অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কাজু বাদামৰ গুণ :

কাজু বাদামৰ গুণ :

বহু মানুহৰে কাজু বাদাম প্ৰিয়।কিন্তু এই বাদামৰ মুল্য বেছি হোৱা বাবে মানুহে কমকৈ খায়।কিছুমান খাদ্য প্ৰস্তুত কৰাতহে কাজু ব্যৱহাৰ কৰে।আমাৰ শৰীৰৰ স্বাভাৱিক কাম-কাজৰ কাৰণে এই কাজু বাদামৰ যথেষ্ট উপকাৰিতা আছে।কাজুত প্ৰয়োজনীয় এণ্টি-অক্সিডেণ্ট গুণ থকাৰ লগতে ভিটামিন আৰু মিনাৰেলো আছে।কাজু বাদাম ব্ৰাজিলৰ পৰা পৰ্তুগীজসকলে আনি সমগ্ৰ বিশ্বতে চিনাকি কৰি দিছিল।ভাৰতলৈ কাজু বাদাম আনে ১৬ শতিকাত।কাজু বাদাম দেখিবলৈ বীনৰ গুটিবোৰৰ দৰে।

কাজুৰ যথেষ্ট গুণ আছে -

*সাধাৰণতে মহিলাসকলৰ মেন’পজৰ পাছত টোপনিৰ ব্যাঘাত জন্মে।এই সময়ত হৰম’নৰ পৰিৱৰ্তনৰ বাবে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।অযথা মানসিক চাপ হয়।এই ক্ষেত্ৰত নিয়মীয়াকৈ কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

*কাজুত যথেষ্ট পৰিমাণৰ কপাৰ থকাৰ বাবে চুলিৰ বাবেও আৱশ্যকীয়।এই কপাৰে চুলি পকাত বাধা দিয়ে।ইয়াৰ বাহিৰেও কাজুত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ বাবে উপযোগী।

*কাজু বাদামে ওজন কম কৰাত সহায় কৰে।কাজুত ভাল কলেষ্টেৰল আছে।সপ্তাহত দিনে দুবাৰকৈ কাজু বাদাম খালে ওজন কম কৰাত সহায় কৰে।কাজুত চেলেনিয়াম,কপাৰ,মেগনেছিয়াম  ইত্যাদি বহু এনজাইম থাকে।আনকি কাজুৱে আহাৰ হজম কৰাতো সহায় কৰে।যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থকা বাবে কাজু দাঁত আৰু দাঁতৰ আলুৰ বাবেও উপকাৰী।খাবলৈ সোৱাদ লগা এই কাজু ভিটামিন আৰু মিনাৰেলৰ অফুৰন্ত ভাণ্ডাৰ।

*কাজুৱে হৃৎপিণ্ড সুস্থ ৰাখে।কাজু বাদামত ভাল চৰ্বি থাকে,যিটোৱে বেয়া কলেষ্টেৰল এলভিএলৰ মাত্ৰা কম কৰাত সহায় কৰে।বহুতেই কাজু খালে শকত হয় বুলি ভয় কৰে।

সুস্থ দেহৰ কাৰণে খাদ্যৰ সকলো ধৰণৰ পুষ্টি উপাদান থকা আহাৰৰ আমাৰ শৰীৰত প্ৰয়োজন হয়।এই ক্ষেত্ৰত সহজে নাম ল’ব পাৰি কাজু বাদামৰ।কাজুত থকা এলিই এচিড হাৰ্টৰ বাবে বহু উপকাৰী।ইয়াৰ বাহিৰেও কাজুত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে।ফলত মাংসপেশী আৰু স্নায়ুৰ সঠিক কামৰ বাবে আৱশ্যকীয় খাদ্য।আমাৰ শৰীৰত দৈনিক ৩০০ ৰ পৰা ৭৫০ গ্ৰাম মেগনেছিয়ামৰ প্ৰয়োজন হয়।যিয়ে হাড়ৰ কাৰণে কেলচিয়াম শোষণত সহায় কৰে।

*কাজুৱে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।এইবিধ বাদামত ছডিয়াম কম থাকে।ইয়াৰ বিপৰীতে পটেছিয়াম বেছি থাকে।যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয়।

*কেন্সাৰ ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰাতো কাজু বাদামে সহায় কৰে।কাজুত চেলেনিয়াম,ভিটামিন –ই থাকে।যাৰ ফলত কেন্সাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰে।কাজুত বহু পৰিমাণে জিংক থকা বাবে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে শৰীৰক প্ৰতিৰক্ষা দিয়াত সহায় কৰে।

*কাজুত উচ্চ মাত্ৰাত কপাৰ থাকে বাবে বহু পৰিমাণে এনজাইম শৰীৰে লাভ কৰে।বিশেষকৈ হৰম’নৰ উৎপাদনৰ লগতে মস্তিষ্কৰ কামত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।লগতে লোহিত ৰক্ত কণিকাৰ উপাদান গঠনতো সহায় কৰে বাবে ৰক্তাল্পতা ৰোগ প্ৰতিৰোধ কৰে।

যিহেতু কাজুত উচ্চ মাত্ৰাত কেলৰি থাকে সেয়ে ৫/১০ টা কাজু বাদাম খালেই যথেষ্ট।অৱশ্যে বহুত মানুহৰ কাজু খালে এলাৰ্জী হয়।কেতিয়াবা কাজুৰ পৰা মাইগ্ৰেন সমস্যাও হোৱা দেখা যায়।তেওঁলোকৰ বাহিৰে সকলো মানুহহেই কাজু খোৱা উচিত।

উৎস: জি এনআৰচি স্বাস্থ্য

 

 

শেহতীয়া উন্নীতকৰণ: : 7/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate