰ বিৰুদ্ধে সুৰক্ষা প্রদান কৰে:

কঁঠালে মানুহৰ দেহত হবলগীয়া বিভিন্ন ৰোগৰ আশংকা কমাব পাৰে। কিয়নো ইয়াত ৰোৱা এন্টিঅক্সিডেন্ট বোৰে অক্সিডেটিভ চাপ তথা প্রদাহৰ পৰা কোষক ৰক্ষা কৰে যিনেকি দেহত ফ্রি ৰেডিকেল বোৰৰ দ্বাৰা সৃষ্ট হয়। কঁঠাল ভিটামিন চি ৰে সমৃদ্ধ, যি হৃদৰোগ তথা কেঞ্চাৰৰ দৰে ৰোগৰ পৰা ও  দেহক ৰক্ষা কৰে।

কঁঠালত থকা ক্যাৰটিনয়েডে টাইপ ২ ডায়াবেটিচ আৰু হৃদৰোগৰ পৰা আমাৰ দেহটিক প্রতিৰোধ কৰে। কঁঠালে ৰক্তচাপ নিয়ন্ত্রণ আৰু সুস্থ কলেষ্টেৰলৰ মাত্রা দেহত বজায় ৰখাত সহায় কৰে।

২)পুষ্টিকৰ তত্বৰে সমৃদ্ধ কঁঠালে মানুহৰ Skin সুন্দৰ কৰে।

৩) কঁঠালত glycemic সূচক কম। আৰু যিবোৰ খাদ্যত গ্লাইচেমিক ইনডেক্স কম তেনে খাদ্য‌ই তেজত ​​শর্কৰাৰ মাত্রা নিয়ন্ত্রণত সহায় কৰে।ইয়াৰোপৰি কঠালত থকা এন্টিঅক্সিডেন্ট বোৰে শৰীৰত ​​শর্কৰাৰ মাত্ৰা এটি সুষম স্তৰলৈ উন্নীত কৰে।

৪) কঁঠালে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।কিয়নো কঁঠালত ভিটামিন এ আৰু ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় আৰু ই মানুহক ভাইৰেল জনিত সংক্রমণ তথা ৰোগৰ পৰাও ৰক্ষা কৰে।

লেখক: খালিদ ইছলাম

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate