অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম খৰচত ফল-মূল আৰু শাক-পাচলি সতেজ কৰি ৰখাৰ উপায়

কম খৰচত ফল-মূল আৰু শাক-পাচলি সতেজ কৰি ৰখাৰ উপায়

শাক-পাচলি আৰু ফল-মূল আমাৰ দৈনন্দিন আহাৰৰ অতি আৱশ্যকীয় খাদ্য সামগ্ৰী। এই শাক-পাচলি আৰু ফল-মূলে শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পুষ্টি কাৰক উপাদান যেনে- ভিটামিন আৰু খনিজ দ্ৰব্যৰ যোগান ধৰে। পাচলিত থকা এই পুষ্টি কাৰক গুণ সমূহে মানুহক নানা ৰোগৰ কবলৰ পৰাও মুক্ত কৰে। সেই বাবে প্ৰত্যেকটো পৰিয়ালতে অতি কমকৈ হ’লেও শাক-পাচলি আৰু ফল-মূলৰ খেতি কৰাটো নিতান্তই প্ৰয়োজন। শাক-পাচলিৰ ভিটামিন সমূহ নষ্ট নহবৰ বাবে সদায় সতেজ অৱস্থাত খাব লাগে। এই পাচলি সামূহ বিভিন্ন প্ৰকাৰে বহুদিনৰ বাবে কেনেকৈ সতেজ কৰি ৰাখিব পাৰি তাৰেই উপায় হিচাবে বজাৰত অত্যাধুনিক শীতলী কৰণ যন্ত্ৰ (ৰেফ্ৰিজাৰেটৰ) ওলাইছে। কিন্ত এই যন্ত্ৰটোৰ মূল্য ইমানেই অধিক যে ইয়াক সৰ্বসাধাৰণ ৰাইজে আৰ্থিক দিশত টনকিয়াল নোহোৱাৰ বাবে মন থাকিলেও লব পৰা নাই। সেয়েহে ৰেফ্ৰিজাৰেটৰৰ পৰিৱৰ্ত্তে কম উষ্ণতা আৰু আৰ্দ্ৰ যুক্ত পৰিবেশত ফল-মূল আৰু শাক-পাচলি সমূহ কেনেকৈ বহু দিনলৈ নষ্ট নোহোৱাকৈ সতেজ কৰি ৰাখিব পাৰি তাৰেই উপায় হিচাবে “শূন্য শক্তি সম্পন্ন শীতলী কৰণ ভাণ্ডাৰ” নিৰ্মাণ কৰি উলিওৱা হৈছে। ইয়াৰ উল্লেখ যোগ্য বৈশিষ্ট্য হৈছে- ইয়াত কোনো বৈদ্যুতিক শক্তি বা আন কোনো শক্তিৰ প্ৰয়োজন নহয়। তাৰোপৰি ইয়াৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰী সমূহ অতি সহজ লভ্য আৰু কম খৰচৰ। আমাৰ প্ৰত্যেক গৰাকী গৃহিনীয়ে বা ক্ষুদ্ৰ খেতিয়ক সকলে প্ৰয়োজন অনুসৰি এনে ধৰণৰ ব্যৱস্থা কৰি ল’ব পাৰিলে বহু দিনলৈ ফল-মূল আৰু শাক-পাচলি বোৰ নষ্ট নোহোৱাকৈ দৈনন্দিন আহাৰত বা ব্যৱসায়ৰ বাবে সতেজ কৰি ৰাখিব পাৰে।

নিৰ্মাণ কাৰ্য্য প্ৰণালী

‘ক’ চিত্ৰ

এই পদ্ধতিত ব্যৱহাৰ হোৱা প্ৰয়োজনীয় সামগ্ৰী সমূহ হ’ল- ইটা, বালি, বাঁহৰ জালি, লোহাৰ সাঁজ, প্লাষ্টিকৰ খৰাহী, পলিথিনৰ বেগ, মৰাপাটৰ বস্তা আৰু পানী। ১০/১৫ কিলোগ্ৰাম ওজনৰ ফল-মূল আৰু শাক-পাচলিৰ সঞ্চয়নৰ ক্ষমতাৰ এনে এটা ভাণ্ডাৰৰ জোখ হ’ব এনে ধৰণৰ – দৈৰ্ঘ্য ১০০ চেঃ মিঃ, বহল ৭৫ চেঃ মিঃ আৰু উচ্চতা ৬৫ চেঃমিঃ। ইয়াৰ বাবে ১৬৮ টা ইটা আৰু এক টিং বালিৰ প্ৰয়োজন। আনহাতে কৃষক এজনৰ ১০০ কিঃ গ্ৰাঃ ফল-মূল আৰু শাক-পাচলিৰ সঞ্চয়ন ক্ষমতাৰ এনে এটা ঘৰৰ জোখ হ’ব – দৈৰ্ঘ্য ১৬৫ চেঃমিঃ, বহল ১১৫ চেঃমিঃ আৰু উচ্চতা ৬৭.৫ চেঃমিঃ। বহলটো একে ৰাখি প্ৰয়োজন অনুসৰি ঘৰটোৰ দৈৰ্ঘ্য বঢ়াবও পাৰি। ইয়াৰ বাবে ৪০০ টা ইটা আৰু ৩/৪ টিং মান বালিৰ প্ৰয়োজন হ’ব।

এই কক্ষটো নিৰ্মাণ কৰিবলৈ লোৱা ঠাই টুকুৰা অলপ ওখ ঠাই বতাহ পাই থকা সেমেকা আৰু পোহৰ পৰি থকা হ’ব লাগে, কিন্ত জেকা হ’ব নালাগে। পোন প্ৰথমে বাচি লোৱা মজিয়া খনত অলপ বালি ছটিয়াই তাৰ ওপৰত ইটাৰ এটা তৰপ দি মাজৰ ফাঁক বোৰত বালি ভৰাই সমান কৰি লব লাগে। এতিয়া জোখ মতে ভাণ্ডাৰটো চাৰিও কাষৰ বেৰবোৰ ইটাৰ দুটা তৰপেৰে সাঁজি তৰপ দুটাৰ মাজত তিনি/চাৰি ইঞ্চি মান ঠাই খালি কৰি থব। ভিতৰৰ ইটাৰ বেৰ খন বাহিৰৰ বেৰতকৈ ৩ ইঞ্চি মান তলত ৰাখিব। এতিয়া মাজৰ খালি ঠাই ডোখৰ বালিৰে পূৰ কৰি পেলাব। (ক চিত্ৰ)

‘খ’ চিত্ৰ

‘গ’ চিত্ৰ

সঞ্চায় কৰি থব লগা প্ৰয়োজনীয় শাক-পাচলি আৰু ফল-মূল সমূহ একোটা স্বচ্ছ পলিথিনৰ বেগত বেলেগে বেলেগে ভৰাই নতুবা বিন্ধা যুক্ত বাঁহৰ বা প্লাষ্টিকৰ ট্ৰে বা খৰাহীত থৈ কক্ষটোৰ ভিতৰত ৰাখিব (খ চিত্ৰ)। ৰাহী হোৱা ৰন্ধন খাদ্য সামগ্ৰী সমূহ কক্ষত ৰাখিবৰ বাবে ‘গ’ চিত্ৰত দেখুওৱাৰ দৰী লোহাৰ সাঁজ এটা তৈয়াৰ কৰি ভিতৰৰ বেৰ খনৰ ওপৰত বহুৱাই দিব।

এখন মৰাপাটৰ ৰচীৰে বৈ লোৱা বাঁহৰ পাতল জালি আৰু মৰাপাটৰ বস্তা, কক্ষটোৰ ওপৰ ভাগ ঢাকিব পৰাকৈ জুখি লৈ ওপৰত ঢাকনি হিচাপে দি থব লাগে (চিত্ৰ-ঘ)। মৰাপাটৰ বস্তাৰ সলনি কেতিয়াবা বেটুপাতত দেখুৱাৰ দৰে ডাঙৰ আকাৰৰ কক্ষত বাঁহৰ মাৰিৰে নৰা বান্ধি বেৰৰ দৰে কৰিও ঢাকিব পৰা ব্যৱস্থা কৰিব পাৰি।

‘ঘ’ চিত্ৰ

লব লগা সাৱধানতা সমূহ

১) ইটা আৰু বালি খিনি পৰিষ্কাৰ কৰি লব লাগে। ভঙা ইটা পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে।

‘ঙ’ চিত্ৰ

২) ৰাতিপুৱা আৰু গধূলি ইটাৰ দুই তৰপৰ মাজৰ বালি খিনি আৰু বস্তাৰ ঢাকনি খন সম্পূৰ্ণৰুপে তিয়াই সেমেকা কৰি ৰাখিব। লক্ষ্য ৰাখিব পানী যাতে বৈ নাহে। এনে কৰি ৰাখিলে দেখা যায় উৎকট গৰমৰ দিনটো ইয়াৰ ভিতৰৰ উষ্ণতা বাহিৰৰ উষ্ণতাতকৈ ১৭°-১৮° ছেঃ গ্ৰেঃ কম থগাকে আৰু বাহিৰৰ আৰ্দ্ৰতা ২০ শতাংশ থকাৰ সময়ত ইয়াৰ ভিতৰৰ আৰ্দ্ৰতা থাকে ৯৫ শতাংশ (চিত্ৰ ঙ)।

৩) গছৰ পৰা লগে লগে চিঙি অনা বা বজাৰৰ পৰা অনা ফল-মূল আৰু পাচলি বোৰৰ উত্তাপ সদায় কমাই ধুই পৰিষ্কাৰ কৰিহে কক্ষটোৰ ভিতৰত থব লাগে। দাগ লগা নতুন বেয়া ফল-মূল আৰু পাচলি বোৰ বেলেগে বাচি পেলাব লাগে। এনে ব্যৱস্থা নললে ভাল পাচলি আৰু ফল-মূল বোৰ নষ্ট হোৱাত সহায় কৰে।

৪) ধুই লোৱা পাচলি সমূহ থোৱাৰ আগতে সদায় লক্ষ্য কৰিব লাগে যাতে পাচলি সমূহত অলপো পানী নাথাকে।

৫) সংৰক্ষণ কৰিবলৈ থোৱা শাক জাতীয় পাচলি খিনি পৰাপক্ষত পলিথিনৰ বেগত ভৰাই মুখ খন বন্ধ কৰি থব লাগে।

৬) ঢাকনি কৰি থোৱা বস্তা খন মাজে মাজে সময়ে ৰ’দত উলিয়াই দি চাফা কৰি থাকিব লাগে।

৭) ক্ষুদ্ৰ খেতিয়ক সকলে কম খৰচতে এনে ধৰণৰ শীতলী কৰণৰ কক্ষ খেৰী চালি এখনৰ তলত নিৰ্মাণ কৰি ললে বিক্ৰীৰ বাবে ওলোৱা পাচলি সমূহ নষ্ট নোহোৱাকৈ কিছু দিনলৈ সতেজ কৰি ৰাখিব পাৰি।

এতিয়া দেখা গ’ল যে, বৈদ্যুতিক শক্তি প্ৰয়োগ নকৰাকৈয়ে সৰ্বসাধাৰণ ৰাইজে এনে শীতলী কৰণ কক্ষ খেৰী চালি এখনৰ তলত নিৰ্মাণ কৰি ললে বিক্ৰীৰ বাবে ওলোৱা পাচলি সমূহ নষ্ট নোহোৱাকৈ কিছু দিনলৈ সতেজ কৰি ৰাখিব পাৰি।

এতিয়া দেখা গ’ল যে, বৈদ্যুতিক শক্তি প্ৰয়োগ নকৰাকৈয়ে সৰ্বসাধাৰণ ৰাইজে এনে শীতলী কৰণ কক্ষ নিৰ্মাণৰ ব্যৱস্থা হাতত ললে, কম খৰচতে দৈনিক অবিৰত পুষ্টিগুণ সম্পন্ন শাক-পাচলি আৰু ফল-মূল ব্যৱহাৰ কৰি পৰিয়ালৰ স্বাস্থ্য উন্নতিত যথেষ্ট অৰিহণা যোগাব পাৰিব।

গৱেষণা কৰি দেখা গৈছে যে, গৰমৰ দিনত পকা অমিতা, আম, মধুৰি, আনাৰস ইত্যাদি ১০-১৫ দিনলৈ, পটল, জিকা, ভেন্দি, কুন্দুলি, তিঁয়হ, বেঙেনা, বিলাহী, জলকীয়া আদি পাচলি সমূহ প্ৰায় এসপ্তাহলৈ মৌচম্বী, নেমু টেঙা, সুমথিৰা টেঙা ১৫-২০ দিনলৈ, পদিনা, নৰসিংহ আৰু মধুসোলেং এসপ্তাহলৈ এই শীতলী কৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি সতেজ কৰি ৰাখিব পাৰি। ইয়াৰ বিপৰীতে এই পাচলি সমূহ বাহিৰৰ পৰিবেশত ৩-৪ দিনহে সতেজ কৰি ৰাখিব পাৰি। ইয়াৰ উপৰিও গাখীৰ ৩ দিনলৈ, ভাত-দাইল দুদিনলৈ, কেচাঁ মাছ দুদিনলৈ ৰাখিব পাৰি।

কক্ষটো বনোৱা খৰচ : (১০০ কেঃজিঃ পাচলিৰ বাবে)

ইটা – ৪০০ টা

৮০০.০০ টকা

বালি

১০০.০০ টকা

বাঁহ, নৰা

১৫০.০০ টকা

লোহাৰ সাঁজ

২০০.০০ টকা

মৰাপাটৰ বস্তা, পলিথিন বেগ

১৫০.০০ টকা

প্লাষ্টিকৰ খৰাহী বা ট্ৰে

১০০.০০ টকা

বনোৱাৰ খৰচ

১০০.০০ টকা

মুঠ                   ১,৬০০.০০ টকা

 

লেখিকা: ড° মঞ্জু দত্ত দাস, সহযোগী অধ্যাপক, গৱেষণা সঞ্চালকালয়, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate